• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ফিটা কটা অনুষ্ঠানত মোদীৰ ফটোখন বেকাকৈ তুলিব বুলি ভয় কৰিয়েই সোমাবলৈ নিদিয়ে সাংবাদিকক: অখিল

Anirban Pathak অনিৰ্বাণ পাঠক
গুৱাহাটী , December 24, 2018 6:12 pm

2 min read

24-12-18 Guwahati- Akhil Gogoi Press Meet (3)

সোমবাৰে গুৱাহাটীত অখিল গগৈৰ সংবাদমেল। ফটো : ইউ বি

619
VIEWS
Share on FacebookShare on Twitter

২১ বছৰৰ মূৰত নিৰ্মাণ সম্পূৰ্ণ হ’বলগীয়া এখন দলঙত ফ’টোত প’জ দি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাহ বাহ ল’ব বিচৰা বুলি আজি সংবাদ মাধ্যমৰ আগত কটাক্ষ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে।

আজি গুৱাহাটীৰ গান্ধীবস্তিস্থিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত অখিল গগৈয়ে কাইলৈ অৰ্থাৎ ২৫ ডিচেম্বৰত বগীবিল দলঙৰ উদ্বোধনী অনুষ্ঠানত চৰকাৰী মাধ্যমৰ বাহিৰে ব্যক্তিগত মাধ্যমৰ সাংবাদিকৰ প্ৰবেশ নিষিদ্ধ কৰা প্ৰসংগও উত্থাপন কৰে।

অখিল গগৈয়ে কয়, ‘’দেশৰ মানুহ এতিয়া বিজেপি বিৰোধী। গতিকে বিজেপিয়ে সাংবাদিককো বিশ্বাস কৰিব নোৱাৰা হ’ল। কোনো সাংবাদিকে মোদীৰ ফটোখন বেকাকৈ তুলিব বুলি ভয় কৰিয়েই সাংবাদিকক সোমাবলৈ নিদিয়ে। নৰেন্দ্ৰ মোদীয়ে যিখন ফটো বিচাৰিব সেইখনহে সংবাদ মাধ্যমলৈ পঠিয়াব। তাৰ পাছত সংবাদ মাধ্যমে ডাঙৰ ডাঙৰকৈ বাতৰিটো প্ৰকাশ কৰিব লাগিব।‘’

দলং উদ্বোধনীৰ সময়ত ব্যক্তিগত সংবাদমাধ্যমৰ সাংবাদিকক সোমাব নিদিয়ে যদিও মূল বাতৰিতো সেইটোৱে কৰাবলৈ বিজেপিয়ে বাধ্য কৰাব বুলি মন্তব্য কৰি সেয়াই বিজেপিৰ নিয়ম বুলি কয়।

লগতে সাংবাদিকৰ স্বাধীনতা খৰ্ব কৰি দিয়া বুলি কৈ ব্যক্তিগত সংবাদ মাধ্যমৰ মালিকসকলক সুধিলে তেওঁলোক কেনেকুৱা অৱস্থাত আছে সেয়া গম পাব বুলিও অখিল গগৈয়ে কয়।

উল্লেখ্য যে, ‘’নিৰাপত্তাজনিত কাৰণত আৰু এছ পি জিৰ পৰামৰ্শমতে বগীবিল দলঙৰ দক্ষিণ পাৰত হ’বলগীয়া ফিটা কটা অনুষ্ঠানৰ বাবে চৰকাৰী সংবাদ মাধ্যমৰ বাহিৰে অন্য কোনো প্ৰচাৰ মাধ্যমক অনুমতি প্ৰদান কৰা নহয়’’ বুলি কালি এক ৱাটচ এপ মেচেজযোগে ডিব্ৰুগড় জিলাৰ জনসংযোগ বিষয়া গৰাকীয়ে জানিবলৈ দিছিল।

ইয়াৰ উপৰিও অখিল গগৈয়ে বগীবিল দলঙৰ বাবে অসম বা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজ আহ্লাদিত হোৱাৰ কোনো কাৰণ নাই বুলি মন্তব্য কৰে।

‘’আমি বগীবিল দলঙৰ সুবিধা ল’ব পাৰিম যদিও নদী বান্ধৰ সামগ্ৰী নিবলৈ আৰু চীনৰ লগত প্ৰতিৰক্ষা সম্পৰ্কীয় কাৰণতহে বগীবিল দলং নিৰ্মাণ কৰিছে। অসমীয়া বা অৰুণাচলী মানুহৰ কাৰণে বগীবিল দলং নিৰ্মাণ কৰা হোৱা নাই। অৰুণাচল প্ৰদেশৰ পৰা বিদ্যুত লুটি নিবলৈহে এই দলং নিৰ্মাণ কৰিছে’’,-অখিল গগৈয়ে লগতে কয়।

অসমৰ তেল, চাহ, কয়লা আদি লুটি নিয়া কাম এতিয়া শেষ হৈছে বাবে এতিয়া উত্তৰ-পূবৰ সকলোতকৈ ‘দামী সম্পদ’ বিদ্যুতৰ ওপৰত কেন্দ্ৰই চকু ৰাখিছে বুলিও গগৈয়ে মন্তব্য কৰে। লগতে কাইলৈ ২০১৯’ ৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাটক দেখিলে চমকিত হৈ যাব বুলিও তেওঁ সংবাদমেলত মন্তব্য কৰে।

Recent News

দেৰগাঁও সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছ বিধায়িকা আৰতি হাজৰিকা কছাৰীৰ দেহাৱসান

দেৰগাঁও সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছ বিধায়িকা আৰতি হাজৰিকা কছাৰীৰ দেহাৱসান

মিছন ১০০ প্লাছ; পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

মিছন ১০০ প্লাছ; পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd