‘ক্ষমতা আছে যদি গ্ৰেপ্তাৰ কৰক’: ইডি কাৰ্যালয়ত উপস্থিত নহৈ ওলোটাই হংকাৰ দিলে হেমন্ত চোৰেনে

Jharkhand CM Soren challenges ED ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনক ইডিয়ে খনি কেলেংকাৰী আৰু ধন সৰবৰাহৰ গোচৰত মাতি পঠিয়াইছিল। কিন্তু তেওঁ তদন্তকাৰী সংস্থাৰ কাৰ্যালয়ত উপস্থিত নহৈ কয় যে তেওঁক যেন পোনপটীয়াকৈ গ্ৰেপ্তাৰ কৰা হয়। একে সময়তে চোৰেনে অভিযোগ কৰে যে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহে জনজাতীয় মুখ্যমন্ত্ৰীক হাৰাশাস্তি কৰাৰ ষড়যন্ত্ৰ কৰিছে।

চোৰেনে ইডিৰ সন্মুখত উপস্থিত নহৈ তেওঁৰ দলৰ কৰ্মীসকলক লগ পাইছিল। ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীয়ে আদিবাসী সকলৰ বাবে এটা অনুষ্ঠানত উপস্থিত থকাৰ কথা আছে।

লগতে পঢ়ক: গুলীবিদ্ধ পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান; চিকিৎসাৰ বাবে লাহোৰলৈ নিয়া হৈছে আহত খানক

হেমন্ত চোৰেনে তেওঁৰ বাসগৃহৰ বাহিৰত দলীয় কৰ্মীসকলক সম্বোধন কৰি কয়, “যদি মই দোষী, আপুনি মোক কিয় সুধিছে? যদি আপোনাৰ ক্ষমতা আছে, মোক পোনপটীয়াকৈ গ্ৰেপ্তাৰ কৰক। বিজেপিয়ে গণতান্ত্ৰিকভাৱে নিৰ্বাচিত ঝাৰখণ্ড চৰকাৰক উৎখাত কৰিবলৈ চেষ্টা কৰি আছে। সেইকাৰণে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহ ব্যৱহাৰ কৰা হৈছে। মই ইডি বা চিবিআইক ভয় নকৰোঁ। সাংবিধানিক সংস্থাসমূহৰ অপব্যৱহাৰ কৰি বিৰোধীৰ কণ্ঠস্বৰ দাবী কৰাৰ চেষ্টা কৰা হৈছে।”

হেমন্ত চোৰেনৰ ঝাৰখণ্ড মুক্তি মৰ্চাই (জেএমএম) কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰি ঝাৰখণ্ডত চৰকাৰ গঠন কৰিছিল। হেমন্ত চোৰেনে দাবী কৰে যে তেওঁ জনজাতীয় আৰু সংখ্যালঘুসকলৰ অধিকাৰৰ বাবে যুঁজ দিয়ে। সেইকাৰণে কেন্দ্ৰীয় চৰকাৰে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি আছে।

দলৰ কৰ্মীসকলক উদ্দেশ্যি তেওঁ কয়, “আমাৰ পূৰ্বপুৰুষসকলে কেতিয়াও হাৰ মানিবলৈ শিকোৱা নাই। আমি যুঁজ দিম আৰু আমি জিকিম। আমাৰ চৰকাৰে  সকলো স্তৰৰ লোকৰ বাবে  অত্যন্ত ভাল কাম কৰি আছে। বিৰোধীয়ে ইয়াক সহ্য কৰিব পৰা নাই।”

লগতে পঢ়ক: অপ্ৰতিৰোধ্য কিম! ধাৰাসাৰ মিছাইল নিক্ষেপ উত্তৰ কোৰিয়াৰ; সাধাৰণ লোকক নিৰাপদ আশ্ৰয় ল’বলৈ নিৰ্দেশ দক্ষিণ কোৰিয়া, জাপানৰ

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীগৰাকী খনি কেলেংকাৰীক লৈ কিছু দিনৰ পৰা চাপত আছে। নিৰ্বাচন আয়োগে ইতিমধ্যে তেওঁৰ বিধায়কৰ পদ কাঢ়ি লোৱাৰ পৰামৰ্শ দিছে। অৱশ্যে ঝাৰখণ্ডৰ ৰাজ্যপালে এতিয়াও এই সন্দৰ্ভত সিদ্ধান্ত লোৱা নাই।