‘শিশুসকল ভৱিষ্যতৰ নাগৰিক। চলচ্চিত্ৰৰ জৰিয়তেও যাতে শিশুসকলক গঢ়িব পাৰি, তাৰ বাবেই মহোৎসৱৰ আয়োজন কৰা হৈছে।‘ ১৯ জানুৱাৰিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা প্ৰথম গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় শিশু চলচ্চিত্ৰ মহোৎসৱৰ বন্তি প্ৰজ্বলনেৰে শুভ শনিবাৰে উদ্বোধন কৰি এই মন্তব্য কৰে মুখ্য মন্ত্ৰী সোণোৱালে।
জ্যোতি চিত্ৰবনে ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী ফিল্ম আৰু টেলিভিছন ইনষ্টিটিউটৰ সহযোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰথমবাৰৰ বাবে আয়োজন কৰা মহোৎসৱত পৃথিৱীৰ ২৩খন দেশৰ ৫০খন চলচ্চিত্ৰ প্ৰদৰ্শিত হ’ব।
শনিবাৰে উদ্বোধনী চলচ্চিত্ৰ ৰূপে প্ৰদৰ্শিত হয় নীল মাধৱ পাণ্ডাৰ ‘হালকা’। ২১ জানুৱাৰিৰ সন্ধিয়া সামৰণিৰ চলচ্চিত্ৰ ৰূপে প্ৰদৰ্শিত হ’ব উৎপল বৰপূজাৰীৰ ‘ঈশ্বু’।
আজি দৃষ্টিহীনসকলৰ বাবে বিশেষভাৱে প্ৰদৰ্শিত হ’ব সন্তোষ শিৱণৰ ‘হেলো’। দৃষ্টিহীন ছাত্ৰ-ছাত্ৰীসকলে যাতে শব্দৰ জৰিয়তে চলচ্চিত্ৰখন উপভোগ কৰিব পাৰে, তাৰবাবে চলচ্চিত্ৰখনৰ ছাউণ্ড ডিজাইন বিশেষভাৱে কৰা হৈছে।
অনুষ্ঠানত আয়োজকৰ হৈ জ্যোতি চিত্ৰবনৰ অধ্যক্ষ পৱিত্ৰ মাৰ্ঘেৰিটাই কয় যে শদিয়া, ধেমাজি, চৰাইদেউ, শিলচৰ, বঙাইগাঁও আৰু ধুবুৰীত শিশু চলচ্চিত্ৰ মহোৎসৱৰ ক্ষুদ্ৰ সংস্কৰণ আৰম্ভ কৰা হ’ব, যাতে সেই ঠাইবোৰতো শিশু- চেমনীয়াসকলে চলচ্চিত্ৰৰ ৰসাস্বাদন কৰিব পাৰে।