আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হিচাপে জো বিডেন নিৰ্বাচিত হোৱাৰ লগে লগে উপ ৰাষ্ট্ৰপতি পদত নিৰ্বাচিত হৈ ভাৰতীয় বংশোদ্ভৱ কমলা হেৰিছেও গঢ়িলে অভিলেখ।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইতিহাসত বহু স্মৰণীয় ঘটনাৰ সাক্ষী হৈ কমলা হেৰিছে নতুন যাত্ৰাৰ শুভাৰম্ভণি ঘটালে।
কমলা হেৰিছে প্ৰথম মহিলা হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈছে।
সেইদৰে তেওঁ হৈছে কৃষ্ণাংগ তথা এছিয়ান তথা ভাৰতীয় আমেৰিকান হিচাপে এই দায়িত্ব লাভ কৰা প্ৰথম ব্যক্তি।
কমলা হেৰিছে প্ৰায়েই তেওঁৰ বক্তৱ্যত তেওঁৰ মাতৃভূমি ভাৰতৰ বিশেষকৈ তামিলনাডুৰ কথা উল্লেখ কৰিছে।
কমলাৰ মাতৃ প্ৰয়াত শ্যামলা গোপালন তামিলনাডুৰ বাসিন্দা আছিল। অধ্যনৰ বাবে আমেৰিকালৈ গৈ তাত এক কৃষ্ণাংগৰ সৈতে প্ৰেমবিবাহ হয়। অৱশ্যে, সেই বিয়া বেছিদিন নিটিকিল।
শ্যামলা কৰ্মৰ বাবে আমেৰিকাত আছিল যদিও ভাৰতৰ সৈতে যোগাযোগ অক্ষুণ্ণ ৰাখিছিল। দুগৰাকী কন্যাক লৈ বহুবাৰ চেন্নাইলৈ আহিছিল।
নিৰ্বাচনী প্ৰচাৰৰ সময়ত কমলাই মাকৰ কথা প্ৰায়েই উল্লেখ কৰিছিল।
নিৰ্বাচনী প্ৰচাৰৰ সময়ত বহু কটাক্ষ সহ্য কৰিবলগীয়া হৈছিল কমলা হেৰিছে। ৰিপাব্লিকানসকলে ইচ্ছাকৃতভাৱে তেওঁৰ নামটো বিকৃত কৰি উচ্চাৰণ কৰিছিল। ট্ৰাম্পে তেওঁক ডাইনী বুলি সম্বোধন কৰিছিল। কিন্তু এই সকলোবোৰলৈ ভ্ৰুক্ষেপ কৰা নাছিল কমলাই।
অকলেণ্ডত অধিবক্তা হিচাপে কেৰিয়াৰ আৰম্ভ কৰা কমলাই নিজৰ কামৰ জৰিয়তে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।
২০১০ আৰু ২০১৪ত তেওঁ কেলিফ’ৰ্ণিয়াৰ এটৰ্ণি জেনেৰেল নিৰ্বাচিত হৈছিল। সেইদৰে, ২০১৬চনত দ্বিতীয়গৰাকী কৃষ্ণাংগ মহিলা আৰু প্ৰথম ভাৰতীয় আমেৰিকান হিচাপে তেওঁ চিনেটলৈ নিৰ্বাচিত হয়।
আনহাতে, ২০২০চনত ৰাষ্ট্ৰপতি পদৰ বাবে ডেম’ক্ৰেটিক প্ৰাইমাৰীত নাম দাখিল কৰিলে তাত পৰাজিত হয়। তাৰ পাছতে জো বিডেনে তেওঁক উপ ৰাষ্ট্ৰপতি পদৰ প্ৰস্তাৱ আগবঢ়ায়।
জো বিডেনৰ প্ৰস্তাৱ গ্ৰহণ কৰি আজি ডেম’ক্ৰেট দলৰ পৰা আমেৰিকাৰ উপ ৰাষ্ট্ৰপতি পদলৈ নিৰ্বাচিত হৈছে ভাৰতীয় আমেৰিকান কমলা হেৰিছ।