দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়াৰ বিৰুদ্ধে অব্যাহত থকা অভিযানৰ মাজতে দেওবাৰে যোৰহাটত সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ে হাতে-লোটে ধৰা পেলাই এজন আৰক্ষী উপপৰিদৰ্শকক।
খবৰ অনুসৰি বিষয়াগৰাকী যোৰহাট সদৰ থানাৰ উপ-পৰিদৰ্শক প্ৰণৱ নাথ।
বিষয়াসকলে জনোৱা মতে, অপৰাধমূলক গোচৰত সকাহ দিয়াৰ বিনিময়ত অভিযোগকাৰীৰ পৰা ২০ হাজাৰ টকাৰ উৎকোচ গ্ৰহণ কৰাৰ সময়তে হাতে-লোটে ধৰা পৰে।
Today @DIR_VAC_ASSAM trapped red handed Sub Inspector(UB) Pranab Nath of Jorhat Sadar Police Station, District-Jorhat, after he accepted Rs.20,000/- as bribe from the complainant for giving relief in a criminal case @CMOfficeAssam @assampolice @surendrakr_ips pic.twitter.com/Q9RHDjLDRb
— Directorate of Vigilance & Anti-Corruption, Assam (@DIR_VAC_ASSAM) July 30, 2023
দুৰ্নীতি নিবাৰক সঞ্চালকালয়ে টুইটাৰত লিখিছে, “আজি যোৰহাট সদৰ থানাৰ উপ পৰিদৰ্শক(UB) প্ৰণৱ নাথক ২০,০০০/- টকা ঘোচ লৈ অপৰাধীক সকাহ দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয়।”