বিতৰ্কিত টুইটৰ বাবেই কাৰাগাৰলৈ! মুম্বাই আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ কমল ৰছিদ খান

কমল ৰছিদ খান।

কমল ৰছিদ খান বলীউডৰ আটাইতকৈ বিতৰ্কিত লোকসকলৰ মাজৰ এজন।  স্বয়ম্ভু চলচ্চিত্ৰ সমালোচক তথা অভিনেতাজনে বলীউডৰ তাৰকাসকলক কথাই কথাই সমালোচনা কৰে। কেআৰকে হিচাপে পৰিচিত এই বহুবল্কী অভিনেতাজনক মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

বাতৰি অনুসৰি, মালাদ আৰক্ষীয়ে তেওঁক তেওঁৰ ২০২০ চনৰ বিতৰ্কিত টুইটৰ বাবে গ্ৰেপ্তাৰ কৰে। কেআৰকে মঙলবাৰে দেশলৈ উভতি অহাৰ পিছতে মুম্বাই আৰক্ষীয়ে তেওঁক জিম্মাত লয়। আজি বৰিভালি আদালতত তেওঁক হাজিৰ কৰোৱা হ’ব।

লগতে পঢ়ক: উত্তেজনা! পূৱ লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত ভাৰতীয় পশুপালকসকলক হাৰাশাস্তি চীনৰ সেনাৰ

কমল ৰছিদ খানে প্ৰায়েই বলীউডৰ তাৰকাসকলৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰে। চলমান খানৰ পৰা অক্ষয় কুমাৰ, কৰণ জহৰৰ পৰা বিৰুষ্কালৈকে তাৰকাসকলক আক্ৰমণৰ লক্ষ্য কৰাতেই ব্যস্ত থাকে কেআৰকে।

এজন অভিনেতা হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল যদিও তেওঁ এতিয়া বিতৰ্কিত টুইট আৰু চলচ্চিত্ৰ সমালোচনাৰ বাবেহৈ চৰ্চিত হৈ থাকে।

লগতে পঢ়ক: ইৰাকী নেতাৰ ৰাজনীতি ত্যাগ: ৰাষ্ট্ৰপতিৰ প্ৰাসাদত প্ৰতিবাদকাৰী-সমৰ্থকৰ তাণ্ডৱ; দেশজুৰি জাৰি কাৰফিউ

মাত্ৰ দুদিন পূৰ্বে কেআৰকে-ই অনুষ্কা শৰ্মাৰ বিষয়ে এটা বিতৰ্কিত টুইট কৰিছিল। তেওঁ অভিনেত্ৰীগৰাকীক বিৰাট কোহলীৰ হতাশাজনক প্ৰদৰ্শনৰ বাবে দোষাৰোপ কৰিছিল। ইয়াৰ বাবে তেওঁক ট্ৰ’ল হ’ব লগীয়াও হৈছিল।

বাতৰিৰ শিৰোনাম দখল কৰি থাকিবলৈ কেআৰকে-ই সদায় কিবা নহয় কিবা এক বিতৰ্কৰ সূচনা কৰে। বিগ বছৰ প্ৰাক্তন প্ৰতিযোগীজনে অলপতে খান উপাধি বাদ দি ‘কুমাৰ’ উপাধি লৈছিল।

লগতে পঢ়ক: Fight in Flight: মধ্য আকাশতে কাজিয়াত লিপ্ত দুই পাইলট; অৱশেষত দুজনেই নিলম্বিত

২০০৬ চনত তেওঁ মুন্না পাণ্ডে বেৰোজগাৰ নামৰ ভোজপুৰী চলচ্চিত্ৰত অভিনয় কৰাৰ পিছত তেওঁক ‘দেশদ্ৰোহী’ নামৰ চলচ্চিত্ৰখনত দেখা গৈছিল। এই ছবিখনৰ প্ৰযোজকো আছিল তেওঁ। ছবিখনে অৱশ্যে বক্স অফিচত মুখ থেকেচা খাইছিল।