NORTHEAST NOW (Assamese)

সাংবাদিক ধ্ৰুৱ মহন্তক মুখ্যমন্ত্ৰীৰ প্ৰেছ সচিবৰূপে নিযুক্তি

May 21, 2021 3:46 pm · এন ই নাও নিউজ
Updated: May 21, 2021 3:54 pm

মুখ্যমন্ত্ৰী হিচাবে শপতগ্ৰহণ কৰাৰ পিছতে ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ৰাজ্যৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক ধ্ৰুৱ মহন্তক মুখ্যমন্ত্ৰীৰ প্ৰেছ  সচিব হিচাবে নিযুক্তি দিছে।

প্ৰেছ উপদেষ্টা হিচাবে সাংবাদিক মহন্তই মুখ্যমন্ত্ৰীৰ সংবাদমাধ্যমৰ সৈতে জৰিত বিষয় সমূহ চোৱা-চিতা কৰিব।

একেদৰে নৱজিৎ পাটগিৰিক বিশেষ কৰ্তব্যৰত বিষয়া (যোগাযোগ-জন সম্পৰ্ক-প্ৰটকল) হিচাবে নিযুক্তি প্ৰদান কৰা হৈছে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে।

এই দুয়োগৰাকী বিষয়াৰ লগতে গৌতম প্ৰসাদক মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সহায়ক হিচাবে নিযুক্তি প্ৰদান কৰা হৈছে।

Related News