সৰস্বতী পূজাৰ দিনাই কলিয়াবৰৰ শিক্ষা খণ্ডৰ বৰভগীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয়ববীয়াই ললে এক ব্যতিক্ৰমী পদক্ষেপ।
বৰভগীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীৰ আনন্দ উল্লাস।
যোৱা বৰ্ষৰ নৱেম্বৰ মাহৰ ১ তাৰিখে বৰভগীয়া উচ্চ মাধ্যমিক বিদ্যালয় খন উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীতকৰণ হয়। ১৯৬১ চনতে স্থাপিত হোৱা এই বিদ্যালয় খনে আজি সৰস্বতী পূজাৰ দিনাই বিদ্যালয়ৰ মূল প্ৰৱেশ দ্বাৰাৰ পুৰণি ফলক “বৰভগীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰিৱৰ্তে বৰভগীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ” ফলকৰ শুভ উদ্বোধন কৰে।
বৰভগীয়া গাওঁ নিবাসী প্ৰয়াত কনক হাজৰিকাৰ পৰিয়ালে সমাজ সেৱক তথা অৱসৰপ্ৰাপ্ত অভিযন্তা কনক হাজৰিকাৰ সোৱৰণত বৰভগীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মূল প্ৰৱেশ দ্বাৰ বৰঙণি হিচাপে আগবঢ়াই ফিটা কাটি আজি সৰস্বতী পূজাৰ দিনাই মুকলি কৰে।
উক্ত অনুষ্ঠানত বিদ্যালয়ৰ অধ্যক্ষ বৌদ্ধমান ছেত্ৰীকে প্ৰমুখ্যে কৰি বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী ,স্থানীয় ৰাইজ তথা বিদ্যালয়ৰ শুভাকাংক্ষী সকল উপস্থিত থাকে।