• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“প্ৰব্ৰজিত মুছলমান”প্ৰধান অসমৰ ২৫টা সমষ্টি স্থানীয় জনগোষ্ঠীলৈ সংৰক্ষণৰ পৰামৰ্শ

জনগোষ্ঠীয় সমন্বয় পৰিষদ, অসমে এই পৰামৰ্শ অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ বিষয়ক সমিতিত দাখিল কৰিছে।

শান্তনু শইকীয়া by শান্তনু শইকীয়া
September 21, 2019 8:11 pm
Janagosthiya parishad Asom submits memorandum to high level committee on Assam accord clause 6

শনিবাৰৰ “চোতাল সভা”।

9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জনগোষ্ঠীয় সমন্বয় পৰিষদ, অসমে ৰাজ্যৰ “২৫টা” “প্ৰব্ৰজিত মুছলমান”প্ৰধান বিধান সভা সমষ্টি “স্থানীয় জনগোষ্ঠী”লৈ সংৰক্ষণৰ পোষকতা কৰিছে।

পৰিষদৰ মুখ্য আহ্বায়ক তথা বিজেপি নেতা মমিনুল আৱলে শনিবাৰে জনোৱা মতে, এই পৰামৰ্শ তেওঁলোকে অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ বিষয়ক সমিতিক দাখিল কৰিছে।

Apply Now

“যোৱা ২০ ছেপ্টেম্বৰত অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ বাবে চৰকাৰে গঠন কৰা উচ্চস্তৰীয় সমিতিৰ ওচৰত তিনিটা বিষয় সম্পৰ্কত স্মাৰক পত্ৰ প্ৰদান কৰা হয়,” শনিবাৰে গুৱাহাটীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত পৰিষদৰ “চোতাল সভা’’ শীৰ্ষক এক অনুষ্ঠানত আৱলে জনায়।

“চোতাল সভা”ত এই বিষয়সমূহ সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ কৰা বুলি সদৰী কৰি আৱলে কয় যে সমষ্টি সংৰক্ষণৰ উপৰি তেওঁলোকে আৰু দুটা পৰামৰ্শ আগবঢ়াইছে।

কোনো কাৰণতে পূৰ্ববংগ বা পশ্চিম পাকিস্তানৰ পৰা প্ৰব্ৰজন কৰা মানুহৰ সতি-সন্ততিয়ে সাংবিধানিক সুৰক্ষা কবচ লাভ কৰিব নোৱাৰিব বুলি পৰিষদে পৰামৰ্শ আগবঢ়াইছে।

“৬নং দফা কাৰ্য্যকৰী কৰাৰ ক্ষেত্ৰত চন, তাৰিখ অথবা খিলঞ্জীয়া বা অসমীয়াৰ সংজ্ঞা বিচাৰি অযথা সময় নষ্ট কৰি লাভ নাই,” পৰিষদৰ মত। “প্ৰব্ৰজনৰদ্বাৰা ক্ষতিগ্ৰস্ত জনগোষ্ঠীসমূহকহে সাংবিধানিক সুৰক্ষা কবচ দিব লাগে।”

তাৰোপৰি অসমৰ সৰু-সৰু জনগোষ্ঠীসমূহৰ প্ৰতিনিধিত্বৰ বাবে সংগঠনটোৱে উচ্চ সদন গঠনৰ পোষকতা কৰিছে।

“বিধান সভাত অসমৰ সৰু-সৰু কেতবোৰ জনগোষ্ঠীয়ে প্ৰতিনিধিত্ব কৰাৰ পৰা বঞ্চিত হৈ আহিছে। সেয়েহে হাজং, দেউৰী, চাহ জনগোষ্ঠী, জলহা আদি জনগোষ্ঠীৰ প্ৰতিনিধিত্বৰ বাবে উচ্চ সদনৰ ব্যৱস্থা কৰিব লাগে,” পৰিষদৰ পৰামৰ্শ।

এই দাবীসমূহৰ সমৰ্থনত গুৱাহাটীত ভৱিষ্যতে এখন গণ সমাৱেশ অনুষ্ঠিত কৰাৰ বাবে “চোতাল সভা”ই সিদ্ধান্ত গ্ৰহণ কৰিছে।

এই জনগোষ্ঠীসমূহৰ এন আৰ চিৰ পৰা নাম বাদ পৰা লোকসকলৰ নাম অন্তৰ্ভুক্ত কৰিবৰ বাবে অসম চৰকাৰক পৰিষদে দাবী জনাইছে।

