বাস্তৱতো ‘থ্রী ইডিয়টছ’ৰ পুনৰাবৃত্তি! : প্ৰসূতিক ভিডিঅ’ কলযোগে সন্তান প্ৰসৱ কৰোৱালে মহিলা চিকিৎসকে

index.jpgh

প্ৰতিকী ফ'টো

আমিৰ খান আৰু কৰীণা কাপুৰৰ অভিনীত বলিউদৰ জনপ্ৰিয় হিন্দী ছবি ‘থ্ৰী ইডিয়টছ’ৰ এটা দৃশ্য বাস্তৱতো পুনৰাবৃত্তি ঘটিছে।

এগৰাকী প্ৰসূতিক ভিডিঅ’ কলৰ যোগেদি এগৰাকী মহিলা চিকিৎসকে সন্তান প্ৰসৱ কৰোৱাৰ খবৰ আহিছে সংবাদ মাধ্যমলৈ।

খবৰ অনুসৰি কৰ্ণাটকত ঘটিছে এই ঘটনা।

কৰ্ণাটকৰ হানগল মৌজাৰ কিট্টুৰ ষ্ট্ৰীটৰ বাসৱী পাথেপুৰ নামৰ এগৰাকী প্ৰসূতিৰ জীৱনত ঘটিছে এই বাস্তৱ ঘটনাটো।

ৰাজ্যখনত ক’ৰ’না প্ৰতিৰোধৰ বাবে বলৱৎ হৈ থকা লকডাউনৰ বাবে পৰিয়ালৰ লোকে প্ৰসূতি গৰাকীক চিকিৎসালয়লৈ নিবলৈ এম্বুলেঞ্চ যোগাৰ কৰিব নোৱাৰিলে।

আনহাতে হানগল মৌজাৰ স্থানীয় চিকিৎসালয়খত এগৰাকী নাৰ্ছৰ শৰীৰত কোভিড১৯ পজিটিভ ধৰা পৰাত চিকিৎসালয়খন চীল কৰা হৈছিল।

ইফালে প্ৰসূতি গৰাকীয়ে প্ৰসৱজনিত বিষত কৰা চিৎকাৰ শুনি প্ৰতিৱেশী জ্যোতি মাডিয়ে বাংগালুৰুত কৰ্মৰত তেওঁৰ এগৰাকী চিনাকি চিকিৎসক ডাঃ প্ৰিয়ংকা মানতাগিক ফোন কৰিলে।

লগে লগে চিকিৎসক গৰাকীয়ে ভিডিঅ’ কলিং কৰে আৰু তেওঁ দিয়া নিৰ্দেশ মতে প্ৰসূতি গৰাকীক সেৱা আগবঢ়াই যায় জ্যোতিয়ে। ইয়াৰ পিছতে প্ৰসূতি মহিলা গৰাকীয়ে এটি পুত্ৰ সন্তানৰ জন্ম দিয়ে।

জানিব পৰা মতে পুত্ৰ সন্তানৰ লগতে প্ৰসূতি মাতৃ গৰাকীও বৰ্তমান সুস্থ।

বাসৱী নামৰ প্ৰসূতি গৰাকীয়ে নিৰাপদে এটি সুস্থ পুত্ৰ সন্তান জন্ম দিয়াৰ পিছত জ্যোতিয়ে এই অভিজ্ঞতা বৰ্ণনা কৰিছে সংবাদ মাধ্যমৰ আগত।

“ডাঃ প্ৰিয়ংকাই আমাক কৰা সহায়ৰ বাবে আমি মাতৃ আৰু সন্তানটিৰ জীৱন ৰক্ষা কৰিব পাৰিলো। ইয়াৰ পূৰ্বে আমাৰ প্ৰসৱজনিত কোনো অভিজ্ঞতা নাছিল। চিকিৎসক গৰাকীয়ে সাহস দিয়াৰ বাবেহে আমি এই কামটো কৰিব পাৰিলো।” চিকিৎসকৰ পৰামৰ্শৰ মতে প্ৰসৱ কৰোৱা জ্যোতি নামৰ মহিলা গৰাকীয়ে কয়।