• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ধোনীয়ে ভাৰতক নেতৃত্ব দিব পাৰিব বুলি কিয় কোনো ছিনিয়ৰে ভবা নাছিল? উত্তৰ মহম্মদ কাইফৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 24, 2020 9:38 am

2 min read

ধোনীয়ে ভাৰতক নেতৃত্ব দিব পাৰিব বুলি কিয় কোনো ছিনিয়ৰে ভবা নাছিল? উত্তৰ মহম্মদ কাইফৰ
243
VIEWS
Share on FacebookShare on Twitter

আজিৰ পৰা ১৬ বছৰ পূৰ্বে ২৩ ডিচেম্বৰত ভাৰতৰ সৰ্বশ্ৰেষ্ঠ অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক কৰিছিল।

২০০৪ চনৰ ২৩ ডিচেম্বৰত চিটাগঙত বাংলাদেশৰ বিৰুদ্ধে খেলা প্ৰথম খেলখনত এটা বল খেলিয়েই ৰান আউট হৈছিল। সেই সময়ত তেওঁৰ সৈতে বেটিং কৰি আছিল মহম্মদ কাইফ।

ধোনীৰ সৈতে হোৱা প্ৰথম সাক্ষাতৰ কথা মনত পেলাই কাইফে প্ৰথম প্ৰথম ধোনীক দেখি তেওঁৰ মনত কি ভাব আহিছিল সেই কথাও ব্যক্ত কৰে।

ধোনীৰ জীৱনৰ প্ৰথম মেচখনত ভাৰতে বাংলাদেশক ১১ ৰানত পৰাস্ত কৰে আৰু কাইফে ৮০ ৰান কৰাৰ বাবে মেন অফ দ্যা মেচ লাভ কৰিছিল।

ষ্টাৰ স্পোৰ্টছৰ ‘ক্ৰিকেট কানেক্টেড’ নামৰ অনুষ্ঠানত কাইফে কয়, ‘ধোনীক প্ৰথমবাৰ দুলিপ ট্ৰফিত দেখিছিলো। সেই সময়ত, মই চেণ্ট্ৰেল জ’নৰ অধিনায়ক আৰু ধোনী ইষ্ট জ’নৰ উইকেট কীপাৰৰ ভূমিকাত আছিল। তেওঁ অধিনায়ক নাছিল’।

লক্ষ্ণৌৰ এজন বন্ধুৱে কাইফক ধোনীৰ বিষয়ে অৱগত কৰা বুলি উল্লেখ কৰি তেওঁ কয়, ‘বন্ধুজনে কৈছিল যে এজন দীঘল চুলিৰ খেলুৱৈ আছে, তেওঁক চোৱা। মই কেতিয়াও তেওঁৰ দৰে ছয় কোবোৱা দেখা নাই’।

কাইফৰ উপৰি যুৱৰাজ সিং, বীৰেন্দ্ৰ ছেহৱাগ, জাহিৰ খান আৰু হৰভজন সিঙেও ধোনীৰ প্ৰথমখন মেচত সহযোগী খেলুৱৈ হিচাপে আছিল।

পিছলৈ এই সকলো খেলুৱৈয়ে ধোনীৰ নেতৃত্বত খেলিছিল।

ধোনী সন্দৰ্ভত কাইফে অতি গুৰুত্বপূৰ্ণ মন্তব্য কৰি কয় যে আমাৰ মাজৰ কোনেও ভাবিব পৰা নাছিল যে তেওঁ কিমান ভাল অধিনায়ক হ’ব।

‘মই, জাহিৰ, হৰভজন, সেহৱাগৰ মাজৰ আমি কোনেও ভবা নাছিলো যে ধোনী ভাৰতীয় দলৰ অধিনায়ক হ’ব পাৰিব’, কাইফে এইদৰে কয়।

উল্লেখ্য যে মহেন্দ্ৰ সিং ধোনীয়ে চলিত বছৰৰ আগষ্ট মাহত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। তেওঁ ভাৰতৰ হৈ ৩৫০ খন এদিনীয়া মেচ খেলি ১০,৭৭৩ ৰান কৰিছিল।

এদিনীয়া ক্ৰিকেটত সৰ্বাধিক ৰান কৰাৰ ক্ষেত্ৰত তেওঁ একাদশ স্থানত আছে। যদি ভাৰতৰ কথা আহে, তেন্তে শচীন তেণ্ডুলকাৰ, বিৰাট কোহলী, সৌৰভ গাংগুলী আৰু ৰাহুল দ্ৰাবিড়ৰ তলতেই আছে ধোনী।

Recent News

কৃষকৰ উপদ্ৰৱৰ বাবেই দিল্লী-এন চি আৰ সীমান্তত ইণ্টাৰনেট সেৱা কৰ্তন কেন্দ্ৰীয় চৰকাৰৰ

কৃষকৰ উপদ্ৰৱৰ বাবেই দিল্লী-এন চি আৰ সীমান্তত ইণ্টাৰনেট সেৱা কৰ্তন কেন্দ্ৰীয় চৰকাৰৰ

কথাশিল্পী ইমৰাণ শ্বাহলৈ পদ্মশ্ৰী সন্মান, শিৱসাগৰত আনন্দৰ বন্যা

কথাশিল্পী ইমৰাণ শ্বাহলৈ পদ্মশ্ৰী সন্মান, শিৱসাগৰত আনন্দৰ বন্যা

মৰিগাঁও আৰু টীয়কত ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন

মৰিগাঁও আৰু টীয়কত ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন

গণৰাজ্য দিৱসৰ পেৰেডৰ প্ৰতীকপদত কোভিড ভেকচিন

গণৰাজ্য দিৱসৰ পেৰেডৰ প্ৰতীকপদত কোভিড ভেকচিন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd