• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাহিত্য সভাৰ অধিৱেশনত কৈলাশ খেৰৰ হিন্দী গীত-নৃত্যক লৈ বিতৰ্ক, সৰ্বত্ৰে সমালোচনা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 4, 2020 7:54 pm
Kailash Kher

অসম সাহিত্য সভাৰ সাংস্কৃতিক সন্ধ্যাৰ অনুষ্ঠানত বলিউডৰ কৈলাশ খেৰ।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি সামৰণি পৰা অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনত সাংস্কৃতিক সন্ধিয়াত কৈলাশ খেৰক নিমন্ত্ৰণ জনাই হিন্দী গীত-নৃত্যই অসমীয়া জাতিক চৰম অপমান কৰিলে’ জীতেন দত্ত

‘অসম সাহিত্য সভা কেতিয়াবাই নিষিদ্ধ হ’ব লাগিছিল’ সাহিত্যিক অৰুণ গোস্বামী

Apply Now

অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনৰ স্মৃতিগ্ৰন্থত বাৰেপাচি ভুলেৰে ভাষাৰ শ্ৰাদ্ধ পতাৰ ঘটনাটো পোহৰলৈ অহাৰ সমান্তৰালকৈ ৩ ফেব্ৰুৱাৰিত অনুষ্ঠিত সাংস্কৃতিক সন্ধ্যাত বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী কৈলাশ খেৰৰ হিন্দী গীত আৰু নৃত্যক লৈও বিতৰ্কত পৰিছে অসম সাহিত্য সভা।

অনুষ্ঠানটোত গায়কজনৰ হিন্দী গীতৰ তালে তালে মঞ্চত উঠি একাংশ যুৱক-যুৱতীয়ে উদ্যম নৃত্য প্ৰদৰ্শন কৰা বিষয়টোত অধিক চৰ্চিত হৈছে।

অসমীয়া ভাষাৰ উন্নতিৰ হকে গঠিত অসম সাহিত্য সভাৰ সাংস্কৃতিক অনুষ্ঠানত অসমীয়া কলা-সংস্কৃতি বা নৃত্যৰ বিপৰীতে হিন্দী গীতৰ সমাহাৰ দেখি বহুকেইগৰাকীয়ে সমালোচনা কৰে।

বিষয়টোক লৈ সৰৱ হৈ পৰিছে আলোচনাপন্থী আলফা নেতা জিতেন দত্ত।

তেওঁ “জাতীয় অনুষ্ঠানৰ দ্বাৰাই অসমীয়া সংস্কৃতিত আঘাত” বুলি মন্তব্য কৰি সভাক আৰু আয়োজকক ক্ষুৰধাৰ সমালোচনা কৰে।

“জাতীয় অনুষ্ঠানৰ দ্বাৰাই জাতীয় সংস্কৃতিক চৰম আঘাত৷ ইয়াতকৈ আৰু লজ্জাজনক ঘটনা কি হ’ব পাৰে৷ জাতিৰ দুৰ্য্যোগৰ সময়ত ভাষা-সংস্কৃতিলৈ অহা সংকটত যি সাহিত্য সভাই এক শক্তিশালী ভূমিকা ল’ব লাগিছিল সেই সময়ত সাহিত্য সভাৰ অধিৱেশনৰ সাংস্কৃতিক সন্ধিয়াত কৈলাশ খেৰক নিমন্ত্ৰণ জনাই হিন্দী গীত-নৃত্যই অসমীয়া জাতিক চৰম অপমান কৰিলে”, নিজৰ ফেইচবুক ৱালত এইদৰে লিখে দত্তই।

অসম সাহিত্য সভাই লোক সংস্কৃতিক প্ৰাধান্য দিয়া নাই বুলিও গুৰুতৰ অভিযোগ তোলে দত্তই।

পোষ্টটোত দত্তই আৰু কয়, “লোক সংস্কৃতিক প্ৰাধান্য দিয়াৰ বিপৰীতে হিন্দী গীত আৰু তাৰ তালে তালে অসমীয়া যুৱতীৰ উদ্যাম নৃত্যই শুৱালকুছিৰ স্বকীয় গৌৰৱকো অপমান কৰিলে৷ এনেকুৱা জাতীয় অনুষ্ঠানৰ যোগেদি খিলঞ্জীয়া জাতি-জনগোষ্ঠীসমূহৰ ভাষা-সংস্কৃতিৰ বিকাশ সম্ভৱ নহয়”।

