প্ৰসিদ্ধ পৰিসংখ্যাবিদ জ্যোতিপ্ৰসাদ মেধিৰ স্মৃতিত আজি গুৱাহাটীত এলানি বক্তৃতা আৰু বঁটা প্ৰদান অনুষ্ঠান

অধ্যাপক জ্যোতিপ্ৰসাদ মেধিৰ জন্ম শতবাৰ্ষিকী কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি আজি ১জুলাই, ২০২৪ ইং তাৰিখ সোমবাৰে বিয়লি চাৰি বজাত গুৱাহাটীস্থিত দিছপুৰ নেডফি হাউচ (কনভেনশ্যন চেণ্টাৰ)ত তেওঁৰ স্মৃতিত এলানি বক্তৃতা অনুষ্ঠানৰ উপৰিও শেহতীয়াকৈ প্ৰৱৰ্তন কৰা জ্যোতিপ্ৰসাদ মেধি গাণিতিক বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ’ব।

বিশেষভাৱে এই বঁটা অসমৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহত গণিত বিজ্ঞানৰ  বিদ্যায়তনিক ক্ষেত্ৰখনলৈ গুৰুত্বপূৰ্ণ  অৱদান আগবঢ়োৱা  প্ৰাৰম্ভিক পৰ্যায়ৰ (৪০ বছৰৰ অনুৰ্দ্ধৰ) কৃতী গৱেষক/ গৱেষিকা/ অধ্যাপক/ অধ্যাপিকাক সন্মানিত কৰাৰ উদ্দেশ্য প্ৰৱৰ্তিত কৰা হৈছে৷ এই বঁটাত থাকিব মানপত্ৰৰ উপৰিও নগদ ১,৫০,০০০ (ডেৰ লাখ) টকাৰ আৰ্থিক অনুদান।

উক্ত অনুষ্ঠানতেই এই বঁটা পোন প্ৰথমবাৰৰ বাবে  প্ৰদান কৰা হ’ব৷ তদুপৰি এই অনুষ্ঠানতেই ভাৰতবৰ্ষৰ লগতে অসমৰো বহুকেইজন বিশিষ্ট গৱেষক, অধ্যাপকে অংশগ্ৰহণ কৰিব৷

উল্লেখ্য যে চলিত বৰ্ষৰ জন্ম শতবাৰ্ষিকী উপলক্ষে প্ৰসিদ্ধ পৰিসংখ্যাবিদগৰাকীৰ সোঁৱৰণত “জ্যোতি প্ৰসাদ মেধি গাণিতিক বিজ্ঞান বঁটা” প্ৰৱৰ্তন কৰাৰ দিহা কৰিছে তেখেতৰ পৰিয়ালবৰ্গই।

১৯২৪ চনৰ ১ জুলাই তাৰিখে অসমৰ ৰামদিয়াত জন্মগ্ৰহণ কৰা অধ্যাপক জ্যোতিপ্ৰসাদ মেধি পৰিসংখ্যা বিজ্ঞানৰ বিশ্ববিখ্যাত পণ্ডিত। ১৯৫৬ চনত পেৰিছ বিশ্ববিদ্যালয় (চৰবন)ৰ পৰা সন্মানীয় ডি. এচ-ছি উপাধি লাভ কৰাৰ পিছত অধ্যাপক মেধি অসমলৈ উভতি আহি গুৱাহাটী বিশ্ববিদ্যালয়ত পুনৰ অধ্যাপনা কৰে আৰু পিছলৈ তেওঁ পৰিসংখ্যা বিভাগৰ মূৰব্বী, বিজ্ঞান অনুষদৰ ডীন, আৰু ভাৰপ্ৰাপ্ত উপাচাৰ্যৰ দায়িত্বও বহন কৰে।

অধ্যাপক মেধিৰ দ্বাৰা ৰচিত ষ্টোকাষ্টিক প্ৰচেছ আৰু কিউইং থিয়ৰী বিষয়ক পাঠ্যপুথি সমূহ বিশ্বৰ বহু শৈক্ষিক প্ৰতিষ্ঠানত পাঠদানৰ বাবে বহুলভাৱে ব্যৱহৃত হৈ আহিছে । ২০১৭ চনৰ ৩ ফেব্ৰুৱাৰীত, ৯২ বছৰ বয়সত তেওঁৰ মৃত‌্যু হয়।