NORTHEAST NOW (Assamese)

সাংবাদিক অৰ্ণৱ গোস্বামীক আক্ৰমণৰ ঘটনাক নিন্দা ‘জাফা’ৰ

April 23, 2020 12:04 pm · কল্পজ্যোতি শইকীয়া
Updated: April 23, 2020 12:09 pm

দেশৰ আগশাৰীৰ টি ভি চেনেলৰ বিশিষ্ট সাংবাদিক, অসম সন্তান অৰ্ণৱ গোস্বামীক আক্ৰমনৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে জাৰ্ণেলিষ্ট ফেডাৰেশ্যন ফৰ আসাম(JFA)এ।

লগতে পঢ়ক :  সাংবাদিক অৰ্ণৱ গোস্বামীক মুম্বাইত আক্ৰমণ; কংগ্ৰেছৰ ওপৰত অভিযোগ

সংগঠন দুটাৰ হৈ প্ৰকাশ কৰা এক প্ৰেছ বিবৃতিত কোৱা হ’য় যে – যি সময়ত মহামাৰী ক’ৰ’না ভাইৰাছ তথা কোভিড -১৯ ৰ সংক্ৰমণ প্ৰতিৰোধৰ উদেশ্যে চিকিৎসক, স্বাস্থ্য কৰ্মী, আৰক্ষীৰ লগতে দেশৰ সকলো সাংবাদিকে নিজৰ দায়িত্ব কৰ্তব্য নিষ্ঠাৰে পালন কৰি চৰকাৰক সহযোগিতাৰ হাত আগবঢ়াই আহিছে সেই সময়তে সদায় দেশৰ স্বাৰ্থক অগ্ৰাধিকাৰ দি অহা তথা যি কোনো বিষয় সাহসেৰে দেশৰ জনগণৰ সন্মুখত ডাঙি ধৰিবলৈ কুণ্ঠাবোধ নকৰা অৰ্ণৱ গোস্বামীৰ দৰে এজন সাংবাদিকক আক্ৰমণ কৰাৰ ঘটনা দেশৰ সাংবাদিক সমাজৰ বাবে চৰম দূৰ্ভাগ্যজনক ।

লগতে পঢ়ক : সাম্প্রদায়িক বিষবাষ্প বিয়পোৱা অর্ণৱ গোস্বামীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ দাবী দেশৰ এগৰাকী সাংবাদিকৰ

উল্লেখ্য যে যোৱা নিশা কৰ্তব্যৰ পৰা ঘৰলৈ  ওভতাৰ পথত মটৰ চাইকেলত অহা কেইজনাম দুষ্কৃতিকাৰীয়ে সাংবাদিক অৰ্ণৱ গোস্বামীক আক্ৰমণ কৰিছিল।

ইতিমধ্যে মুম্বাই আৰক্ষীয়ে আক্ৰমণকাৰী কেইজনক গ্ৰেপ্তাৰ কৰিছে।

লগতে পঢ়ক : অৰ্ণৱ গোস্বামী পাগল হৈছে, ছোনিয়া গান্ধীক কৰা সমালোচনা গৰিহণাযোগ্য : ৰাজস্থানৰ কংগ্ৰেছী মুখ্য মন্ত্ৰী অশোক গেহলট

Related News