• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সামৰিক শাসন স্থায়ী কৰাৰ নতুন কৌশল! ম্যানমাৰত গণতন্ত্ৰ প্ৰতিষ্ঠাৰ নামত নাটক আৰম্ভ জুণ্টাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 28, 2025 9:57 am
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ম্যানমাৰ দক্ষিণ-পূব এছিয়াৰ অশান্ত ৰাষ্ট্ৰ ম্যানমাৰত দেওবাৰৰ পৰা তিনিটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হৈছে। ২০২১ চনৰ সামৰিক অভ্যুত্থানৰ পাছত দেশখনত যি চৰম অস্থিৰতাৰ সৃষ্টি হৈছিল সেই অচলাৱস্থা প্ৰশমিত কৰাৰ দোহাই দি সামৰিক জুন্টা চৰকাৰে ২০২৫ চনত দেশখনত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতি চলাইছে। দেশখনৰ বিভিন্ন বিদ্ৰোহী সংগঠনবোৰ সক্ৰিয় হৈ অঞ্চলসমূহক বাদ ২৮ ডিচেম্বৰ, ১১ জানুৱাৰী আৰু ২৫ জানুৱাৰীত তিনিটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত কৰিছে জুণ্টাই।

ম্যানমাৰৰ সামৰিক শাসক মিন অং হ্লাইঙৰ নেতৃত্বাধীন সামৰিক প্ৰশাসনে ঘোষণা কৰিছে যে দেশখনত এক ‘মুক্ত আৰু নিকা’ নিৰ্বাচন অনুষ্ঠিত হ’ব। এই লক্ষ্যৰে বৰ্তমান দেশজুৰি আৰম্ভ হৈছে ভোটাৰ তালিকা প্ৰস্তুতৰ বাবে লোকপিয়লৰ কাম।নিৰ্বাচনৰ বাবে সামৰিক চৰকাৰে ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰিছে, যদিও বিদ্ৰোহী নিয়ন্ত্ৰিত অঞ্চলসমূহত এই কামত বাধা আহি পৰিছে।

Apply Now

নতুন নিৰ্বাচনী নিয়ম অনুসৰি কেৱল সেইবোৰ দলকহে নিৰ্বাচনত অংশ ল’বলৈ দিয়া হৈছে যিবোৰ দলে সামৰিক বাহিনীৰ কঠোৰ চৰ্তসমূহ মানি লৈছে। সেয়ে এই নিৰ্বাচনক গণতন্ত্ৰৰ মুখা পিন্ধি নিৰ্বাচনী ব্যৱস্থাৰে সামৰিক বাহিনীয়ে ক্ষমতা দখলৰ নতুন কৌশল বুলিও অভিহিত কৰা হৈছে।

এই নিৰ্বাচনত দেশখনৰ সবাতোকৈ জনপ্ৰিয় নেত্ৰী তথা শান্তিৰ নোবেল বিজয়ী আং চান চ্যু কী দল ‘নেচনেল লীগ ফৰ ডেম’ক্ৰেচী’য়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা নাই। কাৰাৰুদ্ধ আং চান চ্যু কীৰ দলটোক সামৰিক শাসকে ইতিমধ্যে অবৈধ ঘোষণা কৰিছে।

ইপিনে ম্যানমাৰৰ চৰকাৰৰ ছাঁৰ দৰে পৰিচিত ‘নেচনেল ইউনিটী গভৰ্ণমেণ্ট’ আৰু বিভিন্ন সশস্ত্ৰ বিদ্ৰোহী গোষ্ঠীয়ে এই নিৰ্বাচনক এক ‘প্ৰহসন’ বুলি আখ্যা দি বিৰোধিতা কৰিছে। তেওঁলোকৰ মতে সামৰিক চৰকাৰে নিজৰ ক্ষমতা স্থায়ী কৰিবলৈহে এই নিৰ্বাচনৰ নাটক ৰচনা কৰিছে।

ইপিনে অশান্তজৰ্জৰ দেশৰ প্ৰায় আধাতকৈ অধিক অংশ বৰ্তমান সামৰিক বাহনীৰ সম্পূৰ্ণ নিয়ন্ত্ৰণত নাই। তেনেস্থলত নিৰ্বাচন অনুষ্ঠিত কৰাটো কিমান সম্ভৱ, তাক লৈও প্ৰশ্ন উত্থাপন হৈছে। দেশখনৰ প্ৰভাৱশালী বিভিন্ন বিদ্ৰোহী গোটসমূহে সতৰ্ক কৰি দিছে যে তেওঁলোকে সামৰিক চৰকাৰৰ এই নিৰ্বাচনী প্ৰক্ৰিয়াক বাধা দিব।

আনহাতে, ৰাষ্ট্ৰসংঘ আৰু পশ্চিমীয়া দেশসমূহেও ম্যানমাৰৰ এই নিৰ্বাচনক লৈ সন্দেহ প্ৰকাশ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰই স্পষ্ট কৰি দিছে যে বিৰোধীহীন আৰু দমনমূলক পৰিৱেশত হোৱা কোনো নিৰ্বাচনক আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে স্বীকৃতি নিদিয়ে। অৱশ্যে চীন আৰু ৰাছিয়াৰ দৰে দেশসমূহে ম্যানমাৰৰ এই পদক্ষেপক সমৰ্থন কৰাৰ ইংগিত দিছে।

এনে পৰিস্থিতিত এই নিৰ্বাচনে দেশখত গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ বিপৰীতে অধিক হিংসাজৰ্জ আৰু অশান্ত কৰি তুলিব বুলিহে আশংকা কৰা হৈছে। নিৰ্বাচনত সকলো পক্ষই অংশগ্ৰহণ নকৰাত এই নিৰ্বাচনে দেশখনক অধিক গৃহযুদ্ধৰ ফালেহে ঠেলি দিয়াৰ সম্ভাৱনা আছে বুলিও আন্তঃৰাষ্ট্ৰীয় স্তৰত চৰ্চা চলিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

June 24, 2026 9:13 pm
নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

June 24, 2026 9:01 pm
পাছপ’ৰ্ট কেৱল ভ্ৰমণৰহে নথি, নাগৰিকত্বৰ প্ৰমাণ নহয়: চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা

পাছপ’ৰ্ট কেৱল ভ্ৰমণৰহে নথি, নাগৰিকত্বৰ প্ৰমাণ নহয়: চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা

June 24, 2026 8:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

June 24, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd