• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰ্বাচনৰ পূৰ্বে বিহাৰত উত্তেজনা! জন সুৰজ কৰ্মীৰ হত্যাকাণ্ডত গ্ৰেপ্তাৰ জেডিইউৰ প্ৰাৰ্থী অনন্ত সিং

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 2, 2025 9:13 am
23
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ ৰাজনৈতিক হিংসাই জোকাৰি গৈছে বিহাৰৰ পাটনা। বিধানসভা নির্বাচনৰ পূর্বে দলৰ প্রার্থীৰ পক্ষত প্রচাৰ চলাই থকা অৱস্থাত গুলীয়াই হত্যা কৰা হৈছিল জন সুৰজ পাৰ্টিৰ এগৰাকী কর্মীক৷ নিহত লোকজনৰ নাম দুলাৰচান্দ যাদৱ। পাটনাৰ মকামা বিধান সভা সমষ্টিৰ তাল অঞ্চলত সংঘটিত হৈছিল এই ঘটনা।

বিহাৰ আৰক্ষীয়ে হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে মকামাৰ জেডিইউৰ প্ৰাৰ্থী অনন্ত সিঙক। শনিবাৰে মাজ নিশা এক নাটকীয় অভিযানত তেওঁক গ্ৰেপ্তাৰ কৰে।

Apply Now

পাটনাৰ উপ আৰক্ষী অধীক্ষক কাৰ্তিকে শৰ্মাই অনন্ত সিঙৰ গ্ৰেপ্তাৰৰ খবৰ নিশ্চিত কৰিছে। তেওঁ কয়, “এই ঘটনা সংঘটিত হৈছে প্ৰাৰ্থী অনন্ত সিঙৰ উপস্থিতিত। প্ৰমাণ, প্ৰত্যক্ষদৰ্শীৰ বক্তব্য আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত সেই তথ্য পোহৰলৈ আহিছে। সেয়েহে তেওঁক আৰু তেওঁৰ দুই সহযোগীক গ্ৰেপ্তাৰ কৰা হৈছে।”

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, শনিবাৰে মাজ নিশা প্ৰায় ১৫০ জনীয়া আৰক্ষীৰ এটা দলে পাটনাৰ সমীপৰ বৰা অঞ্চলত অনন্ত সিঙৰ বাসগৃহত ব্যাপক অভিযান চলায়। স্বয়ং এছ এছ পি শৰ্মাই ইয়াৰ নেতৃত্ব দিছিল। তাৰ পৰাই অনন্ত সিঙক জিম্মাত লোৱা হয়। লগতে তেওঁৰ দুই ঘনিষ্ঠ মণিকান্ত ঠাকুৰ আৰু ৰঞ্জিত ৰামকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। তিনিওজনকে সোধা-পোছাৰ বাবে পাটনালৈ অনা হৈছে।

এই ঘটনাৰ পিছত নিৰ্বাচন আয়োগেও প্ৰতিবেদন বিচাৰিছে। আয়োগৰ তথ্য অনুসৰি নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ উপৰিও এইটো অতি গুৰুতৰ অপৰাধ।

মন কৰিবলগীয়া যে বৃহস্পতিবাৰে দুলাৰচন্দ যাদৱৰ হত্যাকাণ্ডৰ পিছত জন সুৰজ পাৰ্টিয়ে জেডিইউৰ বিৰুদ্ধে সৰৱ হৈছিল। দলটোৰ প্ৰতিষ্ঠাপক প্ৰশান্ত কিশোৰে এটা টুইটৰ জৰিয়তে পোনপটীয়াকৈ জেডিইউক দোষাৰোপ কৰে। ইয়াৰ পিছতে এফআইআৰ দাখিল কৰা হয়।

