জুনু শৰ্মাৰ হত্যাকাণ্ড : ৭২ ঘণ্টা অতিক্ৰম কৰাৰ পাছতো হত্যাকাৰীৰ শুংসূত্ৰ উলিয়াব পৰা নাই আৰক্ষীয়ে

JunuSarma

ভাৰতীয় ষ্টেইট বেংকৰ দদৰা শাখাৰ বিষয়া জুনু শৰ্মাক ৰাজপথত গুলীয়াই হত্যা কৰাৰ ইতিমধ্যে ৭২ ঘণ্টা পাৰ হৈ যোৱাৰ পিছতো আৰক্ষীয়ে হত্যাকাৰীৰ একো শুংসূত্ৰই উলিয়াব পৰা নাই।

কামৰূপৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই নৰ্থ-ইষ্ট নাওক জানিবলৈ দিয়ামতে, বৰ্তমানলৈ আৰক্ষীৰ হাতত কোনো তথ্য আহি পৰা নাই। আনকি নতুনকৈ আন কোনো লোককে জেৰা চলোৱা নাই।

উল্লেখযোগ্য যে ১০ অক্তোবৰত অচিনাক্ত বন্দুকধাৰীয়ে শীতল মস্তিষ্কৰে হত্যা কৰিছিল ষ্টেইট বেংকৰ দদৰা শাখাৰ বিষয়া জুনু শৰ্মাক।

আনহাতে, আততায়ীৰ হাতত নিহত বিষয়াগৰাকীৰ স্বামীয়ে সন্দেহ কৰে যে বেংকটোৰ বিত্তীয় কেলেংকাৰিৰ ফাইলত হাত দিয়া বাবেই তেওঁ কাৰোবাৰ টাৰ্গেট হ’ল।

মন কৰিব লগীয়া যে ঘটনা সন্দৰ্ভত জুনু শৰ্মাৰ গাড়ী চালক প্ৰদীপ কলিতাক শোধা-পোচা কৰিছিল আৰক্ষীয়ে। ইয়াৰ উপৰি তেওঁ ব্যৱহাৰ কৰা গাড়ীখনো আৰক্ষীয়ে তন্ন তন্নকৈ পৰীক্ষা কৰে। ইয়াৰোপৰি বেংকটোৰ শাখা পৰিচালক পূৰ্ণ সিনহাকো আৰক্ষীয়ে ইতিমধ্যে জেৰা কৰিছে। লগতে বেংকটোত জুনু শৰ্মাই কৰা কামসমূহৰ ওপৰত আৰক্ষীয়ে এটা পৰ্য্যৱেক্ষণ কৰা বুলিও জনায়।

তাৰ পিছতো আৰক্ষীয়ে হত্যাকাৰীৰ শুংসূত্ৰ উলিওৱাত সফলতা লাভ কৰিব পৰা নাই।

ইপিনে, জুনু শৰ্মাৰ হত্যাকাণ্ড সংঘটিত হোৱাৰ পাছতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই এই ঘটনা পূৰ্বপৰিকল্পিত আৰু ই চুপাৰি কিলাৰৰ দ্বাৰা সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছিল।