জগনমোহন ৰেড্ডী আধুনিক যুগৰ ‘পাবলো এস্কোবাৰ’! চন্দ্ৰবাবু নাইডুৰ মন্তব্যত তোলপাৰ অন্ধ্ৰ

অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৱাই এছ আৰ চি পিৰ মুৰব্বী জগনমোহন ৰেড্ডীয়ে চন্দ্ৰবাবু নাইডুৰ দলটোৰ বিৰুদ্ধে হিংসাত্মক কাৰ্যৰ অভিযোগ উত্থাপন কৰিছে। এই বিষয়ত দিল্লীৰ যন্তৰমন্তৰৰ সন্মুখতো ধৰ্ণাত বহিছিল। ইণ্ডি এলায়েন্সৰ সদস্যসকলকো জগনৰ ধৰ্ণা মঞ্চত দেখা গ’ল। ইয়াৰ পাছতে মুখ্যমন্ত্রী চন্দ্রবাবু নাইডুৱে জগন সন্দর্ভত এটা ডাঙৰ মন্তব্য কৰে৷ বৃহস্পতিবাৰে ৰাজ্যিক বিধানসভাত ভাষণ দি তেওঁ কয় যে জগনমোহন হৈছে আধুনিক যুগৰ ‘পাবলো এস্কোবাৰ’।

জগনমোহনে দাবী কৰে যে চন্দ্ৰবাবু নাইডুৰ নিৰ্দেশত তেওঁৰ দলৰ কৰ্মীয়ে ৱাই এছ আৰ কংগ্ৰেছ কৰ্মীক আক্ৰমণ কৰিছিল। ৰাজ্যত সংঘটিত হিংসাত্মক ঘটনাৰ পোনপটীয়া আঁৰত চন্দ্ৰবাবু। কিন্তু তেওঁ এই অভিযোগ সম্পূৰ্ণৰূপে নাকচ কৰি জগনমোহনক প্ৰত্যুত্তৰ দিয়ে। চন্দ্ৰবাবুয়ে তেওঁক কলম্বিয়াৰ ড্ৰাগছ মাফিয়া পাবলো এস্কোবাৰৰ সৈতে তুলনা কৰিছিল।

ৰাজ্যৰ বিধানসভাত ভাষণ দি চন্দ্ৰবাবুৱে কয় যে কলম্বিয়াত পাবলো এস্কোবাৰৰ ড্ৰাগছ মাফিয়া আছিল। তেওঁ ৰাজনীতিত আহিছিল নিজৰ ব্যৱসায় বৃদ্ধিৰ বাবে। এটা সময়ত তেওঁ পৃথিৱীৰ আটাইতকৈ ধনী ড্ৰাগছ ব্যৱসায়ী হৈ পৰিছিল। কিন্তু মই কিয় এই কথা কৈছোঁ? কাৰণ ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়েও অলপ তেনেকুৱা হ’ব বিচাৰিছিল। টাটা, আম্বানীযৰ ৰিলায়েন্সতকৈ বেছি টকাৰ মালিক হ’ব বিচাৰিছিল।নিজৰ স্বাৰ্থত অপৰাধ সংঘটিত কৰা লোকৰ বাবেই এনে ঘটনা সংঘটিত হয়।

তেলেগু দেশম পাৰ্টিৰ স্পষ্ট দাবী যে জগনমোহন চৰকাৰৰ অধীনত যোৱা পাঁচ বছৰত অন্ধ্ৰপ্ৰদেশ দেশৰ ‘ড্ৰাগছ কেপিটেল’ হৈ পৰিছে। খোদ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে কেইবাটাও গোচৰ। আনকি হত্যাৰ চেষ্টাৰ গোচৰটোও নুই কৰা নহ’ল। গতিকে তেওঁৰ পৰা হিংসা বিৰোধী মন্তব্য শুনাৰ প্ৰয়োজন নাই।