• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হনুমান জয়ন্তীৰ হিংসা: এইবাৰ তদন্তকাৰী আৰক্ষীৰ দলক আক্ৰমণ অভিযুক্তৰ পৰিয়ালৰ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
April 18, 2022 5:50 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শান্ত হোৱা নাই নতুন দিল্লী।

হনুমান জয়ন্ত্ৰীৰ সময়ত উলিওৱা এক শোভাযাত্ৰাত এটা সম্প্ৰদায়ৰ প্ৰতিক্ৰিয়াশীল একাংশ লোকে আক্ৰমণ চলোৱাৰ পিছৰে পৰাই ৰাজধানী চহৰ খনত বিৰাজ কৰি আছে চেপা উত্তেজনা। 

Apply Now

নতুন দিল্লীৰ জাহাংগীৰপুৰীত ঘটা আক্ৰমণৰ ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীয়ে এতিয়ালৈকে ২১ জন লোকক গ্ৰেপ্তাৰ কৰিছে।

গ্ৰেপ্তাৰ কৰা লোকসকলৰ ভিতৰত দুটি কিশোৰো আছে।

জাহাংগীৰপুৰীত সমদলকাৰীক লক্ষ্য কৰি গুলীচালনা কৰা অভিযুক্ত জনৰ ঘৰলৈ আজি তদন্তৰ বাবে যোৱাৰ সময়তে অভিযুক্তৰ পৰিয়ালে আৰক্ষীৰ ওপৰত আক্ৰমণ চলায়।

অভিযুক্তৰ পৰিয়ালে দিল্লী আৰক্ষীৰ ওপৰত শিলাবৰ্ষণ কৰা বুলি দিল্লী আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। সূত্ৰটোৱে প্ৰকাশ কৰা মতে হনুমান জয়ন্তীৰ শোভাযাত্ৰাৰ সময়ত দিল্লীত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষ সন্দৰ্ভত আজি দিল্লী আৰক্ষীৰ এটা তদন্তকাৰী দলে ঘটনাটোৰ এজন অভিযুক্তৰ ঘৰলৈ গৈছিল। কিন্তু তদন্তত সহযোগ কৰাৰ পৰিৱৰ্তে অভিযুক্তৰ পৰিয়ালে আৰক্ষীক শিলাবৰ্ষণ কৰি আক্ৰমণহে কৰে।

উক্ত অভিযুক্ত লোক জনে সংঘৰ্ষৰ সময়ত গুলীচালনা কৰাৰ কথা পোহৰলৈ আহিছে।

জাহাংগীৰপুৰীত সংঘৰ্ষৰ সময়ত নীলা চাৰ্ট পিন্ধা এজন ব্যক্তিয়ে গুলীচালনা কৰাৰ দৃশ্য কেমেৰাত বন্দী হৈছিল।

এই সন্দৰ্ভত আৰক্ষী উপ-আয়ুক্ত (উত্তৰ-পশ্চিম) উষা ৰংনানীয়ে কয় যে দিল্লী আৰক্ষীৰ এটা দলে চিডি পাৰ্ক ৰোডত থকা সন্দেহজনক ব্যক্তিজনৰ ঘৰলৈ গৈ তেওঁৰ পৰিয়ালৰ সদস্যসকলক সোধা-পোছা কৰিবলৈ গৈছিল। তেওঁৰ পৰিয়ালৰ সদস্যসকলে আৰক্ষীৰ দলটোলৈ ওলোটাই শিল নিক্ষেপ কৰে। এই আক্ৰমণৰ ঘটনা সন্দৰ্ভত আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও তেওঁ কয়। অভিযুক্তৰ পৰিয়ালৰ এজন লোকক আৰক্ষীয়ে আটক কৰিছে। দিল্লী আৰক্ষীয়ে এতিয়ালৈকে সাম্প্ৰদায়িক সংঘৰ্ষৰ সৈতে জৰিত থকা মুঠ ২১ জন লোকক গ্ৰেপ্তাৰ কৰিছে।

হনুমান জয়ন্তীৰ দিনা উত্তৰাখণ্ড, কৰ্ণাটক আৰু অন্ধ্ৰপ্ৰদেশকে ধৰি আন কেইবাখনো ৰাজ্যত সাম্প্ৰদায়িক হিংসাৰ সূত্ৰপাত ঘটিছিল।

হনুমান জয়ন্তীৰ শোভাযাত্ৰাক কেন্দ্ৰ কৰি দেশৰ ৰাজধানী দিল্লী উত্তপ্ত হৈ পৰিছিল।

শনিবাৰে দুটা গোষ্ঠীৰ মাজত ঘটনা সংঘৰ্ষ, শিলাবৰ্ষণৰ ফলত ছয়গৰাকী আৰক্ষীকে ধৰি ৯ জন লোক আহত হয়।দিল্লীৰ জাহাংগীৰপুৰী অঞ্চলত এই ঘটনাটো ঘটে। শনিবাৰে সেই অঞ্চলেৰে এটা শোভাযাত্ৰা উলিওৱা হৈছিল।

হঠাতে কেইজনমান দুস্কৃতিকাৰীয়ে শোভাযাত্ৰাৰ ওপৰত শিলগুটি দলিয়ায়।তাৰপিছতে পৰিস্থিতি উত্তপ্ত হৈ পৰে। বাহনত অগ্নিসংযোগ কৰা হয়। কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়লৈকো খবৰ প্ৰেৰণ কৰা হয়।

তাৎক্ষণিকভাৱে দিল্লী আৰক্ষীক ঘটনাস্থলীত উপস্থিত হোৱাৰ নিৰ্দেশ দিয়া হয়। আৰক্ষী উপস্থিত হৈয়েই পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। দিল্লী আৰক্ষীৰ উপ পৰিদৰ্শক মেধলাল মীনাৰ হাতত গুলী লাগিছিল।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd