• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্বনাথ চাৰিআলিৰ অমানৱীয় ঘটনা ‘বিৰোধী’ৰ চক্ৰান্ত : বিজেপিৰ কাৰ্য্যালয়ত বহি জামাত-উলেমা-ই-হিন্দৰ ৰাষ্ট্ৰীয় সভাপতি মৌলানা চুহেব কাছামি

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 13, 2019 9:52 pm
Jamat_Ulema Leader

হেঙেৰাবাৰীস্থিত ৰাজ্যিক কাৰ্য্যালয়ত এখন সংবাদমেলত জামাত উলেমা-ই-হিন্দৰ ৰাষ্ট্ৰীয় সভাপতি মৌলানা চুহেব কাছামি।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণৰ কিছুদিন পূৰ্বে বিশ্বনাথ চাৰিআলিৰ চাওকাত আলী নামৰ মুছলমান সম্প্ৰদায়ৰ এজন লোকক গৰু মাংস বিক্ৰী কৰাৰ অপৰাধত কিছু সংখ্যক নিকৃষ্ট মানসিকতাৰ দুষ্টচক্ৰই ‘গাহৰি’ৰ মাংস জোৰ কৰি খুৱাই দিয়া ভিজুৱেল ভাইৰেল হৈ পৰিছিল।

ঘটনাটো ৰাজহুৱা হোৱাৰ পাছতেই সকলোৱে এই ঘটনাক একেমুখে নিন্দা কৰাৰ লগতে দোষীক উপযুক্ত শাস্তিৰ দাবী তুলিছিল।

Apply Now

শাসক-বিৰোধী সকলোৱে এই ঘটনাক একেমুখে নিন্দা কৰাৰ সময়তে জামাত উলেমা-ই-হিন্দৰ ৰাষ্ট্ৰীয় সভাপতি মৌলানা চুহেব কাছামিয়ে এই ঘটনাত ‘বিৰোধীৰ চক্ৰান্ত’ থকাৰ গোন্ধ পালে।

আজি ভাৰতীয় জনতা পাৰ্টীৰ হেঙেৰাবাৰীস্থিত ৰাজ্যিক কাৰ্য্যালয়ত এখন সংবাদমেল দি এই মন্তব্য কৰিছে মুছলমান নেতাজনে। তেওঁ বিজেপিৰ ভোট ভাঙিবলৈকে বিৰোধীয়ে এনে কাম কৰা বুলি অভিযোগ কৰে।

“ৰাজনৈতিক মুনাফা লাভৰ বাবে এই ঘটনা সংঘটিত কৰিছে, সেয়া সকলোৰে সন্মুখত স্পষ্ট হৈ পৰিছে। ভাৰতীয় জনতা পাৰ্টীক বিৰোধিতা কৰাৰ অন্য বিষয় নাই, সেয়েহে এনে কাৰ্য্যৰ আশ্ৰয় লৈছে।” কাছামিয়ে কয়।

ইয়াৰোপৰি, ইছলাম ধৰ্মীয় নেতাজনে অসমত উপস্থিত হৈয়ে কোনো আঁতি-গুৰি নজনাকৈ বিৰোধীলৈ দোষ ঠেলা কথাটোৱে বিশেষ তাৎপৰ্য্য বহন কৰিছে।

এজন সাংবাদিকে উলেমাৰ সভাপতিজনক “আপুনি কংগ্ৰেছ জড়িত থকা বুলি ক’ব বিচাৰে নেকি?” বুলি সোধাত তেওঁ কয় “সমগ্ৰ দেশেই এই কথা জানে। ৭০ বছৰ ধৰি এনেধৰণৰ কামসমূহ কৰি আহিছে, কিন্তু এতিয়া এইবোৰে কাম নিদিয়ে, দেশৰ জনতাই কংগ্ৰেছক বুজি পালে।”

আনহাতে, সংখ্যালঘু লোকসকলে বিজেপি চৰকাৰৰ দিনত অধিক সা-সুবিধা পোৱা বুলি দাবী কৰে কাছামিয়ে।

উলেমাৰ সভাপতিজনে কৰা এই মন্তব্যৰ পাছতে সৰৱ হৈ উঠিছে বিৰোধী দলপতি দেবব্ৰত শইকীয়া।

“মই কেতিয়াও নাভাবো এইটো কংগ্ৰেছে কৰিছে। আমি ইয়াৰ তদন্ত বিচাৰিছো, মানৱ অধিকাৰ আয়োগৰো কাষ চাপিছো। ইমান বছৰে এনে ঘটনা অসমত হোৱা নাছিল।” শইকীয়াই নৰ্থ-ইষ্ট নাওৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়।

বিৰোধী দলপতিগৰাকীয়ে বিশ্বনাথ চাৰিআলিত সংঘটিত এনেধৰণৰ ঘটনা বিজেপি চৰকাৰৰ দিনতে প্ৰথমবাৰ হোৱা বুলি কয়।

তেওঁ কয়, “বিজেপিশাসিত প্ৰদেশসমূহত যোৱা সময়ছোৱাত এনে ঘটনা সংঘটিত হোৱা দেখা গৈছিল। অসমলৈয়ো তেওঁলোকে এনে ধৰণৰ বিসবাষ্প আনিবলৈ যত্ন কৰি আছে। মই এই ঘটনাৰ বাবে শাসক দলকে দোষ দিম।”

উল্লেখযোগ্য যে আজি নতুন দিল্লীতো এখন সংবাদমেল দি বিজেপিৰ মুছলমান নেতা তথা ৰাষ্ট্ৰিয় মুখপাত্ৰ ছাহনাৱাজ হুছেইনে অসমৰ প্ৰসংগ উত্থাপন কৰে। তেওঁ বদৰুদ্দিন আজমলক বাংলাদেশী মুছলমানৰ নেতা আখ্যা দিয়।

Tags: নিৰ্বাচন ২০১৯
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

August 26, 2026 5:45 pm
“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

August 26, 2026 4:29 pm
নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

August 26, 2026 3:32 pm
প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সমীপৰ পৰা উচ্ছেদ হ’ব তিনিটাকৈ বস্তি! ৬ সপ্তাহৰ সময়সীমা দিল্লী উচ্চ ন্যায়ালয়ৰ

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সমীপৰ পৰা উচ্ছেদ হ’ব তিনিটাকৈ বস্তি! ৬ সপ্তাহৰ সময়সীমা দিল্লী উচ্চ ন্যায়ালয়ৰ

August 26, 2026 2:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

August 26, 2026 5:45 pm
“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

August 26, 2026 4:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd