চাঞ্চল্য! আশ্ৰমত উদ্ধাৰ অভিনেত্ৰী তথা বিগ বছৰ প্ৰাক্তন প্ৰতিযোগীৰ মৃতদেহ

a kana

টেলিভিছনৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব’ বিগ বছৰ এগৰাকী প্ৰাক্তন প্ৰতিযোগী তথা অভিনেত্ৰীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ কথাই এতিয়া ৰহস্যৰ সৃষ্টি কৰিছে।

বিগ বছৰ প্ৰাক্তন প্ৰতিযোগী তথা কানাড়া অভিনেত্ৰী জয়শ্ৰী ৰামায়াৰ মৃতদেহ আজি বাংগালুৰুৰ এখন আশ্ৰমত উদ্ধাৰ হয়।

অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই।

জয়শ্ৰীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে চলচ্চিত্ৰপ্ৰেমীসকলৰ মাজত শোকৰ ছাঁ পৰে।

অভিনেত্ৰীগৰাকীৰ ঘনিষ্ঠ মহলে প্ৰকাশ কৰা মতে বিগত কেইমাহমানৰ পৰা অভিনেত্ৰীগৰাকীয়ে তীব্ৰ মানসিক অৱসাদৰ চিকাৰ হৈছিল।

হতাশা আৰু মানসিক অৱসাদৰ পৰা মুক্ত হোৱাৰ বাবেই তেওঁ কিছুদিন ধৰি বাংগালুৰুৰ আশ্ৰম খনত আছিল।

আজি তেওণৰ মৃতদেহ আশ্ৰম খনৰ এটা কোঠাত উদ্ধাৰ হয়।

বহুতে সন্দেহ কৰা মতে অভিনেত্ৰী জয়শ্ৰীয়ে হতাশাৰ চিকাৰ হোৱা বাবেই আত্মহত্যাৰ পথ বাচি লৈছে।অৱশ্যে আৰক্ষীৰ অনুসন্ধান আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পিছতহে সকলো কথা স্পষ্ট হ’ব বুলি ধাৰণা কৰা হৈছে।

আৰক্ষীয়ে আজি অভিনেত্ৰীগৰাকীৰ মৃতদেহ চমজিলৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

উল্লেখ্য মানসিক অৱসাদত ভোগা অভিনেত্ৰীগৰাকীয়ে ২০২০ চনৰ জুলাই মাহত ফেচবুকত দিয়া এটা পোষ্টত এইবুলি উল্লেখ কৰিছিল যে তেওঁৰ আৰু জীয়াই থাকিবলৈ মন নাই।

তেওঁৰ মনত অনৱৰতে আত্মহত্যাৰ বাসনাই ক্ৰিয়া কৰা বুলিও তেওঁ পোষ্টটোত উল্লেখ কৰিছিল।

অৱশ্যে পোষ্টটোকলৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছতে তেওঁ পোষ্টটো ডিলিট কৰিছিল আৰু পিছত তেওঁ ভালে আছে বুলি উল্লেখ কৰি আন এটা পোষ্ট দিছিল।

অভিনেত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত তেওঁ আত্মহত্যা কৰা বুলিয়েই বহুতে সেয়ে সন্দেহ কৰিবলৈ লৈছে।

উল্লেখ্য কানাড়ী ছবি ‘Uppu Huli Khara’ ৰ জৰিয়তে তেওঁ চলচ্চিত্ৰ জগতখনত খোজ পেলাইছিল।