পঞ্চায়ত নিৰ্বাচন : ৫ ডিচেম্বৰত বন্ধ থাকিব কামৰূপ মহানগৰ জিলা; ড্ৰাই ডেই ঘোষণা

কোনেও মনোনয়ন দাখিল নকৰা বাবে খালী থাকিল দুটাকৈ পদ

DC Kamrup (M)

পঞ্চায়ত নিৰ্বাচন বিষয়ত আৱৰ্ত ভৱনত এখন সংবাদমেলত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বীৰেন্দ্ৰ মিট্টাল।

অহা ৫ ডিচেম্বৰত প্ৰথম পৰ্য্যায়ৰ পঞ্চায়ত নিৰ্বাচন উপলক্ষে কামৰূপ মহানগৰ জিলাৰ সকলো শিক্ষা প্ৰতিষ্ঠান, চৰকাৰী কাৰ্য্যালয় বন্ধ থাকিব।

এই কথা জনাইছে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বীৰেন্দ্ৰ মিট্টালে। পঞ্চায়ত নিৰ্বাচন বিষয়ত আৱৰ্ত ভৱনত আজি এখন সংবাদমেল দি মিট্টালে কয় যে অহা ৫ ডিচেম্বৰৰ প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসন সকলো প্ৰকাৰে সাজু হৈ উঠিছে।

ইতিমধ্যে নিৰ্বাচনত জড়িত হ’ব লগীয়া বিষয়া-কৰ্মচাৰীসকলৰ তিনিটা পৰ্যায়ত প্ৰশিক্ষণ সম্পূৰ্ণ হৈছে।

মুঠ ২৫৬টা ভোটকেন্দ্ৰত পুৱা ৭ বজাৰ পৰা ৩ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। সৰ্বমুঠ ২১টা পঞ্চায়তৰ বাবে এই নিৰ্বাচন অনুষ্ঠিত হ’ব। সৰ্বমুঠ প্ৰাৰ্থীৰ সংখ্যা ৬৮৬, ইয়াৰে মহিলা প্ৰাৰ্থী আছে ১৩১গৰাকী। সৰ্বমুঠ ভোটাৰ ১৮৮৯৪৩ পুৰুষ ভোটাৰ ৯৪৯০৪ আৰু মহিলা ভোটাৰ ৯৪০৩৯ গৰাকী।

ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে মুঠ ৬গৰাকী প্ৰতিনিধিয়ে, ২গৰাকী বিজেপিৰ আৰু ৪ কংগ্ৰেছৰ নিৰ্বাচিত হৈছে। ইপিনে এইবাৰ কামৰূপ মহানগৰ জিলাত দুটা পদত কোনো প্ৰাৰ্থীয়ে মনোনয়ন দাখিল নকৰা বাবে এইকেইটা খালী থাকিল বুলি উপায়ুক্তজনে জনায়। খালী থকাকেইটা হ’ল- বৰখাত গাওঁ পঞ্চায়ত আৰু ডিগাৰু গাওঁ পঞ্চায়তৰ একোটাকৈ ৱাৰ্ড মেম্বাৰৰ পদ। এইকেইটা অনুসূচিত জাতিৰ মহিলাৰ বাবে সংৰক্ষিত আছিল।

সংবাদমেলত মিট্টালে জনোৱামতে, নিৰ্বাচনৰ বাবে সোণাৰাম হাইস্কুলত ষ্ট্ৰং ৰূম কৰা হৈছে।

মিট্টালে লগতে জনায় যে মহানগৰ জিলাখনত আজিৰ পৰা উক্ত দিনটোলৈকে ড্ৰাই ডে ঘোষণা কৰা হৈছে।