অসম আন্দোলনৰ সক্ৰিয় কৰ্মী, অভিনেতা কামাখ্যাপ্ৰসাদ দাসৰ বিয়োগ

20181019_123232

অসম আন্দোলনৰ সক্ৰিয় কৰ্মী, অভিনেতা, সমাজসেৱক, চহিদ স্মৃতি সংঘৰ প্ৰতিষ্ঠাপক সদস্য তথা বৰপেটা চহৰৰ গান্ধীনগৰ নিৱাসী কামাখ্যাপ্ৰসাদ দাসৰ কালি নিজ বাসভৱনত মৃত্যু হয়। অসম আন্দোলনৰ সক্ৰিয় কৰ্মী দাসে বৰপেটাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত সক্ৰিয়ভাবে জড়িত থকাৰ উপৰিও এগৰাকী সমাজসেৱক হিচাপেও সেৱা আগবঢ়াইছিল৷ অসম নাট্য সন্মিলনৰ কেইবাটাও পদত সফলভাবে কাৰ্যনিৰ্বাহ কৰা দাসে কেইবাখনো নাটকত বলিষ্ঠ  অভিনয় কৰি অভিনয়ৰ ক্ষেত্ৰতো নিজৰ পাৰদৰ্শিতাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছিল৷

বৰপেটা জিলা উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী দাসে বিগত কিছুদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছিল৷ অসম আন্দোলনৰ সক্ৰিয় কৰ্মী দাসৰ অকাল বিয়োগত কালি সন্ধিয়া চহিদ স্মৃতি সংঘৰ উদ্যেগত বৰপেটা চহৰৰ গান্ধীনগৰত এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে ৷

এই অনুষ্ঠানত কেইবাজনো বিশিষ্ট ব্যক্তি আৰু স্থানীয় লোকে কামাখ্যাপ্ৰসাদ দাসক শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে তেওঁৰ কৰ্মজীৱনৰ ওপৰত চমু  আলোকপাত কৰে ৷

উল্লেখ্য যে, মৃত্যুৰ সময়ত দাসৰ বয়স হৈছিল ৫২ বছৰ৷ মৃত্যুৰ সময়ত দাসে পত্নীসহ এজনী জীয়ৰী, এজন পুত্ৰৰ লগতে আত্মীয় স্বজন আৰু বন্ধু-বান্ধৱক ইহ-সংসাৰত এৰি থৈ যায়৷