NORTHEAST NOW (Assamese)

বলিউদৰ অভিনেত্ৰী আলিয়া ভাটৰ প্ৰথমখন ছবিত কি চৰ্ত আৰোপ কৰিছিল পৰিচালক কৰণ জোহৰে?

March 16, 2020 9:52 am · এন ই নাও নিউজ
Updated: March 17, 2020 10:17 am
ফাইল ফ'টো, সৌজন্য- ইন্টাৰেনট

অতি কম সময়তে কঠোৰ পৰিশ্ৰমৰ ফলত বলিউদত খোপনি পুতিবলৈ সক্ষম হৈছে আলিয়া ভাট।

বলিউদৰ ছবি নিৰ্মাতা তথা নিৰ্দেশ মহেশ ভাটৰ জীয়ৰী আলিয়াই বলিউদত নিজৰ কেৰিয়াৰ গঢ়িবলৈ পিতৃৰ সহায় লোৱা নাই। নিজৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰতিভাৰ বলতে আজিৰ স্থানত উপণীত হৈছে আলিয়া ভাট।

এই আলিয়া ভাটে বলিউদত প্ৰথম খোজ দিছিল কৰণ জোহৰৰ বলিউদৰ জনপ্ৰিয় তথা সফল ছবি ষ্টুডেণ্ট অৱ ইয়েৰৰ জৰিয়তে।

উল্লেখ্য যে এই ছবিখনৰ বাবে আলিয়া ভাটে ৫০০ গৰাকী যুৱতীৰ সৈতে অ’ডিচন দিবলগীয়া হৈছিল। আৰু সেই ৫০০ গৰাকী যুৱতীৰ মাজৰ পৰা আলিয়া নিৰ্বাচিত কৰিলেও পৰিচালক কহণ জোহৰে এটা চৰ্ত আৰোপ কৰিছিল।

সেই চৰ্তত সন্মতি প্ৰদান কৰাৰ পিছতহে ছবিখনৰ কাষ্টিঙৰ বাবে গ্ৰহণ কৰা হ’ব বুলি কৰণ জোহৰে জনাইছিল আলিয়া ভাটক।

কৰণ জোহৰে চৰ্ত আৰোপ কৰিছিল যে আলিয়াই নিজৰ শৰীৰ ওজন কমাব পাৰিব লাগিব। আলিয়াই সেই চৰ্তত সন্মত হৈছিল আৰু মাত্ৰ তিনি সপ্তাহৰ ভিতৰতে শৰীৰ ওজন ১৬ কিলোগ্ৰাম হ্ৰাস কৰিছিল।

তাৰ পিছত  সেই ছবিখনৰ দ্বাৰা বলিউদত খোজ পেলাই ২৭ বৰ্ষীয় আলিয়াই এতিয়াও দপদপাই আছে।

Related News