• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২০২১ৰ নিৰ্বাচনৰ পূৰ্বে জাগুন কথাচমা অসম ঘাটত দলং দিয়ক, নহ’লে ভোট বিচাৰি নাহিব

দলং নিৰ্মাণৰ দাবীত গঞাৰ প্ৰতিবাদ

NE NOW NEWS মানস প্ৰতিম গগৈ
মাৰ্ঘেৰিটা , August 29, 2020 8:09 pm

2 min read

jagun
248
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত জাগুন ঘাটত এখন দলং নিৰ্মাণ কৰাৰ দাবীৰে কথাচেমা গাঁ‌ৱৰ শতাধিক ৰাইজে ওলাই আহি আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰী সকলৰ দাবী যে, আগন্তুক ২০২১ ৰ বিধানসভা সাধাৰণ নিৰ্বাচনৰ আগে আগে দলং নিৰ্মাণৰ বাবে অন্ততঃ আধাৰশিলা হলেও স্থাপন কৰিব লাগে।

উল্লেখ্য যে, তিনিচুকীয়া জিলাৰ ১২৪ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত লেখাপানী থানাৰ অধীনৰ জাগুনৰ অসমঘাটৰ বুঢ়ীদিহিং নৈৰ ওপৰত এখন দলং নিৰ্মাণ কৰি দুটাকৈ ৱাৰ্ড থকা অঞ্চলটোৰ সৈতে আন ঠাইৰ যাতায়াত সুচল কৰি দিয়াৰ দাবী উত্থাপন কৰি আহিছে।

স্বাধীনতাৰ ৭৪ বছৰে অসমৰ সীমামূৰীয়া অঞ্চলটো অৱহেলিত হৈ আহিছে।

উক্ত অঞ্চলত সুদীৰ্ঘ দিনে স্থাপন নহল এখন দলং, ইপিনে অঞ্চলটোত নাই বিশুদ্ধ খোৱা পানীৰ সু-ব্যৱস্থা নাইবা চিকিৎসালয়।

উক্ত অঞ্চলত কোনো লোকৰ বেমাৰ-আজাৰ হলে নাৱৰীয়া নাথাকিলে ৰোগীক চিকিৎসালয়লৈ নিব নোৱাৰে।

ফলত বহু সময়ত ৰোগী মৃত্যুমুখত পৰিব লগা হোৱা শোকাবহ ঘটনাও সংঘটিত হৈ আহিছে।

অঞ্চলবাসীয়ে কংগ্ৰেছ চৰকাৰৰ দিনতে উক্ত ঘাটত এখন “ফুটব্ৰীজ” হলেও স্থাপন কৰাৰ দাবী উত্থাপন কৰিছিল যদিও সেয়া সেই সময়ৰ বিধায়ক তথা কংগ্ৰেছী মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈৰ হেমাহি তথা অমনোযোগিতাৰ বাবে হৈ নুঠিল বুলি প্ৰতিবাদকাৰী সকলে ক্ষোভেৰে ব্যক্ত কৰে।

অসমৰ ৰাইজে কংগ্ৰেছৰ দিনত সংঘটিত হোৱা দুৰ্নীতি, অপশাসন, ভ্ৰষ্টাচাৰ বিৰুদ্ধে প্ৰতিবাদ জনাইয়েই  বিজেপিৰ পৰিৱৰ্তনকামী চৰকাৰক শাসনৰ গাদীত অধিষ্ঠিত কৰিছিল যদিও শাসন ভাৰ সম্পূৰ্ণ কৰিবলৈ আৰু কেইটামান মাহ আছে যদিও আজিলৈকে অঞ্চলটোত ৰাইজে দলং নিৰ্মাণ দূৰৰ কথা আধাৰশিলাও স্থাপন নকৰিলে।

গাওঁখনৰ উন্নয়নৰ  প্ৰতি মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই কোনো ধৰণৰ আগ্ৰহেই নেদেখুৱালে বুলি অভিযোগ কৰিছে অঞ্চলটোৰ গঞাই।

আগন্তক নিৰ্বাচনৰ পূৰ্বে যদি দলং নিদিয়ে ভোট বিচাৰি নাহিব, দলং আমাক লাগিবই আদি শ্ল’গানেৰে আজি পৰিবেশ উত্তাল কৰি তোলে  প্ৰতিবাদকাৰী সকলে।

জাগুণৰ কথাছেমা গাঁৱৰ ৰাইজে মাৰবান্ধি ওলাই আহি দলং নিৰ্মাণৰ দাবীত জাগুনঘাটত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আগন্তুক বিধানসভা নিৰ্বাচনৰ আগতে এই অঞ্চলটো চৰকাৰৰ  দৃষ্টি গোচৰ নহ’লে  ভোট বৰ্জন কৰাৰো হুংকাৰ প্ৰদান কৰে।

Recent News

WhatsApp Image 2021-01-16 at 5.08.15 PM

বেটে-বলে উজলিল ৰিয়ান পৰাগ; মুস্তাক আলী ট্ৰফীত বংগক হৰুৱালে অসমে

index.jpga

বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা কাজিৰঙাৰ এনিমেল কৰিড’ৰৰ আৱৰ্জনা পৰিষ্কাৰ

images

গাঁওখনৰ প্ৰায় কোনোৱে কাণেৰে নুশুনে, ইংগিতেৰে কথা কয়! চাওক ক’ত আছে এইখন গাঁও

Farhan Majid

মাত্ৰ ২০ বছৰ বয়সতে সন্ত্ৰাসজৰ্জৰিত কাশ্মীৰী যুৱকৰ কণিষ্ঠতম পাইলট হোৱাৰ যোগত্য লাভ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd