NORTHEAST NOW (Assamese)

ওড়িশাত ২৬,০০০ ছাত্ৰ-ছাত্ৰীয়ে একেলগে দাত ব্ৰাছ কৰি গঢ়িলে বিশ্ব অভিলেখ

November 8, 2019 6:23 pm · এন ই নাও নিউজ
Source: Gstat

ওড়িশাৰ কলিংগ ইষ্টিটিউট অব ছ’চিয়েল চায়েঞ্চৰ ২৬,০০০ ছাত্ৰ-ছাত্ৰীয়ে একেসময়তে আৰু একেঠাইতে দাত ব্ৰাছ কৰি গ্ৰিনিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে।

জানিব পৰা মতে অনুষ্ঠানতটো কলিংগ দান্তব্য বিজ্ঞান প্ৰতিষ্ঠানে কলিংগ ইষ্টিটিউট অব চ’ছিয়েল চায়েঞ্চ ফাউণ্ডেশ্যন, আই এ পি এইচ ডি (ইণ্ডিয়ান অছ’চিয়েশ্যন অব পাব্লিক হেল্থ দেন্টিষ্ট্ৰি) আৰু কলগেট পালমোলাইভ লিমিটেডৰ সহযোগত অনুষ্ঠিত কৰিছিল।

অনুষ্ঠানত ৰাষ্ট্ৰীয় দাত ব্ৰাছ দিৱসত মুখৰ পৰিস্কাৰ পৰিচ্ছন্নতাৰ ওপৰতো গুৰুত্ব দিয়া হয়।

ইয়াৰ পূৰ্বে কৰ্ণাটক দিল্লী পাব্লিক স্কুলৰ ১৬,৪১৪ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ২০১৬ চনত একেলগে দাত ব্ৰাছ কৰি অভিলেখ গঢ়িছিল।

কলিংগ ইষ্টিটিউট অব চ’ছিয়েল চায়েঞ্চৰ বাবে এয়া তৃতীয়টো গ্ৰীনিজ বুক ৱৰ্ল্ড ৰেকৰ্ড। ইয়াৰ পূৰ্বে প্ৰতিষ্ঠাখনে দুটা অন্য শিতানত এনে অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল।

Related News