অঘটন! ‘ভাৰত জোড়ো যাত্ৰা’ত ৰাহুল গান্ধীৰ লগত খোজ কাঢ়ি থাকোঁতে জলন্ধৰৰ কংগ্ৰেছ সাংসদৰ মৃত্যু

পঞ্জাৱৰ কংগ্ৰেছ সাংসদ সন্তোষ সিং চৌধুৰী ‘ভাৰত জোড়ো যাত্ৰা’ত অংশগ্ৰহণ কৰি থকা অৱস্থাত অসুস্থ হৈ মৃত্যুবৰণ কৰে। জানিব পৰা মতে ৰাহুল গান্ধীৰ কাষত খোজ কাঢ়ি থাকোঁতে কংগ্ৰেছ সাংসদজনৰ হৃদস্পন্দন বাঢ়ি গৈছিল। তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। ৰাহুল গান্ধী নিজেও চিকিৎসালয়ত উপস্থিত হৈছিল। কিন্তু তেওঁক বচাব পৰা নগ’ল। তেওঁক যেতিয়া চিকিৎসালয়লৈ লৈ যোৱা হৈছিল, চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। মৃত্যুৰ সময়ত সন্তোষ সিঙৰ বয়স আছিল ৭৬ বছৰ।

পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানে কংগ্ৰেছ সাংসদজনৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। এটা টুইটত তেওঁ লিখিছে,”জলন্ধৰৰ কংগ্ৰেছ সাংসদ সন্তোষ সিং চৌধুৰীৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছো। মই ঈশ্বৰৰ ওচৰত তেওঁৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা জনাইছো।‘’

লগতে পঢ়ক: হঠাতে শ্বুটিং ছেটত অচেতন হৈ পৰিল ৰণবীৰ হুডা! ততাতয়াকৈ নিয়া হ’ল হাস্পাতাললৈ, তাৰপিছত…

বাতৰি অনুসৰি,  আজি ৰাতিপুৱা কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা ফিল্লৌৰৰ মাজেৰে পাৰ হৈ গৈছিল। সেই সময়তে সন্তোষ সিং হঠাতে হৃদৰোগত আক্ৰান্ত হয়। তেওঁক এখন এম্বুলেন্সত ‘ভিৰ্ক’ নামৰ এখন স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তেওঁক বচাব পৰা নগ’ল।

ইপিনে, সন্তোকৰ মৃত্যুৰ পিছত যাত্ৰা বন্ধ কৰি দিয়া হয়। তেওঁ জলন্ধৰৰ কংগ্ৰেছ সাংসদ আছিল। ইয়াৰ পূৰ্বে তেওঁ পঞ্জাৱ চৰকাৰত কেবিনেট মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। পেছাত এজন উকীল সন্তোষ ২০১৪ আৰু ২০১৯ চনত জলন্ধৰ সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল।

লগতে পঢ়ক: এয়াৰলাইনছৰ ভুলৰ বাবে আন দেশলৈ গৈছিল বেগ; চাৰি বছৰ পিছত ঘুৰাই পালে যাত্ৰীয়ে, লগতে ক্ষতিপূৰণ

লক্ষণীয়ভাৱে যোৱা কেইসপ্তাহমানত উত্তৰ ভাৰতত তীব্ৰ ঠাণ্ডা পৰিছে। ফিল্লৌৰৰ সৰ্বনিম্ন তাপমাত্ৰা আজি ৰাতিপুৱা প্ৰায় ৪ ডিগ্ৰী চেলচিয়াছ আছিল। এই ঠাণ্ডাৰ মাজতে কংগ্ৰেছৰ ‘ভাৰত জোড়ো যাত্ৰা’ অব্যাহত আছে। এই যাত্ৰা ৩০ জানুৱাৰীত সমাপ্ত হ’ব। ভাৰত জোড়ো যাত্ৰা তামিলনাডুৰ কন্যাকুমাৰীৰ পৰা ২০২২ৰ ৭ ছেপ্টেম্বৰত আৰম্ভ হৈছিল।