পৰেশ বৰুৱা নেতৃত্বাধীন আলফা (স্বাধীন) ৰ পৰা লাভ কৰা ভাবুকিৰ পিছতে আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে। বিদ্ৰোহী সংগঠনটোৰ ভাবুকি প্ৰসঙ্গত সিঙে কোনো ধৰণৰ নতুনত্ব নাই বুলি মন্তব্য কৰে।
আৰক্ষী সঞ্চালক প্রধানগৰাকীয়ে লগতে তেওঁৰ দীৰ্ঘদিনীয়া আৰক্ষী জীৱনত বিভিন্ন সন্ত্ৰাসবাদী সংগঠনৰ পৰা এনে ভাবুকি লাভ কৰিছে বুলি উল্লেখ কৰে।
“এয়া কোনো নতুন কথা নহয়। আলফা (স্বাধীন)- এই একমাত্ৰ সংগঠন নহয়। কেৰিয়াৰত বিভিন্ন সন্ত্ৰাসবাদী সংগঠনৰ পৰা এনে ভাবুকি পাইছিলো।”- জি পি সিঙে কয়।
তেওঁ লগতে কয়, “আমি আমাৰ কাম কৰিবলৈ দৰমহা পাওঁ আৰু এনে ভাবুকিক গুৰুত্ব দিয়াৰ কোনো প্ৰয়োজনীয়তা মই দেখা নাই।”
উল্লেখ্য যে, আলফা (স্বাধীন)- এ শেহতীয়াকৈ জি পি সিঙক মুকলি ভাবুকি পত্ৰ জাৰি কৰি ৰাজ্যত ভুৱা এনকাউণ্টাৰ বন্ধ কৰিবলৈ সকিয়নী দিছিল। লগতে সিঙক অসম এৰিবলৈও ভাবুকি দিছিল বিদ্ৰোহী সংগঠনটোৱে।
ভাৰতীয় সেনা আৰু অসম আৰক্ষীৰ জোৱানে নিষিদ্ধ সংগঠনটোৰ সৈতে সন্দেহজনক সম্পৰ্কৰ অভিযোগত ডিব্ৰুগড় জিলাত এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰাৰ পিছতে এই ভাবুকি পত্ৰ জাৰি কৰিছে আলফা (স্বাধীন)- এ।
এক বিবৃতি যোগে সংগঠনটোৱে ধৃত মহিলাগৰাকীৰ আলফা (স্বাধীন)-ৰ সৈতে কোনো সম্পৰ্ক নাই বুলি উল্লেখ কৰি সংগঠনৰ নাম মিছাকৈ ব্যৱহাৰ কৰি অসমৰ মানুহক হাৰাশাস্তি কৰা বন্ধ কৰিবলৈ দাবী জনাইছিল।
আলফা (স্বাধীন)-এ লগতে ধন দাবীৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা শিৱসাগৰ জিলাৰ হেম চেতিয়া নামৰ ব্যক্তিগৰাকীৰো সংগঠনটোৰ সৈতে কোনো সম্পৰ্ক নাই বুলি দাবী কৰিছিল।





