NORTHEAST NOW (Assamese)

‘এয়া অসমৰ সংস্কৃতিৰ সম্পূৰ্ণ পৰিপন্থী’: মুকলি আকাশৰ তললৈ আহি ক’লে জিগনেশ মেৱানীয়ে

April 30, 2022 2:57 pm · ৰিনয় বসুমতাৰী, কোকৰাঝাৰ
Updated: April 30, 2022 3:03 pm

অৱশেষত মুকলি আকাশৰ তললৈ ওলাই আহিল গুজৰাটৰ বিধায়ক জিগনেশ মেৱানী। বৰপেটাৰ গোচৰত জামিন লাভ কৰাৰ পিছতেই আজি কোকৰাঝাৰত উপস্থিত হয় জিগনেশ মেৱানী।

কোকৰাঝাৰ জিলা কাৰাগাৰ, জিলা সত্ৰ ন্যায়াধীশ আৰু সদৰ থানাত হাজিৰ হৈ বাকী থকা কিছু আনুষ্ঠানিকতা সম্পূৰ্ণ কৰাৰ পিছতে জিগনেশ মেৱানী জিলা কংগ্ৰেছৰ কাৰ্যালয়ত উপস্থিত হয়।

কোকৰাঝাৰত স্থানীয় কংগ্ৰেছৰ নেতা-কৰ্মীসকলে জিগনেশ মেৱানীক বিপুলভাৱে আদৰণি জনায়।

লগতে পঢ়ক: মিছা গোচৰত গ্ৰেপ্তাৰ জিগনেশ মেৱানীক; অসম আৰক্ষীক কি শিকনি দিলে আদালতে

সংবাদ মাধ্যমৰ আগত জিগনেশ মেৱানীয়ে কয় যে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা পৰিচালিত হোৱা ই এক চক্ৰান্ত। অসম আৰক্ষীয়ে তেওঁলোকৰ ৰাজনৈতিক গুৰুসকলৰ নিৰ্দেশ মানি তেওঁক আটক কৰি আনিছিল বুলি মন্তব্য কৰে।

এটা গোচৰত জামিন পোৱাৰ পিছতে আন এটা গোচৰত অভিযুক্ত কৰাৰ নীচ ষড়যন্ত্ৰক গৰিহণা দি শংকৰদেৱৰ দেশত তেওঁক নাৰী নিৰ্যাতনৰ দৰে ভুৱা গোচৰত গ্ৰেপ্তাৰ কৰা কাৰ্য অসমৰ সংস্কৃতিৰ সম্পূৰ্ণ পৰিপন্থী বুলি মন্তব্য কৰে।

লগতে পঢ়ক: কৃতজ্ঞতাৰ চিনস্বৰূপে উদ্যোগপতি ৰতন টাটাৰ নামত ৭০০ জোপা নিমগছ ৰোপণ কৰিব আহোম সেনাই

অসম চৰকাৰে অলাগতিয়াল কাৰ্যত ব্যস্ত থকাৰ সলনি বিজুলী, নিবনুৱা সমস্যা সমাধানৰ ওপৰত গুৰুত্ব দিয়া ভাল বুলিও তেওঁ মন্তব্য কৰে।

আনহাতে, জিগনেশে অসমৰ সৰ্বস্তৰৰ জনতা, অধিবক্তা, সাংবাদিকসকলক ধন্যবাদ জ্ঞাপন কৰে। 

Related News