জন সুৰজ পাৰ্টিৰ মকামাৰ প্ৰাৰ্থী পীয়ুষ প্ৰিয়দৰ্শীয়ে অনন্ত সিঙৰ গ্ৰেপ্তাৰক ‘বিলম্বিত পদক্ষেপ’ বুলি অভিহিত কৰিছে। সংবাদ সংস্থাক তেওঁ কয়, “আৰক্ষীৰ কাৰ্য্য নিশ্চিতভাৱে সঠিক আছিল, কিন্তু বহু দেৰিকৈ আহিছে। কালিও অনন্ত সিঙে ৫০খন বাহনৰ কনভয়ত প্ৰচাৰ চলাবলৈ ওলাইছিল। তেওঁৰ বিৰুদ্ধে এফআইআৰ দাখিল হোৱাৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰা উচিত আছিল। এতিয়া আমি চাব লাগিব যে তদন্ত কিমান নিৰপেক্ষ হয়।”

৬ নৱেম্বৰত বিহাৰত প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচন।তাৰ আগেয়ে পাটনাত সংঘটিত হোৱা হত্যাকাণ্ডই ৰাজ্যজুৰি তীব্ৰ ৰাজনৈতিক উত্তেজনা বিয়পাইছে।

আৰক্ষীয়ে জনোৱা মতে, বৃহস্পতিবাৰে জন সুৰজ পাৰ্টিৰ প্ৰাৰ্থী পীযুষ প্ৰিয়দৰ্শীৰ সমৰ্থনত মকামাত এক শোভাযাত্ৰাৰ আয়োজন কৰা হৈছিল। একে সময়তে তাত জেডিইও প্ৰচাৰ চলাইছিল। দুয়োটা শোভাযাত্ৰা মুখামুখি হোৱাৰ লগে লগে সংঘৰ্ষ আৰম্ভ হয়। সেই সময়ত গুলীচালনা হৈছিল। গুলীবিদ্ধ হৈ থিতাতে মৃত্যু হয় দুলাৰচান্দ যাদৱৰ।

নিৰ্বাচনৰ ঠিক আগতে সংঘটিত এই হত্যাকাণ্ড এতিয়া বিহাৰৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দু। বিৰোধীয়ে কয় যে নিৰ্বাচনৰ পূৰ্বে জেডিইউৰ পৃষ্ঠপোষকতাত ‘আতংকৰ ৰাজনীতি’ চলি আছে। আনহাতে, এই পৰ্যন্ত শাসকীয় জেডিইউ দলৰ কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া পোৱা হোৱা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

August 16, 2026 4:04 pm
পান মছলাৰ বিজ্ঞাপনৰ বাবে শলঠেকত শ্বাহৰুখ, অজয়, টাইগাৰ; কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ FDA-ৰ

পান মছলাৰ বিজ্ঞাপনৰ বাবে শলঠেকত শ্বাহৰুখ, অজয়, টাইগাৰ; কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ FDA-ৰ

August 16, 2026 3:03 pm
‘হিটমেন’ক লৈ টনা-আজোৰা! ৰোহিতৰ ভৱিষ্যত সন্দৰ্ভত দেৱজিৎ শইকীয়াৰ মন্তব্যত ক্ষুব্ধ নিৰ্বাচকসকল

‘হিটমেন’ক লৈ টনা-আজোৰা! ৰোহিতৰ ভৱিষ্যত সন্দৰ্ভত দেৱজিৎ শইকীয়াৰ মন্তব্যত ক্ষুব্ধ নিৰ্বাচকসকল

August 16, 2026 12:59 pm
ইতিহাস ৰচিলে বাংলাদেশে! অষ্ট্ৰেলিয়াক নিজৰ মাটিতে পৰাস্ত কৰিলে টাইগাৰ বাহিনীয়ে

ইতিহাস ৰচিলে বাংলাদেশে! অষ্ট্ৰেলিয়াক নিজৰ মাটিতে পৰাস্ত কৰিলে টাইগাৰ বাহিনীয়ে

August 16, 2026 11:41 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

August 16, 2026 4:04 pm
পান মছলাৰ বিজ্ঞাপনৰ বাবে শলঠেকত শ্বাহৰুখ, অজয়, টাইগাৰ; কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ FDA-ৰ

পান মছলাৰ বিজ্ঞাপনৰ বাবে শলঠেকত শ্বাহৰুখ, অজয়, টাইগাৰ; কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ FDA-ৰ

August 16, 2026 3:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd