NORTHEAST NOW (Assamese)

২০-২১ আৰু ২৮ জানুৱাৰিত ড্ৰাই ডে’ ঘোষণা

January 20, 2019 2:22 pm · এন ই নাও নিউজ

কাইলৈ অৰ্থাৎ ২১ জানুৱাৰিত হ’ব লগীয়া মিচিং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন যাতে সুচাৰুৰূপে সম্পন্ন হয় তাৰ প্ৰতি লক্ষ্য ৰাখি যোৰহাট জিলা প্ৰসাসনে আজি অৰ্থাৎ ২০-২১ জানুৱাৰিত ড্ৰাই ডে’ ঘোষণা কৰিছে। লগতে ২৮ জানুৱাৰিতো নিৰ্বাচনৰ ভোট গণনা আৰু ফলাফলৰ ঘোষণাৰ প্ৰতি লক্ষ্য ৰাখি ড্ৰাই ডে’ ঘোষণা কৰিছে।

যোৰহাট জিলাত অহা ২১ জানুৱাৰিত অনুষ্ঠিত হ’বলগীয়া মিচিং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতি জিলা প্রশাসনে ইতিমধ্যে সম্পূৰ্ণ কৰিছে। ড্রাই ডে’ ঘোষণা কৰা সময়ছোৱাত দেশী-বিদেশী সুৰাৰ প্ৰচলন সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ লগতে জিলাখনৰ সুৰাৰ সকলো বিপণী, বাৰ, ক্লাব, ব’ণ্ডেড বেৰহাউছ, দেশীয় সুৰাৰ দোকান-মহল সমূহ বন্ধ থাকিব।

তাৰোপৰি ড্ৰাই ডে’ৰ সময়ছোৱাত অনুজ্ঞাপত্ৰ নথকা চৌহদত কোনো ব্যক্তি বা গোটে সুৰা মজুত ৰাখিব নোৱাৰিব। আৰু নিষেধাজ্ঞা ভংগ কৰিলে অসম আবকাৰী আইন আৰু বিধি অনুযায়ী দণ্ডনীয় হ’ব।

Related News