১১ বছৰ পূৰ্বে অসমত সংঘটিত হৈছিল JNU সদৃশ ঘটনা, লাঠিৰ প্ৰহাৰত মোৰ হাতৰ হাড় ভাগি তিনি টুকুৰা হৈছিল : নিলোৎপল বৰা

JNU-Story-Nilotpal-Bora

নিলোৎপল বৰা, উৎস-ইণ্টাৰনেট

দেশৰ আগশাৰীৰ শিক্ষানুষ্ঠান জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় ৫ জানুৱাৰীৰ নিশা সংঘটিত হৈছিল ভয়ংকৰ আক্ৰমণৰ ঘটনা।

মুখত মুখা পিন্ধি হাতত লোহাৰ লাঠি, হকী ষ্টিক লৈ অহা দুৰ্বিত্তৰ আক্ৰমণত বিশ্ববিদ্যালয়খনৰ প্ৰায় ৫০ গৰাকী ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক আঘাতপ্ৰাপ্ত হৈছিল।

জে এন য়ুৰ নিলৰ্জ কাণ্ডক লৈ সমগ্ৰ দেশজুৰি প্ৰতিবাদ অব্যাহত থকাৰ সময়তে এই সন্দৰ্ভত মুখ খুলিছে অসমৰ জনপ্ৰিয়  কণ্ঠশিল্পী নিলোৎপল বৰাই।

‘মাজুলী’ শীৰ্ষক গীতেৰে অসমীয়া সংগীত জগতত চিনাকী লাভ কৰা শিল্পী নিলোৎপলে জে এন য়ুৰ ঘটনাক গৰিহণা দিয়াৰ লগতে অসমত তেওঁ পঢ়ি থকা শিক্ষানুষ্ঠানখনতো কংগ্ৰেছ চৰকাৰৰ দিনত জে এন য়ু সদৃশ ঘটনা সংঘটিত হৈছিল বুলি আজি নিজৰ ফেইচবুকত উল্লেখ কৰে।

নিলোৎপলে বুধবাৰে নিজৰ ফেইচবুক পোষ্টত এনেদৰে লিখে-

“২০০৯ চন ৷ মই তেতিয়া চান্দমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিস্হানৰ ছাত্ৰ ৷ সেই সময়ত অসমৰ ৯ খন চৰকাৰী পলিটেকনিক আৰু দুখন ইঞ্জিনিয়াৰিং কলেজ এক ব্যক্তিগত খণ্ডৰ অধীনলৈ নিবৰ বাবে চৰকাৰে এক সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ যাৰ ফলত শিক্ষাৰ মাচুল বহুগুণে বৃদ্ধি পালেহেতেন ৷ আমি তাৰ তীব্ৰ বিৰোধিতা কৰিছিলো,আন্দোলন কৰিছিলো প্ৰায় ১৫ দিন মান একেৰাহে ৷ মই আৰু মোৰ এগৰাকী বান্ধবী প্ৰণীতা আৰু বহুকেইজনে এই আন্দোলনখনৰ প্ৰতিনিধিত্ব কৰিছিলো ৷ অসমৰ সংবাদ মাধ্যমেও সেইসময়ত যথেষ্ট সহায় কৰিছিল ৷ তৰুণ গগৈ ডাঙৰীয়া আছিল অসমৰ মূখ্যমন্ত্ৰী ৷ অৱশেষত পিছে চৰকাৰে আমাৰ দাবী মানি লৈছিল ৷

কিন্তু আমাৰ দাবী মানি লোৱাৰ দুদিন পিছতে মোক মোৰ চৰকাৰী হোষ্টেল “মঘাই ওজা ছাত্ৰাবাস“ৰ কোঠাত মাজৰাতি মুখত কাপোৰ বান্ধি অহা কোনো দুৰ্বৃত্তই হঠাতে প্ৰবেশ কৰি উপৰ্যুপৰি তেওঁলোকে লৈ অহা লাঠি আৰু ৰদেৰে কৰা প্ৰহাৰত মোৰ হাতখনৰ হাড় ভাগি তিনি টুকুৰা হোৱাৰ উপৰিও আন অংশতো আঘাত পাইছিলো ৷ হাতত বহুদিন ধৰি এলুমিনিয়ামৰ প্লেট লগাই থ’ব লগা হৈছিল ৷ মোৰ লগতে মোৰ ওচৰতে থকা দুজন বন্ধুকো প্ৰহাৰ কৰিছিল ৷
আজিলৈকে গম নেপালো তেওঁলোক কোন আছিল ৷

মই আজি ১১ বছৰ পিছত এই কথাখিনি কোৱাৰ কাৰণ এইটোৱেই যে JNU ত ইতিমধ্যে হৈ যোৱা ঘটনাটোৰ দৰে ঘটনা আমাৰ অসমৰ ছাত্ৰ-ছাত্ৰীৰ লগতো যে নহব তেনে নহয় বা চৰকাৰৰ বিপক্ষে মাত মতাৰ বাবে চৰকাৰে লোৱা দমন নীতিবোৰো কোনো নতুন কথা নহয় ৷ কাইলৈ আপোনাৰ লগতো হ’ব পাৰে ৷ ছাত্ৰ ছাত্ৰীৰ ওপৰত হোৱা আক্ৰমণ কোনোপধ্যেই গ্ৰহণযোগ্য নহয় ৷ প্ৰত্যেকেই গৰিহনা দিয়ক এনে দুষ্কৃতিকাৰীক ৷”