• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নগাঁৱত সাহিত্যিক, বিশিষ্ট সাংবাদিক মনোজ কুমাৰ গোস্বামীক কলংপাৰ বঁটা প্ৰদান

ৰাজনীতি-অৰ্থনীতি ন্যায়পালিকা সকলোতে সংকট আহিছে— মনোজ কুমাৰ গোস্বামী

মুৰুলী বৰুৱা by মুৰুলী বৰুৱা
January 3, 2021 6:50 pm
IMG_20210103_132936
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁৱৰ পৰা প্ৰকাশিত সাপ্তাহিক কলংপাৰ কাকতৰ উদ্যোগত আজি বিশিষ্ট সাংবাদিক, গল্পকাৰ মনোজ কুমাৰ গোস্বামীক কলংপাৰ বঁটা ২০২০ প্ৰদান কৰা হয়।

নগাঁৱৰ তিলক প্ৰকাশন আৰু নগাঁও মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ পৰিচালনাত নগাঁও মহাবিদ্যালয়ৰ যজ্ঞেশ্বৰ শৰ্মা সোৱৰণী প্ৰেক্ষাগৃহত মনোজ কুমাৰ গোস্বামীক এই বঁটা প্ৰদান কৰা হয়।

Apply Now

মনোজ কুমাৰ গোস্বামীক এই বঁটা প্ৰদান কৰি অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে নিজৰ চমু ভাষণত কয়- ‘এটা সময়ত সাপ্তাহিক কাকতৰ বহু গুৰুত্ব আছিল।’

সেই সময়ত সাপ্তাহিক জনমভূমি, অসম বাণী, তিনিদিনীয়া অগ্ৰদূত, মহা জাতি আদি পঢ়া বুলি ভাষণ প্ৰাসঙ্গত উল্লেখ কৰি তেওঁ লগতে কয় যে সেই সময়ত এই সাপ্তাহিক কাকতসমূহে সেই সময়ৰ সমকালিন সমস্যা সমূহ বিস্তাৰিত ৰূপত প্ৰকাশ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল।

তেওঁ লগতে কয়- আমাৰ গণতন্ত্ৰত স্তম্ভ তিনিটা আছে। সেয়া হ’ল বিধান মণ্ডল, কাৰ্যপালিকা আৰু ন্যায়পালিকা । ভাৰতীয় সংবিধানত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ কথা উল্লেখ নাই। গণতন্ত্ৰৰ এই চতুৰ্থ স্তম্ভটো জনসাধাৰণে সৃষ্টি কৰিছে।

সভাত যশস্বী লেখক – সাংবাদিক মনোজ কুমাৰ গোস্বামীয়ে বিশিষ্ট মুক্তিযোদ্ধা আবু চামা স্মাৰক ‘সাংবাদিকতাৰ সংকট-ৰাজনৈতিক আৰু সামাজিক পটভূমি’ শীৰ্ষক বক্তৃতা প্ৰদান কৰে।

নিজৰ ভাষণত গোস্বামীয়ে কয় — সংকট ক’ত অহা নাই। ৰাজনীতি-অৰ্থনীতি, ন্যায়পালিকা সকলোতে সংকট আহিছে। গতিকে সাংবাদিকতাতো সংকট অহাটো আমি স্বীকাৰ কৰিছোঁ। ৰাজনীতি-অৰ্থনীতিৰ সংকটৰ ক্ষেত্ৰত আমি নতুন চিন্তাৰে আগবাঢ়িব পাৰো, কিন্তু সাংবাদিকতাত সংকট বৰ অদ্ভূত বস্তু।’

ইয়াৰ পিছতে সাংবাদিক গোস্বামীয়ে সাংবাদিকতা এনেকুৱা এটা চক্ৰব্যুহত সোমাই পৰিছে যে এনে সংকটৰ পৰা ওলোৱাটো সহজ নহয় । এতিয়া যিহেতু সাংবাদিকতা বজাৰ নিৰ্ভৰ হৈ পৰিছে  তাৰ পৰা কেতিয়া প্ৰকৃত সাংবাদিকতা ওলাই আহিব পাৰিব বা তাৰ পৰিণাম কি হ’ব মোৰ সন্দেহৰ সৃষ্টি হৈছে।

তেওঁ সাম্প্ৰতিক সময়ত টিভি চেনেলৰ দৰে সংবাদ মাধ্যমৰ খৰচ অতিমাত্ৰা বৃদ্ধি পোৱাৰ প্ৰসংগ উত্থাপন কৰি কয়, সাংবাদিকতা জাকজমকীয়া হোৱাত বজাৰলৈ চাই থাকিবলগীয়া হয় বিজ্ঞাপনৰ আশাত। তাৰ ফলত অনুসন্ধানমুলক সাংবাদিকতা বাদ দি চাঞ্চল্য ধৰ্মী সাংবাদিকতালৈ যাবলগীয়া হয়।

