ডিমা হাছাওৰ নতুন আৰক্ষী অধীক্ষক হিচাপে জয়ন্ত সিঙৰ দায়িত্ব গ্ৰহণ

IMG_20200520_183745

ডিমা হাছাওৰ নতুন আৰক্ষী অধীক্ষকক হিচাপে আজি দায়িত্ব ললে আইপিএছ জয়ন্ত সিঙে।

ইয়াৰ আগতে তেওঁ গুৱাহাটী আৰক্ষীৰ ডেপুটি কমিছনাৰ অৱ পুলিচ (ক্ৰাইম) হিচাপে কৰ্তব্যৰত আছিল।

আজি দায়িত্ব চমজি লৈ হাফলংত নিজ কাৰ্যালয়ত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত নৱনিযুক্ত আৰক্ষী অধীক্ষক সিঙে কয় ‘ডিমা হাচাও জিলাৰ লগত আমাৰ পুৰণি সম্পৰ্ক আছে। ইয়াৰ আগতে ২০১৭ চনত মই মাইবাঙ মহকুমা আৰক্ষী অধীক্ষক হিচাপে আছিল। দ্বিতীয় বাৰৰ কাৰণে ডিমা হাছাওৰ ৰাইজৰ সেৱা কৰাৰ সুযোগ পাই ভাল লাগিছে।’

বিশেষকৈ জিলাৰ সেউজীয়া পৰিবেশত মুগ্ধ আইপিএছ সিং।

তেওঁ কয় ‘মোক পাহাৰীয়া জিলাৰ  ৰাইজৰ সেৱাৰ কাৰণে আৰক্ষী অধীক্ষকৰ দায়িত্ব দিয়া হৈছে। আইন শৃংখলা ব্যৱস্থা সুকলমে নিয়ন্ত্ৰণৰ  উপৰি কোভিড-১৯ পৰিস্থিতি মোকাবিলা কৰাই হ’ব আমাৰ লক্ষ্য।’

সাংবাদিকসকলৰ  প্ৰশ্নৰ উত্তৰত এছপি সিঙে কয় ‘হয় ডিমা হাছাও জিলাত  অলপতে সংঘটিত হোৱা সন্তোষ হোজাই হত্যাকাণ্ডত কেন্দ্ৰ কৰি আৰক্ষী আৰু ৰাইজৰ মাজত সম্পৰ্কত দূৰত্বৰ সৃষ্টি হৈছে।’

অবশ্যে দূৰত্ব দূৰ কৰাত তেওঁ আগভাগ ল’ব বুলি জানিবলৈ দিয়ে।

লগতে তেওঁ কয় ‘এই ঘটনা অত্যন্ত দুৰ্ভাগ্যজনক। কিন্তু যিহেতু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তত্বাৱধানত ডিআইজি দিলীপ কুমাৰ দেৰ নেতৃত্বত স্পেচিয়েল ইনভেটিগেছন টিম গঠন হৈছে। সেইমতে তদন্ত প্ৰক্ৰিয়া আগ বাঢ়িব।’

উল্লেখনীয় যে বিদায়ী আৰক্ষী অধীক্ষক বীৰ বিক্ৰম গগৈয়ে ২০২০ চনৰ ২৭ জানুৱাৰী তাৰিখে ডিমা হাছাও জিলাৰ আৰক্ষী অধীক্ষক হিচাপে দায়িত্ব লৈছিল। ২৩ অসম পুলিচ (আইআৰ) ব্যাটেলিয়ানৰ কমান্ডেন্ট হিচাপে বদলি কৰা হৈছে।