এই সন্দৰ্ভত অসমৰ মুখ্য মন্ত্ৰীৰ লগত অতি সোনকালে এক আলোচনাত বহাৰ বাবেও সংগঠনটোৱে সিদ্ধান্ত গ্ৰহণ কৰিছে।

খবৰ মতে, উচ্চস্তৰীয় সমিতিখনক অসমৰ সৰু-বৰ কেইবাশও দল-সংগঠন আৰু ব্যক্তিয়ে ইতিমধ্যে নিজৰ পৰামৰ্শ আগবঢ়াইছে।

সদৌ অসম বেংগলি হিন্দু এচ’চিয়েচন, বৰাকৰ বহু সংগঠনৰ বৃহৎ মঞ্চ নাগৰিক অধিকাৰ ৰক্ষা সমন্বয় সমিতি আৰু অসম ৰাজ্যিক জমিয়ত উলেমাই সমিতি প্ৰস্তাৱিত অসমৰ “খিলঞ্জীয়া”লৈ সুৰক্ষাৰ বিৰোধিতা কৰিছে।

আঞ্চলিক ৰাজনৈতিক দল অসম সংগ্ৰামী মঞ্চই শুকুৰবাৰে কৈছে যে “খিলঞ্জীয়া” আৰু “অসমীয়া”ক একাকাৰ কৰিলে ৰাজ্যৰ সমস্যা সমাধান নহ’ব বুলি তেওঁলোকে সমিতিক পৰামৰ্শ দাখিল কৰিছে।

সংগ্ৰামী মঞ্চই অসমৰ পূৰ্ণ স্বায়ত্ত শাসন আৰু দ্বি-নাগৰিকত্বৰ দাবীও উত্থাপন কৰিছে।

অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ সন্দৰ্ভত পৰামৰ্শদানৰ বাবে কেন্দ্ৰই যোৱা ১৬ জুলাইত সমিতিখন গঠন কৰিছিল।

যোৱা জানুৱাৰিত গঠন কৰা পূৰ্বৰ সমিতিখনৰ বেছিখিনি সদস্যই সমিতিখনত থাকিবলৈ অনিচ্ছা প্ৰকাশ কৰাত বৰ্তমানৰ সমিতিখন গঠন কৰা হৈছিল।

বৰ্তমানৰ সমিতিখন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাক অধ্যক্ষ আৰু অসমৰ মহাধিবক্তা ৰমেশ বৰপাত্ৰগোহাঞি, অৰুণাচল প্ৰদেশৰ মহাধিবক্তা নিলয় দত্ত, অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া সুভাষ দাস, অসম আৰক্ষী (বিশেষ শাখা)ৰ প্ৰাক্তন সঞ্চালকপ্ৰধান পল্লৱ ভট্টাচাৰ্য্য, অৱসৰপ্ৰাপ্ত অধ্যাপক সৃষ্টিধৰ দত্ত, লেখক সুমন্ত চলিহা, অধ্যাপক জয়কান্ত শৰ্মা, জ্যেষ্ঠ সাংবাদিক ৱছবিৰ হুছেইন আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা, সভাপতি আৰু সম্পাদক ক্ৰমে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য, দীপাংক নাথ আৰু লুৰিণজ্যোতি গগৈক সদস্যৰূপে লৈ গঠিত হৈছে।

গৃহ মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব (উত্তৰ-পূব)ক সমিতিখনত সদস্য সচিবৰূপে নিয়োগ কৰা হৈছে।

শান্তনু শইকীয়া

শান্তনু শইকীয়া

Stay Connected

  • 117k Fans

Recent News

জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

October 5, 2026 2:11 pm
‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

October 5, 2026 1:11 pm
উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

October 5, 2026 11:48 am
পৰকীয়াত আপত্তি কৰাৰ বাবেই স্বামীক পত্নীয়ে হত্যা কৰাৰ অভিযোগ! ৬ মাহৰ পিছত গ্ৰেপ্তাৰ দীপালি

পৰকীয়াত আপত্তি কৰাৰ বাবেই স্বামীক পত্নীয়ে হত্যা কৰাৰ অভিযোগ! ৬ মাহৰ পিছত গ্ৰেপ্তাৰ দীপালি

October 5, 2026 10:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

October 5, 2026 2:11 pm
‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

October 5, 2026 1:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd