• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বিজেপিৰ বিকল্প! ঐক্যবদ্ধৰ প্ৰস্তাৱ লৈ আঞ্চলিক ৰাজনৈতিক দলৰ সৈতে আলোচনাৰ প্ৰস্তাৱ চন্দ্ৰশেখৰ ৰাওৰ

লোচন কৌশিক,গুৱাহাটী by লোচন কৌশিক,গুৱাহাটী
February 15, 2022 6:50 pm
K. Chandrashekar Rao
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ পৰৱৰ্তী লোকসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে দেশৰ ৰাজনৈতিক দলসমূহে৷ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত ব্যস্ত থকাৰ সমান্তৰালভাৱে লোকসভা নিৰ্বাচনলৈও কুচকাৱাজ চলাইছে প্ৰতিটো ৰাজনৈতিক দলে৷

এনে সময়তে প্ৰধানমন্ত্ৰী মোদী আৰু শাসকীয় বিজেপিৰ বিৰুদ্ধে হঠাৎ সক্ৰিয়া হৈ উঠিছে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও৷ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ইতিমধ্যে বিৰোধী ঐক্য গঢ় দিবলৈ যত্নপৰ হৈছে৷

Apply Now

শিৱসেনা আৰু কংগ্ৰেছৰ সৈতে বৈঠকত মিলিত হৈছে তৃণমূল কংগ্ৰেছৰ নেত্ৰীগৰাকী৷ মমতা বেনাৰ্জীৰ পাছত এইবাৰ বিৰোধী ঐক্য গঠনৰ বাবে উঠিপৰি লাগিছে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও৷

তেলেংগানাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কালি কৈছে, বিজেপি আৰু এনডিএ চৰকাৰৰ বিৰুদ্ধে বিভিন্ন ৰাজনৈতিক দলক একত্ৰিত কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে তেওঁ শীঘ্ৰেই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে আৰু পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সৈতে বৈঠকত মিলিত হ’ব।

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেক লগ কৰিবলৈ যিকোনো সময়তে মুম্বাইলৈ যাবলৈ সাজু হৈ আছে তেলেংগনাৰ মুখ্যমন্ত্ৰীগৰাকী৷

আনহাতে, পশ্চিম বংগৰ মুখ্যমন্ত্ৰীয়ে চন্দ্ৰশেখৰ ৰাওক লগ কৰিবলৈ হায়দৰাবাদলৈ আহিব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদী নেতৃত্বাধীন এনডিএ চৰকাৰখনক জনবিৰোধী নীতিৰ বাবে সমুলঞ্চে প্ৰত্যাখ্যান কৰা উচিত বুল উল্লেখ কৰি তেওঁ কয়, তেওঁ বিজেপি বিৰোধী ৰাজনৈতিক দলসমূহক একত্ৰিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

কে চন্দ্ৰশেখৰ ৰাওৱে বিৰোধী দলসমূহক নেতৃত্ব দিব নে নাই বুলি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত ৰাওৱে কোনো পোনপটীয়া উত্তৰ দিয়াৰ পৰা বিৰত থাকে৷

ইপিনে, বিৰোধী ঐক্যৰ বাবে হাত উজান দিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনেও৷ ষ্টেলিনে কয়, মমতা বেনাৰ্জীৰ প্ৰচেষ্টাৰ অংশ হিচাপে শীঘ্ৰে দেশৰ বিৰোধী দলৰ মুখ্যমন্ত্ৰীসকলৰ এখন বৈঠক নতুন দিল্লীত অনুষ্ঠিত হ’ব৷

তামিলনাডুৰ এইগৰাকী মুখ্যমন্ত্ৰীয়ে অলপতে দেশত সামাজিক ন্যায় প্ৰতিষ্ঠাৰ বাবে দেশৰ কেইবাগৰাকীও ৰাজনীতিবিদলৈ পত্ৰ প্ৰেৰণ কৰিছিল৷ আনহাতে, কে চন্দ্ৰশেখৰ ৰাওৱে কিছুদিন পূৰ্বে হায়দৰাবাদত আদৰণি জনোৱা নাছিল প্ৰধানমন্ত্ৰীক৷

