মাৰ্ঘেৰিটা মহকুমাৰ জাগুনত ব্যাপক হাৰত বৃদ্ধি পাবলৈ ধৰিছে নিষিদ্ধ ড্ৰাগছ কানীৰ ৰমৰমীয়া বেহা।
দেওবাৰে জাগুন আৰক্ষী চকীৰ অন্তৰ্গত লাকলা, ৯ মাইল, জাগুন গাঁও, দিহিংঘাট আদি অঞ্চলত জাগুন আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছসহ ৫ জন লোকক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।
গ্ৰেপ্তাৰ কৰা লোককেইজন হৈছে ক্ৰমে প্ৰতীক হালৈ, দুলু বৰুৱা, তুচি জানকো, লাংকাম চাংৱাল, কেম লাংচিং।
ইয়াৰে প্ৰতীক হালৈ আৰু দুলু বৰুৱা নামৰ ধৃত দুইগৰাকী ব্যক্তি পূৰ্বেও ড্ৰাগছৰ ব্যৱসায়ী লগত জড়িত থকাৰ অভিযোগত কেইবাবাৰো ৰঙাঘৰৰ আলহী হ’ব লগা হৈছিল।
আজি আৰক্ষীয়ে এই ধৃত ৫জন ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি জে’ললৈ প্ৰেৰণ কৰে।
অন্যহাতে অবৈধ ড্ৰাগছ ব্যৱসায়ী ৰাজা পেগু আৰু তেওঁৰ পত্নীয়ে আৰক্ষীৰ অভিযানৰ সময়ত আৰক্ষীৰ চকুত ধূলি দি পলাই যাবলৈ সক্ষম হয়।
অঞ্চলটোত বহু ড্ৰাগছ ঘাটি আছে যদিও আৰক্ষী অহাৰ উমান পায়েই সাৰি গৈছে এতিয়া ড্ৰাগছ বেপাৰী।
নিতৌ জাগুনৰ ড্ৰাগছ পোৱা বিভিন্ন ঘাটিত ভিৰ কৰে বহু অচিনাক্ত যুৱকে। ৫ জন সাধাৰণ ব্যৱসায়ীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে যদিও আচল ৰৌ বৰালি কেতিয়া ধৰিবলৈ জাগুন আৰক্ষীয়ে কেতিয়া সক্ষম হ’ব সেয়াহে লক্ষণীয় হ’ব।
উল্লেখ্য যে অসম অৰুণাচল সীমামূৰীয়া অঞ্চল হোৱাৰ বাবে সহজেই অঞ্চলটোত ড্ৰাগছৰ সৰবৰাহ কৰি অহাত সহজ হৈছে ড্ৰাগছ মাফিয়াৰ।
লেখাপানী আৰু জাগুন আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছ আৰু কানীৰ বিৰুদ্ধে বৰ্তমানও অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।