• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

নিউজক্লিকৰ ওপৰত দেশদ্ৰোহিতাৰ আৰোপ: ৰাজনৈতিক লক্ষ্যভিত্তিক অভিযানক গৰিহণা প্ৰেছ সংগঠনৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 10, 2023 6:52 pm
Newsclick
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিউজ ৱেব পৰ্টেল নিউজক্লিক আৰু পৰ্টেলৰ প্ৰতিষ্ঠাপকসকলৰ বিৰুদ্ধে দেশদ্ৰোহিতাৰ অভিযোগ উত্থাপনৰ পিছতে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে প্ৰেছ ক্লাব অৱ ইণ্ডিয়া, প্ৰেছ এছ’চিয়েশ্যন, দিল্লী ইউনিয়ন অৱ জাৰ্নেলিষ্টছ আৰু ইণ্ডিয়ান ৱ’মেনছ প্ৰেছ কৰ্পছ- এ।

এই আৰোপক ৰাজনৈতিক লক্ষ্যভিত্তিক অভিযান হিচাপে অভিহিত কৰিছে প্ৰেছ সংগঠনসমূহে। এক প্ৰেছ বিবৃতি যোগে প্ৰেছ সংগঠনকেইটাই কয় যে শেহতীয়াকৈ সংসদৰ একাংশ সদস্যকে ধৰি জ্যেষ্ঠ ৰাজনৈতিক ব্যক্তিয়ে নিউজক্লিকে চুবুৰীয়া দেশ এখনৰ মুখপাত্ৰ হিচাপে কাম কৰে বুলি উত্থাপন কৰা অভিযোগ অযুক্তিকৰ আৰু নিন্দনীয়।

Apply Now

নিউজক্লিকৰ সমৰ্থনত যুক্তি আগবঢ়াই প্ৰেছ সংগঠনকেইটাই কয় যে, সংবাদ সংস্থাটোৱে আন সংবাদ মাধ্যমৰ দৰে চৰকাৰী কাৰ্য্যক সমালোচনাত্মকভাৱে পৰীক্ষা কৰা কাৰ্যৰ বাবে পৰ্টেলটোক দেশপ্ৰেমহীন বা কোনো বিদেশী ৰাষ্ট্ৰৰ আহিলা বুলি গণ্য কৰা নহয়।

প্ৰকাশিত কোনো প্ৰবন্ধই আন দেশৰ নীতিৰ ওপৰত সমালোচনাত্মক অথবা প্ৰশংসাসূচক দৃষ্টিভংগী আগবঢ়ালেই লেখাসমূহৰ জৰিয়তে সেই দেশৰ পোষকতা কৰা বুলি গণ্য কৰা উচিত নহয় আৰু সেয়ে ৰাষ্ট্ৰবিৰোধী বা ৰাষ্ট্ৰদ্ৰোহী আখ্যা দিয়া সঠিক নহয় বুলিও সংবাদ সংস্থাসমূহে উল্লেখ কৰে।

প্ৰেছ সংস্থাসমূহে লগতে নিউজক্লিক ধনৰ উৎস যিদৰে নিৰীক্ষণৰ অধীনত ৰখা হৈছে, তেনেদৰে স্বচ্ছতাপূৰ্ণভাৱে বিভিন্ন পৰ্টেলৰ ক্ষেত্ৰতো নিৰীক্ষণ কৰা উচিত বুলি দাবী জনায়। অন্যথা নিউজক্লিকক লক্ষ্য কৰি শেহতীয়াকৈ চলোৱা অভিযানক উদ্দেশ্যপ্ৰণোদিত বুলি চিহ্নিত কৰিব পৰা যাব বুলি দোহাৰে প্ৰেছ সংগঠনকেইটাই।

বিবৃতিটোত লগতে নিউজক্লিক আৰু প্ৰতিষ্ঠানটোৰ প্ৰতিষ্ঠাপকসকলৰ বিৰুদ্ধে লক্ষ্য কৰি লোৱা অভিযান বন্ধ কৰাৰ লগতে সংবাদ মাধ্যমক মুক্ত আৰু স্বতন্ত্ৰভাৱে কাৰ্য সম্পাদনৰ বাবে অনুমতি দিবলৈ চৰকাৰক আহ্বান জনায়। গণতন্ত্ৰৰ সজীৱতা এক স্বতন্ত্ৰ সংবাদ মাধ্যমৰ সৈতে অবিচ্ছেদ্যভাৱে জড়িত বুলি উল্লেখ কৰে বিবৃতিটোত।

নিউজক্লিকৰ মুখ্য সম্পাদক প্ৰবীৰ পুৰকায়স্থয়ো পৰ্টেলটোৰ বিৰুদ্ধে উত্থাপিত অভিযোগ নাকচ কৰি এক বিবৃতি প্ৰকাশ কৰিছে। পুৰকায়স্থই নিউজক্লিকৰ বিৰুদ্ধে চলি থকা উদ্দেশ্যপ্ৰণোদিত অভিযান বন্ধ কৰিবলৈ আৰু সংবাদ মাধ্যমক মুক্ত আৰু স্বতন্ত্ৰভাৱে কাম কৰিবলৈ অনুমতি দিবলৈ চৰকাৰক আহ্বান জনায়।

উল্লেখ্য যে, শাসকীয় বিজেপিয়ে শেহতীয়াকৈ দ্য নিউয়ৰ্ক টাইমছৰ এক প্ৰতিবেদনৰ উদ্ধৃতি দি নিউজক্লিকক চীনৰ সৈতে জড়িত একাংশ কোম্পানীয়ে অৰ্থ বিনিয়োগ কৰে বুলি দাবী কৰিছিল। ইয়াৰ দ্বাৰা সংবাদ সংস্থাটোৰ বিপক্ষে দেশবিৰোধী আৰু চীনৰ প্ৰচাৰ চলোৱা বুলি অভিযোগ আৰোপ কৰা হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd