বৃয়োবৃদ্ধ কৃষক বিক্ষোভকাৰীক ভুৱা পৰিচয় দি তাচ্ছিল্য কংগণাৰ : কংগণালৈ আইনী জাননী প্ৰেৰণ আইনজীৱীৰ

index.jpg

দিল্লীৰ কৃষক বিক্ষোভত অংশগ্ৰহণকাৰী এগৰাকী বৃদ্ধা মাহিন্দৰ কৌৰ নামৰ প্ৰতিবাদকাৰী গৰাকীক শ্বাহীন বাগ আন্দোলনৰ নেত্ৰী বিলকিছ বান’ বুলি সামাজিক মাধ্যমত ভুৱা তথ্য প্ৰচাৰ কৰি জনসাধাৰণক বিপথে পৰিচালিত কৰাৰ অভিযোগত বলিউদৰ অভিনেত্ৰী কংগণা ৰাণাৱটৰ বিৰুদ্ধে আইনী জাননী প্ৰেৰণ কৰা হৈছে।

পঞ্জাৱস্থিত এগৰাকী আইনজীৱী হৰকাম সিঙে ৩০ নৱেম্বৰ বলিউদৰ বিৰ্তকিত অভিনেত্ৰী কংগণালৈ আইনী জাননী প্ৰেৰণ কৰি লিখিছে যে অভিনেত্ৰী গৰাকীয়ে তেওঁ টুইটৰ উৎস তথা তথ্যৰ শুদ্ধতা প্ৰমাণ দিব লাগিব। অন্যথা জনসাধাৰণক বিপথে কৰাৰ বাবে ক্ষমা খুজিব লাগিব।

“কৌৰক বিলকিছ বান’ক সজাই ১০০ টকা মজুৰী লৈ প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰিছে বুলি তেওঁ টুইট কৰি প্ৰচাৰ কৰিছিল, তাৰ তথ্যৰ শুদ্ধতা আৰু ইয়াৰ উৎস বিচাৰি মই তেওঁলৈ আইনী জাননী প্ৰেৰণ কৰিছো। জাননীত কংগণাক উত্তৰ দিবলৈ ৭ দিনৰ সময় দিয়া হৈছে।” আইনজীৱী সিঙে কয়।

উল্লেখ্য যে বলিউদৰ বিতৰ্কিত অভিনেত্ৰী কংগণা ৰাণাৱটে বয়োবৃদ্ধ মাহিন্দৰ কৌৰৰ ফ’টো থকা এটা টুইট শ্বেয়াৰ কৰি তাচ্ছিল্যৰে টুইট কৰি লিখিছিল যে শ্বাহীন বাগ প্ৰতিবাদতত অংশগ্ৰহণকাৰী বিলকিছে মাত্ৰ ১০০ টকাৰ বিনিময়ত কৃষকৰ দিল্লী চলো বিক্ষোভ অংশগ্ৰহণ কৰিছে।

ইয়াৰ পিছতে সামাজিক মাধ্যমত তুমুল বিতৰ্কৰ সূত্ৰপাত হয় আৰু কংগণাই উক্ত পোষ্টটো পিছত ডিলিট কৰি দিয়ে।

“আপোনাক জনাওঁ যে তেওঁ ভুৱা নহয়। তেওঁৰ নাম মাহিন্দৰ কৌৰ আৰু তেওঁ বাথিন্দৰ কৃষক লভি সিঙ নামবাৰদাৰৰ পত্নী। তেওঁ গোটেই জীৱনটো কৃষি ক্ষেত্ৰত প্ৰৰিশ্ৰম কৰি অতিবাহিত কৰিছে।” জাননীখনত আইনজীৱী সিঙে উল্লেখ কৰিছে।