“ভালেই হ’ল বড়ো, মিচিং, দেউৰী সকলোৱে নিজ নিজ জনগোষ্ঠীয় সাহিত্য সভাৰ জন্ম দিলে”, দত্তই লগতে লিখে।

আনহাতে, এনেবোৰ বিষয়ত সাহিত্য সভাকে ধৰি অন্যান্য জাতীয় অনুষ্ঠানক সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিলে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইমৰাণ শ্বাহে।

“কি পৰিৱেশত তেনে এটা ঘটনা হ’ল সেইটো মই নাজানিম। মই যিমান দূৰ জানো এইবিলাকৰ কাৰণে এখন কমিটি থাকে আৰু তেওঁলোকেও নীতি নিৰ্ধাৰণ কৰি লয়। সেই ক্ষেত্ৰতে কিবা এটা খেলিমেলি হৈছে যাৰ বাবে, এই প্ৰশ্নৰ উদয় হ’ল। মই ভাবো এইক্ষেত্ৰত সাহিত্য সভাকে ধৰি অন্যান্য জাতীয় অনুষ্ঠাসমূহ সাৱধান হোৱাটো ভাল যাতে মানুহৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি নহয়”, সংবাদ মাধ্যমৰ আগত শ্বাহে কয়।

ইপিনে, কৈলাশ খেৰৰ হিন্দী গীত পৰিৱেশনৰ প্ৰসংগটো সমালোচনা কৰিবলৈ গৈ অসম সাহিত্য সভাক নিষিদ্ধ কৰাৰ দাবী তোলে সাহিত্যিক অৰুণ গোস্বামীয়ে।

তেওঁ সংবাদ মাধ্যমৰ আগত কয়, “অসম সাহিত্য সভা কেতিয়াবাই নিষিদ্ধ হ’ব লাগিছিল। আমিতো নেদেখিলোৱেই, আপোনালোকে সাহিত্য সভাই কৰা এটা ভাল কাম দেখুৱাই দিয়ক। হৰিপ্ৰসাদ নেওগ, মহেশ্বৰ নেওগ থকালৈকে অসম সাহিত্য সভাৰ বহুখিনি কাম কৰিছিল। কৈলাশ খেৰক ভাৰতত কোনো নাজানে? কৈলাশ খেৰক লাখ লাখ টকা দি অসমলৈ মাতি আনিছে অসম সাহিত্য সভাই। সকলোৱে কয় অসম সাহিত্য সভা অসমীয়া ভাষাৰ ৰক্ষক, কিন্তু মই কৈছো ভক্ষক।”

গোস্বামীয়ে অসম সাহিত্য সভাৰ মজিয়াত ৰাজনীতি চলাৰো অভিযোগ আনে আৰু কয়, “সাহিত্য সভাখন অৰাজনৈতিক নহয়, ৰাজনৈতিক অনুষ্ঠান, ইয়াত ৰাজনীতিৰ বাহিৰে একো নাই। গতিকে এইখন ভাঙি পেলোৱা উচিত। সাহিত্য সভাই যাকে-তাকে এসোপামান বঁটাহে দিব জানে”।

আনহাতে, জেৰুলিনা হাফিজ নামৰ এগৰাকী ফেইচবুক ব্যৱহাৰকাৰীয়ে নিজৰ ফেইচবুক ৱালত অসম সাহিত্য সভাক সমালোচনা কৰি লিখিছে, “অসম সাহিত্য সভাত কৈলাশ খেৰৰ সংগীতানুষ্ঠান………??? চাইনব’ৰ্ডত অসমীয়া লিখাক লৈ লাগি থাকোতেচোন নিজৰ অনুষ্ঠানৰে মঞ্চত অসমীয়া নিষিদ্ধ হ’ল। নাগপুৰক সন্তুষ্ট নে গ্লবে’ল ৰিপ্ৰেৰ্জেণ্ট? অসমীয়া শিল্পীসকল নোহোৱা হ’ল নে কা-বিৰোধিতাৰ বাবে বৰ্জন কৰা হ’ল??”

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

October 12, 2026 7:00 pm
সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

October 12, 2026 6:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd