ইৰাণৰ সাহায্যত আমেৰিকাৰ ঘাটিত আক্ৰমণ! ৩ সেনাৰ মৃত্যু, কঠোৰ প্ৰত্যুত্তৰৰ সকীয়নি বাইডেনৰ

যুদ্ধৰ আশংকা ঘণীভূত মধ্যপ্ৰাচ্যত, সমগ্ৰ বিশ্বৰ বাবে অশনি সংকেত

আমেৰিকাৰ বিৰুদ্ধে এইবাৰ প্ৰত্যক্ষ সংঘাতত ইৰাণ! দেওবাৰে তিনিজন আমেৰিকান সৈনিকৰ মৃত্যুৰ পিছত এই চৰ্চাই আৰম্ভ হৈছে আন্তৰ্জাতিক মহলত। জৰ্ডানৰ ছিৰিয়াৰ সীমান্তত থকা আমেৰিকাৰ সামৰিক ঘাটিত চলোৱা আক্ৰমণত তিনিজন সেনা নিহত হয়। ইয়াৰ পিছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে প্ৰত্যাক্ৰমণৰ সকীয়নি দিয়ে। তেওঁ স্পষ্ট কৰি কয় যে ইৰাণ সমৰ্থিত আক্ৰমণকাৰীয়ে সঠিক সময়ত উপযুক্ত প্ৰত্যুত্তৰ লাভ কৰিব।

ইৰাণ সমৰ্থিত হুথি উগ্ৰপন্থীয়ে বিগত দুমাহ ধৰি লোহিত সাগৰত আমেৰিকাৰ বণিক জাহাজত আক্ৰমণ চলাই আহিছে। হুথিয়ে প্ৰকাশ কৰা অনুসৰি গাজাত ইজৰাইলী সেনাৰ অভিযানৰ প্ৰতিবাদত ইখনৰ পিছত সিখন বিদেশী মালবাহী জাহাজত আক্ৰমণ চলোৱা হৈছে।

কেইবাখনো দেশৰ সৈতে মিত্ৰতা কৰি য়েমেনৰ হুথিসকলকো আমেৰিকাই আক্ৰমণ কৰিছে। তাৰ পিছতে দেওবাৰে আক্ৰমণত তিনিজন আমেৰিকান সেনাৰ মৃত্যু হয়। আন কেইবাজনো আহত হৈছে।

লগতে পঢ়কঃ ফৰাচী মহিলা সাংবাদিকলৈ জাননী জাৰি কৰিছে ভাৰত চৰকাৰে; ঘটনাটো কি?

গাজাত হামাছ-ইজৰাইলৰ সংঘাত আৰম্ভ হোৱাৰ পিছত এইটোৱেই হৈছে আমেৰিকাৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণৰ ঘটনা। নিজৰ সৈন্যৰ মৃত্যুৰ খবৰ শুনি ক্ষুব্ধ হৈ পৰিছে আমেৰিকা। বাইডেনে এক বিবৃতিত কয় যে আমি ইয়াৰ প্ৰত্যুত্তৰ দিম। ইৰাণ সমৰ্থিত সকলো আক্ৰমণকাৰীৰ বিৰুদ্ধে আমি ব্যৱস্থা গ্ৰহণ কৰিম। আমাৰ ভাষাত, আমাৰ সময়মতে তেওঁলোকে সঠিক উত্তৰ পাব।”

অৱশ্যে কঠোৰ বক্তব্য দিও সকাহ পোৱা নাই বাইডেন। ইয়াৰ পূৰ্বেও আমেৰিকাৰ বৈদেশিক নীতিক লৈ বিৰোধীয়ে তেওঁক তীব্ৰ সমালোচনা কৰিছিল। এইবাৰ তিনিজন সেনাৰ মৃত্যুৱে সেই জুইত ইন্ধন যোগ কৰিলে। ইৰাণ আৰু ইয়াৰ সমৰ্থকসকলৰ বিৰুদ্ধে তাৎক্ষণিক সামৰিক ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে আমেৰিকাৰ বিৰোধী সাংসদসকলে।

লগতে পঢ়কঃ সকলো কাণ্ডৰ মূলতে বাটাৰ চিকেন! আদালত পালেগৈ গোচৰ; কিন্তু কিয়?

যদিহে আমেৰিকাই ইৰাণৰ বিৰুদ্ধে সামৰিক অভিযান আৰম্ভ কৰে, তেন্তে মধ্যপ্ৰাচ্যৰ যুদ্ধ পৰিস্থিতি সমগ্ৰ বিশ্বতে বিয়পি পৰিব বুলি আশংকা প্ৰকাশ কৰিছে সচেতন মহলে।