তেওঁ প্ৰসংগক্ৰমে কয়, বিধানসভাৰ আলোচনা-চৰ্চাৰ মানদণ্ড কিমান তললৈ নামি গৈছে। বিধানসভাত চিৎকাৰৰ বাদে আন একো কথা নোলায়। শাসকদলৰ এক বিপদজনক ভূমিকা বিধানসভাত। বিৰোধী প্ৰায় নিৰ্লিপ্ত, অস্তিত্বহীন, ক’বলগীয়া কথাও নকয়।

তেওঁ তাৎপৰ্যপূৰ্ণভাৱে কয় যে এতিয়া মুল সূঁতিৰ সাংবাদিকতাৰ লগত ছ’চিয়েল মিডিয়াৰ প্ৰতিদ্বন্দিতা বা সংঘাত আৰম্ভ হৈছে। অসমৰ সংবাদ মাধ্যমৰ মান এতিয়াও উচ্চ। অৱশ্যে অসমৰ সংবাদ মাধ্যমত জাতীয়তাবাদ আৰু ৰাষ্ট্ৰীয়তাবাদৰ এক অদ্ভূত  মিশ্ৰণ আছে। বিদেশী সমস্যা, বানপানী সমস্যা, উগ্ৰপন্থী সমস্যাত অসমৰ সংবাদ মাধ্যম জপিয়াই পৰিছে, ভাল ক’ভাৰেজো দিছে।

এতিয়া সাংবাদিকৰ গুৰুত্ব মালিক পক্ষ আৰু বিজ্ঞাপনেহে নিৰূপন কৰে বুলি উল্লেখ কৰি তেওঁ আৰু কয় সামাজিক মাধ্যম মূল সুঁতিৰ সাংবাদিকতাৰ ক্ষেত্ৰত বৃহৎ প্ৰত্যাহ্বান হৈ উঠিছে।

ভুৱা বাতৰি ছছিয়েল মিডিয়াৰ ক্ষেত্ৰত ব্যাপক বুলি মন্তব্য কৰি মনোজ গোস্বামীয়ে কয়- এতিয়া যিকোনো মানুহে সাংবাদিক হ’ব পাৰে। সেয়ে সংবাদ মাধ্যমে এক নিৰিক্ষণ বৰ্ড স্থাপন কৰিব লাগে।

সভাত ভাষণ প্ৰদান কৰি‌ নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই কয়- সংবাদ সেৱা মানে কেৱল সাংবাদিকে নহয়, বাতৰি কাকত এখন নি ৰাইজৰ হাতত তুলি দিয়াটো সংবাদ সেৱা।

সভাত সমাজ সংগঠক মুক্তিযোদ্ধা প্ৰয়াত আবু চামাৰ বিষয়ে চমু ভাষণ প্ৰদান কৰি‌ প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাই কয়- নগাঁৱৰ বিভিন্ন অনুষ্ঠানসমূহৰ লগত আবু চামাৰ নিবিৰ সম্পৰ্ক আছিল। তেওঁ নিজৰ বৃত্তিৰ সম্পৰ্কৰ লক্ষ্য আছিল অসমৰ জাতীয় জীৱনত প্ৰভাৱ বিস্তাৰ কৰা। এনেদৰে ইতিহাসত স্থান লাভ কৰা সকলৰ ভিতৰত অন্যতম আছিল আবু চামা।

নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শৰৎ বৰকটকীয়ে আদৰণি ভাষণ দিয়া সভাখনত কাকতখনৰ মুখ্য সম্পাদক ড° আবু হানিফা, শিক্ষাবিদ যুক্তিনাথ খাউণ্ড আদিয়ে অংশগ্ৰহণ কৰে।

কাকতখনৰ পৰিচালন সঞ্চালক বল্লদেৱ শৰ্মাই আঁতধৰা সভাখনত লিখিকা অনিমা শৰ্মা বৰুৱাৰ “পঞ্চসতীৰ দেশত গোৱালীৰ কন্যা” নামৰ গ্ৰন্থখন উন্মোচন কৰা হয়।

মনোজ কুমাৰ গোস্বামীক প্ৰদান কৰা বঁটাত আছে স্মাৰক, চেলেং, ধনৰ চেক, প্ৰশস্তি পত্ৰ গ্ৰন্থ, গামোচা।

মুৰুলী বৰুৱা

মুৰুলী বৰুৱা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd