গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ ন্যায়াধীশ বিজয় বিষ্ণইৰ

ফটো সৌজন্যঃ এক্স।

সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে ন্যায়াধীশ বিজয় বিষ্ণইয়ে। অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই নতুন মুখ্য ন্যায়াধীশক শপত গ্ৰহণ কৰোৱায়।

ৰাজভৱনত অনুষ্ঠিত এই অনুষ্ঠানত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

লগতে পঢ়কঃ লক্ষ্ণৌৰ কাৰাগাৰত এইচ আই ভি আক্ৰান্ত ৬৩জন কয়দী! কাৰাগাৰৰ স্বাস্থ্য ব্যৱস্থাক লৈ উঠিছে প্ৰশ্ন

মুখ্যমন্ত্ৰী শৰ্মাই এক্স হেণ্ডেলত এটা পোষ্টত নতুন মুখ্য ন্যায়াধীশক অভিনন্দন জনায়।

তেওঁ লিখিছে ‘গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত লোৱাৰ বাবে ন্যায়াধীশ বিজয় বিষ্ণই ডাঙৰীয়াক অভিনন্দন জনাইছো। তেওঁৰ আইনী বুদ্ধিমত্তা, প্ৰজ্ঞা, পৰামৰ্শ আৰু বিশাল অভিজ্ঞতাই ৰাজ্যখনক বহুখিনি উপকৃত কৰিব। তেখেতৰ ফলপ্ৰসূ কাৰ্যকালৰ বাবে মোৰ শুভেচ্ছা জনালো।’

লগতে পঢ়কঃ কেৰালাত মেকুৰীৰ কেঁচা মাংস খোৱা অৱস্থাত উদ্ধাৰ অসমৰ এজন লোক; প্ৰেৰণ মানসিক চিকিৎসালয়লৈ

উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে উন্নীত হোৱাৰ পূৰ্বে ন্যায়াধীশ বিষ্ণই ৰাজস্থান উচ্চ ন্যায়ালয় আৰু যোধপুৰৰ কেন্দ্ৰীয় প্ৰশাসনিক ন্যায়াধিকৰণত সেৱা আগবঢ়াই আছিল। তেওঁৰ অনুশীলনৰ ক্ষেত্ৰ আছিল অসামৰিক, অপৰাধমূলক, সাংবিধানিক, সেৱা আৰু নিৰ্বাচনী গোচৰ।