• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰত সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা আৰু কলিতা জনগোষ্ঠী যুৱ ছাত্ৰ পৰিষদৰ সংবাদ মেল

NE NOW NEWS পাৰ্শ্বজোতি গগৈ
গুৱাহাটী , October 6, 2020 6:30 pm

2 min read

শিৱসাগৰত সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা আৰু কলিতা জনগোষ্ঠী যুৱ ছাত্ৰ পৰিষদৰ সংবাদ মেল
376
VIEWS
Share on FacebookShare on Twitter

কলিতা জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্বশাসিত পৰষদ গঠনকে ধৰি বিভিন্ন দাবীৰে ১০ অক্টোবৰত ১২ ঘন্টীয়া অসম বন্ধৰ আহ্বান জনাইছে কলিতা জনগোষ্ঠীৰ যৌথ সংগ্ৰাম সমিতিয়ে।

আজি শিৱসাগৰত অনুষ্ঠিত এক সংবাদ মেলত এই কথা ঘোষণা কৰে সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা আৰু কলিতা জনগোষ্ঠী যুৱ ছাত্ৰ পৰিষদে।

সংবাদ মেলত সংগঠন দুটাই বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে। চৰকাৰক বিভিন্ন সময়ত  কলিতা জনগোষ্ঠীৰ সংগঠন সমূহে জনজাতিকৰণকে ধৰি বিভিন্ন দাবী উত্থাপন কৰি আহিছে যদিও চৰকাৰে দাবী সমূহ পূৰণৰ বাবে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰে সংগঠন দুটাই।

বিজেপি চৰকাৰৰ ‘সব কা সাথ সব কা বিকাশ’ কেৱল এক শ্ল’গানহে বুলি অভিহিত কৰে সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বীহক সদস্য যুগান্তৰ বৰদলৈয়ে।

আনহাতে, কলিতা জনগোষ্ঠী যুৱ ছাত্ৰ পৰিষদৰ উপদেষ্টা জয়সূৰ্য্য বৰাই কয় যে, ২১ৰ নিৰ্বাচনৰ আগত যদি চৰকাৰে কলিতা জনগোষ্ঠীসমূহে উত্থাপন কৰা দাবী সমুহ পূৰণ কৰে তেন্তে ৭০ লাখ কলিতা ৰাইজ একত্ৰিত হৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ গণ আন্দোলন গঢ়ি তোলা হ’ব।

তদুপৰি, কলিতা জনগোষ্ঠী যুৱ ছাত্ৰ পৰিষদে তেওঁলোকৰ বিভিন্ন দাবী পূৰণৰ বাবে আজি শিৱসাগৰ জিলা উপায়ুক্তৰ জড়িয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

সংগঠন দুটাই উত্থাপন কৰা দাবী সমূহ হ’ল ক্ৰমে-  কলিতা জনগোষ্ঠীক অনুসূচীত জনজাতি ঘোষণা কৰা,  প্ৰাগজ্যোতিষপুৰ নামেৰে কলিতা জনগোষ্ঠীৰ বাবে স্বায়ত্ব শাসিত পৰিষদ ঘোষণা কৰা, কলিতা জনগোষ্ঠীৰ উন্নয়ণ পৰিষদ গঠন কৰা, লোকসভা ৰাজ্যসভা আৰু প্ৰস্তাবিত উচ্চ সদনত কলিতা জনগোষ্ঠীৰ বাবে আসন সংৰক্ষিত কৰা, শিক্ষাৰ ক্ষেত্ৰত কলিতা জনগোষ্ঠীৰ বাবে ৩০ শতাংশ আসন সংৰক্ষিত কৰা, অসমৰ প্ৰতিখন জিলাত কলিতা ৰজা ভগদত্ত প্ৰকল্পৰ বাবে চৰকাৰী ভূমি আৱন্তন দিয়া, কলিতা জনগোষ্ঠীৰ উন্নয়ণৰ বাবে ২০০ কোটি টকাৰ পেকেজ ঘোষণা কৰা তথা এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংগীত শিল্পীলৈ শ্বহীদ সাংবাদিক কমলা শইকীয়া সোঁৱৰণী বঁটা প্ৰদান কৰাৰ লগতে শিৱসাগৰ নগৰত শ্বহীদ সাংবাদিক গৰাকীৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা।

৩০ টা জাতীয় সংগঠনৰ আৰু ৭০ টা জাতীয় সংগঠনৰ প্ৰস্থাবিত ৰাজনৈতিক দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে কলিতা জনগোষ্ঠীৰ কোনো সংগঠনক নিমন্ত্ৰণ জনোৱা নাই বুলিও জনায় সংগঠন দুটাই।

Recent News

a mam

তামুলপুৰৰ বিভিন্ন ঠাইত আছুৰ প্ৰতিবাদ, ক’লা পতাকা প্ৰদৰ্শন

a mam

মাৰ্ঘেৰিটা মহকুমাৰ কুমচাইকঙত প্ৰথম বাৰ্ষিক আদিম জনগোষ্ঠী সমাৰোহ

AASU protest in Sualkushi

ৰাজ্যজুৰি তীব্ৰতৰ প্ৰতিবাদ; মন্ত্ৰী হিমন্তৰ গৃহ সমষ্টিৰ শুৱালকুছিতো কা’ৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

WhatsApp Image 2021-01-24 at 12.14.49 PM

বিস্ফোৰক গ্ৰেগ চেপেল! ভাৰতীয় তৰুণ সকলৰ তুলনাত অষ্ট্ৰেলিয়ানবোৰ প্ৰাথমিক স্কুলৰ ছাত্ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd