NORTHEAST NOW (Assamese)

ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত সাংবাদিক নিগ্ৰহ-হত্যাৰ ঘটনাত উদ্বেগ প্ৰকাশ ‘জুৱা’ৰ

November 17, 2020 7:34 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

সোমবাৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে  জাৰ্নেলিষ্টছ্ ইউনিয়ন অব্ আছামে অনুষ্ঠিত কৰা অন লাইন কাৰ্যনিৰ্বাহক সভা(ৱেবিনাৰ)এখনে ক্ৰমবৰ্ধিত ৰূপত দেশজুৰি ঘটা  সাংবাদিক নিগ্ৰহ আৰু হত্যাৰ ঘটনাত গভীৰ উদ্বেগ প্ৰকাশ কৰে।

উক্ত সভাত সদস্যসকলে দেওবাৰে নিশা ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ প্ৰাক্ক্ষণত পলাশবাৰী তিনিআলিত ঘটা সাংবাদিক নিগ্ৰহৰ ঘটনাটোৰ তীব্ৰ নিন্দা কৰে আৰু দোষীক অবিলম্বে গ্ৰেপ্তাৰ কৰি শাস্তি বিহিবলৈ প্ৰশাসনক দাবী জনায়।

উল্লেখ্য যে দীপাৱলী উপলক্ষে অনুষ্ঠিত জুৱাখেলৰ বিষয়ে কাকতত প্ৰকাশ কৰাৰ ‘অপৰাধ’তে সঞ্জয় ঠাকুৰীয়া, বুদু ঠাকুৰীয়া আৰু বিশ্বজিৎ দাস নামৰ ভূ মাফিয়া বুলি কুখ্যাত লোক তিনিজনে সাংবাদিক মিলন মহন্তক বিদ্যুতৰ খুটাত বান্ধি লৈ নিৰ্যাতন চলাইছিল।

বৰিহাট আৰু গুৱাহাটীৰ পৰা প্ৰকাশিত দুখন কাকতৰ বৰিহাট আৰু মিৰ্জাৰ প্ৰতিবেদক মিলন মহন্তক ন্যায় প্ৰদানৰ বাবে জাৰ্নেলিষ্টছ্ ইউনিয়ন অব্ আছামে দাবী জনাইছে।

ইউনিয়নে মত প্ৰকাশ কৰে যে সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক পৰিবেশত হোৱা মৃত্যুৰ ঘটনাৰ পাছত মুকলিভাৱে প্ৰশাসন-চৰকাৰলৈ কেৰেপ নকৰি চলোৱা এনে নিৰ্যাতন-নিগ্ৰহৰ ঘটনাৰ উচিত তদন্ত হ’ব লাগে আৰু কি বিশেষ কাৰকৰ বাবে এনে ঘটনাৰ সংখ্যা বৃদ্ধি পাইছে তাৰো অনুসন্ধান হ’ব লাগে।

সভাই যোৱা ২৫টা বছৰত অসমত ৩২ জনকৈ সাংবাদিকে উগ্ৰপন্থী, প্ৰশাসন,মাফিয়া আৰু দুৰ্বৃত্তৰ হাতত প্ৰাণ হেৰুওৱাৰ ঘটনাৰ কথা উনুকিয়াই এই সমূহ ঘটনাৰ দোষী আজি পৰ্যন্ত ধৰা নপৰাত ক্ষোভ ব্যক্ত কৰে ।

সভাই নিহত সাংবাদিকৰ পৰিয়াললৈ চৰকাৰে  এককালীন সাহায্য আগবঢ়োৱাত সন্তুষ্টি প্ৰকাশ কৰিও দোষীক কৰায়ত্ত কৰা সম্পৰ্কতো ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনায়।

Related News