NORTHEAST NOW (Assamese)

ফিটা কটা অনুষ্ঠানত মোদীৰ ফটোখন বেকাকৈ তুলিব বুলি ভয় কৰিয়েই সোমাবলৈ নিদিয়ে সাংবাদিকক: অখিল

December 24, 2018 5:55 pm · অনিৰ্বাণ পাঠক
Updated: December 24, 2018 6:12 pm
সোমবাৰে গুৱাহাটীত অখিল গগৈৰ সংবাদমেল। ফটো : ইউ বি

২১ বছৰৰ মূৰত নিৰ্মাণ সম্পূৰ্ণ হ’বলগীয়া এখন দলঙত ফ’টোত প’জ দি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাহ বাহ ল’ব বিচৰা বুলি আজি সংবাদ মাধ্যমৰ আগত কটাক্ষ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে।

আজি গুৱাহাটীৰ গান্ধীবস্তিস্থিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত অখিল গগৈয়ে কাইলৈ অৰ্থাৎ ২৫ ডিচেম্বৰত বগীবিল দলঙৰ উদ্বোধনী অনুষ্ঠানত চৰকাৰী মাধ্যমৰ বাহিৰে ব্যক্তিগত মাধ্যমৰ সাংবাদিকৰ প্ৰবেশ নিষিদ্ধ কৰা প্ৰসংগও উত্থাপন কৰে।

অখিল গগৈয়ে কয়, ‘’দেশৰ মানুহ এতিয়া বিজেপি বিৰোধী। গতিকে বিজেপিয়ে সাংবাদিককো বিশ্বাস কৰিব নোৱাৰা হ’ল। কোনো সাংবাদিকে মোদীৰ ফটোখন বেকাকৈ তুলিব বুলি ভয় কৰিয়েই সাংবাদিকক সোমাবলৈ নিদিয়ে। নৰেন্দ্ৰ মোদীয়ে যিখন ফটো বিচাৰিব সেইখনহে সংবাদ মাধ্যমলৈ পঠিয়াব। তাৰ পাছত সংবাদ মাধ্যমে ডাঙৰ ডাঙৰকৈ বাতৰিটো প্ৰকাশ কৰিব লাগিব।‘’

দলং উদ্বোধনীৰ সময়ত ব্যক্তিগত সংবাদমাধ্যমৰ সাংবাদিকক সোমাব নিদিয়ে যদিও মূল বাতৰিতো সেইটোৱে কৰাবলৈ বিজেপিয়ে বাধ্য কৰাব বুলি মন্তব্য কৰি সেয়াই বিজেপিৰ নিয়ম বুলি কয়।

লগতে সাংবাদিকৰ স্বাধীনতা খৰ্ব কৰি দিয়া বুলি কৈ ব্যক্তিগত সংবাদ মাধ্যমৰ মালিকসকলক সুধিলে তেওঁলোক কেনেকুৱা অৱস্থাত আছে সেয়া গম পাব বুলিও অখিল গগৈয়ে কয়।

উল্লেখ্য যে, ‘’নিৰাপত্তাজনিত কাৰণত আৰু এছ পি জিৰ পৰামৰ্শমতে বগীবিল দলঙৰ দক্ষিণ পাৰত হ’বলগীয়া ফিটা কটা অনুষ্ঠানৰ বাবে চৰকাৰী সংবাদ মাধ্যমৰ বাহিৰে অন্য কোনো প্ৰচাৰ মাধ্যমক অনুমতি প্ৰদান কৰা নহয়’’ বুলি কালি এক ৱাটচ এপ মেচেজযোগে ডিব্ৰুগড় জিলাৰ জনসংযোগ বিষয়া গৰাকীয়ে জানিবলৈ দিছিল।

ইয়াৰ উপৰিও অখিল গগৈয়ে বগীবিল দলঙৰ বাবে অসম বা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজ আহ্লাদিত হোৱাৰ কোনো কাৰণ নাই বুলি মন্তব্য কৰে।

‘’আমি বগীবিল দলঙৰ সুবিধা ল’ব পাৰিম যদিও নদী বান্ধৰ সামগ্ৰী নিবলৈ আৰু চীনৰ লগত প্ৰতিৰক্ষা সম্পৰ্কীয় কাৰণতহে বগীবিল দলং নিৰ্মাণ কৰিছে। অসমীয়া বা অৰুণাচলী মানুহৰ কাৰণে বগীবিল দলং নিৰ্মাণ কৰা হোৱা নাই। অৰুণাচল প্ৰদেশৰ পৰা বিদ্যুত লুটি নিবলৈহে এই দলং নিৰ্মাণ কৰিছে’’,-অখিল গগৈয়ে লগতে কয়।

অসমৰ তেল, চাহ, কয়লা আদি লুটি নিয়া কাম এতিয়া শেষ হৈছে বাবে এতিয়া উত্তৰ-পূবৰ সকলোতকৈ ‘দামী সম্পদ’ বিদ্যুতৰ ওপৰত কেন্দ্ৰই চকু ৰাখিছে বুলিও গগৈয়ে মন্তব্য কৰে। লগতে কাইলৈ ২০১৯’ ৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাটক দেখিলে চমকিত হৈ যাব বুলিও তেওঁ সংবাদমেলত মন্তব্য কৰে।

Related News