আবকাৰী বিভাগ আৰু আৰক্ষীৰ যুটীয়া অভিযানত কলিয়াবৰত অৰুণাচলী সুৰাসহ ৪জন আটক

IMG-20180919-WA0026

ৰাজ্যত অব্যাহত আছে অবৈধ অৰুণাচলী সুৰাৰ মুকলি বেহা। অসমৰ মাজেৰে নিতৌ সৰবৰাহ হৈ আছে অৰুণাচলৰ পৰা অবৈধভাৱে সুৰা।

শেহতীয়াভাৱে এক গোপন সূত্ৰৰ নিশ্চিত খবৰৰ ভিত্তিত ১৮ ছেপ্টেম্বৰত কলিয়াবৰ আবকাৰী বিভাগে বাগৰি আৰক্ষীৰ সহযোগত এখন ধাবাৰ সন্মুখৰ পৰা দুখন সুৰাভৰ্তি ট্ৰাক জব্দ কৰে।

অবৈধ সুৰা সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে ট্ৰাক দুখনৰ চালক-হেণ্ডিমেনসহ মুঠ চাৰিজন লোকক আটক কৰে।

ঘটনাৰ বিৱৰণি মতে মংগলবাৰে সন্ধিয়া কলিয়াবৰৰ মহকুমাধিপতি বিতোপন নেওঁগৰ নেতৃত্বত আৱকাৰী বিভাগে বাগৰি আৰক্ষীৰ সহযোগত অবৈধ সুৰা ভৰ্তি ট্ৰাকৰ বিৰুদ্ধে এই শেহতীয়া অভিযানটো চলাইছিল।

জানিব পৰা মতে অৰুণাচলৰ ইটানগৰৰ পৰা NL-07-A-7961 আৰু NL-01-AA-3203  নম্বৰৰ ট্ৰাক দুখনে সাতত্ৰিশ নম্বৰ ৰাষ্ট্রীয় ঘাইপথেৰে অৰুণাচলী সুৰাখিনি সৰবৰাহ কৰি আনি থকা অৱস্থাতে কলিয়াবৰৰ আৱকাৰীৰ বিভাগৰ জালত পৰে।

অৰুণাচলৰ ৰয়িঙলৈ বুলি সৰবৰাহৰ চেষ্টা কৰোঁতে আৱকাৰী বিভাগৰ তালাচী গোট এটাই  উক্ত ট্ৰাক দুখন জব্দ কৰে।

আনহাতে আৱকাৰী বিভাগৰ বিষয়া সকলে নথিপত্ৰ পৰীক্ষা কৰাত নথি পত্ৰ সমূহ দাখিল কৰিব নোৱাৰাৰ লগতে কঢ়িয়াই অনা সুৰাৰ পৰিমাণ নথিপত্ৰৰ লগত মিল নাই বুলি আৱকাৰী বিভাগে আমাক জানিব দিয়ে।

সেয়ে বাগৰি আৰক্ষীৰ সহযোগত আৱকাৰী দলটোৱে  ট্ৰাক দুখন জব্দ কৰাৰ লগতে  চালক-হেণ্ডিমেনসহ চাৰিজন লোকক আটক কৰিছে।

কলিয়াবৰৰ বাগৰিত মংগলবাৰে সন্ধিয়া জব্দ দুখন অৰুনাচলী অবৈধ সুৰাভৰ্তি ট্ৰাক। গোপন খবৰৰ ভিত্তিত কলিয়াবৰ আবকাৰী বিভাগে বাগৰি আৰক্ষীৰ সহযোগত এখন ধাৱাৰ সন্মুখৰ পৰা সুৰাভৰ্তি ট্ৰাক দুখন জব্দ কৰে।