অৱশ্যে, গণতান্ত্ৰিক দিশৰ পৰা চাবলৈ গ’লে ৰাজ্য এখনৰ মুখ্যমন্ত্ৰীয়ে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি নজনোৱাতোও শুভ লক্ষণ নহয় বুলি দেশত চৰ্চা চলিছে৷

কে চন্দ্ৰশেখৰ ৰাও, ষ্টেলিন, মমতা বেনাৰ্জী আৰু উদ্ধৱ থাকৰেৰ প্ৰচেষ্টাত দেশৰ বিৰোধী শক্তিসমূহ একত্ৰিত হোৱাৰ আশা কৰা হৈছে৷ এইক্ষেত্ৰত এতিয়াও আঁকোৰগোজ হৈ ৰৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ৷

যিসময়ত দেশৰ বিৰোধী দলৰ মুখ্যমন্ত্ৰীয়ে বিৰোধী ঐক্যৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে, সেই সময়ত কংগ্ৰেছে ৰাহুল গান্ধীকে প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব বিচাৰি আছে৷

যদি কংগ্ৰেছেও বিৰোধী ঐক্য গঠনত সহযোগিতা আগবঢ়ায়, তেন্তে সমাগত লোকসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে এটি শক্তিশালী বিৰোধী ঐক্য গঢ়ি উঠাৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি৷

লোচন কৌশিক,গুৱাহাটী

লোচন কৌশিক,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

September 9, 2026 5:16 pm
“এনে সাহস কেনেকৈ হ’ল?” প্ৰতিবাদকাৰী ছাত্ৰলৈ জাননী প্ৰেৰণ কৰি উচ্চতম ন্যায়ালয়ৰ ৰোষত নয়ডাৰ দণ্ডাধীশ

“এনে সাহস কেনেকৈ হ’ল?” প্ৰতিবাদকাৰী ছাত্ৰলৈ জাননী প্ৰেৰণ কৰি উচ্চতম ন্যায়ালয়ৰ ৰোষত নয়ডাৰ দণ্ডাধীশ

September 9, 2026 3:59 pm
সাম্প্ৰতিক অসমৰ ৰাজনৈতিক পৰিৱেশ

সাম্প্ৰতিক অসমৰ ৰাজনৈতিক পৰিৱেশ

September 9, 2026 2:54 pm
আমেৰিকাৰ ভয়ংকৰ প্ৰত্যুত্তৰ : ইৰানৰ পাঁচখন তেলবাহী জাহাজ ধ্বংস, পুনৰ যুদ্ধৰ আশংকাত কঁপিছে মধ্যপ্ৰাচ্য

আমেৰিকাৰ ভয়ংকৰ প্ৰত্যুত্তৰ : ইৰানৰ পাঁচখন তেলবাহী জাহাজ ধ্বংস, পুনৰ যুদ্ধৰ আশংকাত কঁপিছে মধ্যপ্ৰাচ্য

September 9, 2026 2:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

September 9, 2026 5:16 pm
“এনে সাহস কেনেকৈ হ’ল?” প্ৰতিবাদকাৰী ছাত্ৰলৈ জাননী প্ৰেৰণ কৰি উচ্চতম ন্যায়ালয়ৰ ৰোষত নয়ডাৰ দণ্ডাধীশ

“এনে সাহস কেনেকৈ হ’ল?” প্ৰতিবাদকাৰী ছাত্ৰলৈ জাননী প্ৰেৰণ কৰি উচ্চতম ন্যায়ালয়ৰ ৰোষত নয়ডাৰ দণ্ডাধীশ

September 9, 2026 3:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd