ৰাহুল গান্ধীৰ ভৱিষ্যতবাণী: কৃষি আইনৰ দৰেই অগ্নিপথ যোজনা বাতিল কৰিবলৈ বাধ্য হ’ব চৰকাৰ!
কেন্দ্ৰীয় চৰকাৰে দেশৰ প্ৰতিৰক্ষা বিভাগত নিযুক্তিৰ বাবে ঘোষণা কৰা ‘অগ্নিপথ’ যোজনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা আন্দোলনৰ ঢৌ অব্যাহত আছে। প্ৰথম অৱস্থাত মূলত: বিহাৰ, উত্তৰ প্ৰদেশ, হাৰিয়ানা, পঞ্জাৱ আদি ৰাজ্যত সৃষ্টি হোৱা প্ৰতিবাদ সম্প্ৰতি দেশৰ আন আন প্ৰান্ততো মূৰ দাঙি উঠিছে।
সামৰিক বিভাগত ঠিকাভিত্তিক নিযুক্তিৰ বিৰোধিতাৰে নিযুক্তি প্ৰত্যাশী যুৱ প্ৰজন্মই চৰকাৰৰ এই অগ্নিপথ যোজনাৰ বিৰুদ্ধে সৃষ্টি কৰা এই আন্দোলনে সম্প্ৰতি হিংসাত্মক ৰূপ ধাৰণ কৰিছে।ব্যাপক প্ৰতিবাদী কাৰ্যসূচীৰে আজি বিহাৰত বন্ধও ঘোষণা কৰা হৈছে।
এনে জংগী আন্দোলনে ক্ৰমাৎ সমগ্ৰ দেশতে চানি ধৰাৰ উপক্ৰম হোৱাৰ মাজতে এইবাৰ এক নতুন ঘোষণাৰে আন্দোলন বন্ধ কৰোৱাৰ চেষ্টা চলাইছে কেন্দ্ৰই।
অগ্নিপথ আঁচনিৰ জৰিয়তে নিযুক্তি লাভ কৰা ১০ শতাংশ অগ্নিবীৰৰ বাবে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীত সংৰক্ষণৰ টোপ ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। কিন্তু কেন্দ্ৰৰ এই লোভনীয় টোপত ভুল নগৈ প্ৰতিবাদী যুৱক-যুৱতী সকলে অব্যাহত ৰাখিছে আন্দোলন।
দেশব্যাপী বিয়পি পৰা এই আন্দোলনে এতিয়া ৰাজনৈতিক সমৰ্থনো লাভ কৰিছে। বিৰোধী দলসমূহে প্ৰতিবাদৰ প্ৰতি সমৰ্থন আগবঢ়াই চৰকাৰৰ অগ্নিপথ আঁচনি বাতিল কৰিবলৈ দাবী জনাইছে।
এইবাৰ কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে অগ্নিপথ আন্দোলনলৈ সমৰ্থন আগবঢ়াই বিজেপি নেতৃত্বাধীন চৰকাৰখনক তীক্ষ্ণ বাক্যবাণেৰে আক্ৰমণৰ লক্ষ্য কৰি লৈছে।
কেন্দ্ৰীয় চৰকাৰ দেশৰ যুৱচামৰ বিৰুদ্ধে অগ্নিপথ আঁচনিৰ জৰিয়তে যি ষড়যন্ত্ৰত লিপ্ত হৈছে, এই ষড়যন্ত্ৰ বিফল হ’ব বুলি সকীয়াই দি ৰাহুল গান্ধীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে যেনেদৰে কৃষকসকলৰ নিৰন্তৰ প্ৰতিবাদৰ পিছত কৃষি আইন প্ৰত্যাহাৰ কৰিব লগা হৈছিল, সেইদৰেই অগ্নিপথ নিযুক্তি আঁচনি খন ঘূৰাই ল’বলৈ বাধ্য হ’ব।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ সমালোচনা কৰি গান্ধীয়ে কয় যে প্ৰধানমন্ত্ৰীয়ে যোৱা বছৰ তিনিখন কৃষি আইন প্ৰত্যাহাৰ কৰাৰ সময়ত কৃষকসকলৰ ওচৰত ক্ষমা বিচাৰিছিল। এইবাৰ দ্বিতীয়বাৰৰ বাবে তেওঁ দেশৰ যুৱপ্ৰজন্মৰ ওচৰত ক্ষমা বিচাৰিব লাগিব।
এক টুইট যোগে ৰাহুল গান্ধীয়ে কয়, “একেৰাহে ৮ বছৰ ধৰি বিজেপি চৰকাৰে ‘জয় জোৱান, জয় কিষাণ’ৰ মূল্যবোধক অপমান কৰিছে। মই আগতেও কৈছিলো যে প্ৰধানমন্ত্ৰীয়ে ক’লা কৃষি আইন প্ৰত্যাহাৰ কৰিব লাগিব। একেদৰে, তেওঁ ‘মাফিবীৰ’ হৈ দেশৰ যুৱক-যুৱতীসকলৰ দাবী মানি ল’বলৈ বাধ্য হ’ব আৰু ‘অগ্নিপথ’ ঘূৰাই ল’ব লাগিব।”
ইফালে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাইও অগ্নিপথ সন্দৰ্ভত চৰকাৰৰ প্ৰতি আক্ৰমণাত্মক হৈ পৰে। তেওঁ অভিযোগ কৰে যে চৰকাৰে নিবনুৱা যুৱক-যুৱতীসকলৰ বেদনা আৰু হতাশা বুজি নাপায়।
এই যুৱক-যুৱতীসকলক সহায় কৰাৰ পৰিৱৰ্তে চৰকাৰে প্ৰাৰ্থীসকলৰ নিযুক্তি, পদবী আৰু পেঞ্চনৰ আশা কাঢ়িহে লৈছে।
উল্লেখ্য যে মঙলবাৰে আঁচনিখন উন্মোচন কৰি কেন্দ্ৰীয় চৰকাৰে এই আঁচনিৰ অধীনত ১৭.৫ ৰ পৰা ২১ বছৰ বয়সৰ যুৱক-যুৱতীসকলক চাৰি বছৰৰ কাৰ্যকালৰ বাবে সশস্ত্ৰ বাহিনীত অন্তৰ্ভুক্ত কৰা হ’ব বুলি ঘোষণা কৰিছিল। পিছত এই বয়সৰ সীমা দুবছৰলৈ বৃদ্ধি কৰা হৈছেল।
আনহাতে অগ্নিপথ যোজনাৰ অধীনত নিযুক্তি পোৱা অগ্নিবীৰক নিয়মীয়া সেৱাৰ বাবে ৰখা হ’ব বুলিও ঘোষণা কৰিছিল।
কিন্তু আঁচনিখনে সৃষ্টি কৰিব পৰা নিবনুৱা বিৰোধী নানা সুৰুঙাৰ দিশ আঙুলিয়াই দি সেনাৰ নিযুক্তি প্ৰত্যাশী যুৱক-যুৱতীসকলে চৰকাৰৰ এই অগ্নিপথ আঁচনিৰ বিৰোধিতা কৰে আৰু এক জোৰদাৰ আন্দোলন গঢ়ি তোলে। সম্প্ৰতি এই আন্দোলনে ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে।
গতিকে ৰাহুল গান্ধীৰ ভৱিষ্যতবাণীৰ দৰেই কেন্দ্ৰীয় চৰকাৰে এই আঁচনি প্ৰত্যাহাৰ কৰে নে বাহাল ৰাখে সেইয়া লক্ষ্যণীয় হৈ পৰিছে।