কেবিনেটৰ সেউজ সংকেত! কৰ্ণাটক চৰকাৰে বাতিল কৰিব পূৰ্বৰ চৰকাৰৰ ধৰ্মান্তকৰণ বিৰোধী বিধেয়ক

পূৰ্বৰ বিজেপি চৰকাৰে অনা ধৰ্মান্তৰকৰণ বিৰোধী বিধেয়ক বাতিল কৰিবলৈ সাজু হৈছে কৰ্ণাটকৰ সিদ্দাৰামাইয়া নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে। এই বিধেয়কখন যোৱা বছৰ উত্থাপন কৰা হৈছিল। বৃহস্পতিবাৰে ৰাজ্যিক আইন আৰু বিধান পৰিক্ৰমা মন্ত্ৰী এইচ কে পাটিলে কেবিনেট বৈঠকত বিধেয়কখন বাতিল কৰিবলৈ কেবিনেটে সেউজ সংকেত দিয়া বুলি জনায়।

বিগত বৰ্ষৰ কৰ্ণাটক বিধানসভাৰ শীতকালীন অধিবেশনত এই বিধেয়কখন উত্থাপন কৰিছিল তেতিয়াৰ ৰাজ্যৰ গৃহমন্ত্ৰী আৰাগা জননেন্দ্ৰই। সেই সময়ত বোম্মাই চৰকাৰে কৈছিল যে এই বিধেয়কখনৰ উদ্দেশ্য হৈছে বলপূৰ্বক, ভুল বুজনি, প্ৰলোভন, প্ৰৱঞ্চনা বা বিবাহৰ ফান্দত ধৰ্মান্তৰকৰণ ৰোধ কৰা।

লগতে পঢ়ক: স্তব্ধ ধিং এক্সপ্ৰেছ! আঘাতৰ বাবে এইবাৰ এছিয়ান গেমছত খেলিব নোৱাৰিব যোৱাবাৰৰ স্বৰ্ণজয়ী হিমাই

কিন্তু তেতিয়াৰ পৰাই কংগ্ৰেছে এই বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰি আহিছে। ছিদ্দাৰামাইয়াই যুক্তি দিছিল যে এই বিধেয়কখন আচলতে জনবিৰোধী, অমানৱীয়, অসাংবিধানিক, দৰিদ্ৰ বিৰোধী আৰু দানৱীয়। গতিকে বোম্মাই চৰকাৰে এই বিধেয়কখন প্ৰত্যাহাৰ কৰক। জেডিএছ-য়েও বিধেয়কখনৰ বিৰোধিতা কৰিছিল।

বিধেয়কখনত সাধাৰণ ধৰ্মান্তৰকৰণৰ ক্ষেত্ৰত ৩ৰ পৰা ৫ বছৰৰ কাৰাদণ্ড আৰু ২৫ হাজাৰ টকা জৰিমনা বিহাৰ ব্যৱস্থা আছিল। বিশেষ ক্ষেত্ৰত অৰ্থাৎ নাবালক, মহিলা, অনুসূচিত জাতি, অনুসূচিত জনজাতিৰ ক্ষেত্ৰত যদি এনে অপৰাধ সংগঠিত হয়, তেন্তে দোষীক ৩ৰ পৰা ১০ বছৰৰ কাৰাদণ্ড আৰু ৫০,০০০ টকা জৰিমনা বিহাৰ কথা কোৱা হৈছিল।

লগতে পঢ়ক: ব্ৰিজভূষণৰ বিৰুদ্ধে দিল্লী আৰক্ষীৰ ৫০০ পৃষ্ঠাৰ অভিযোগনামা; বাতিল POCSO আইনৰ অভিযোগ!

কৰ্ণাটকৰ গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয় যে কেবিনেটে আৰ এছ এছৰ অন্যতম প্ৰতিষ্ঠাপক কে বি হেডগেৱাৰৰ ওপৰত থকা অধ্যায়টো স্কুলৰ ইতিহাসৰ কিতাপৰ পৰা আঁতৰাই পেলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যোৱা বছৰ কৰ্ণাটকৰ বিজেপি চৰকাৰে এই অধ্যায়টো ইতিহাসৰ গ্ৰন্থত অন্তৰ্ভুক্ত কৰিছিল। ইয়াৰ উপৰিও বিজেপি চৰকাৰে বিদ্যালয়ৰ পাঠ্যক্ৰমত কৰা সকলো সালসলনি ঘূৰাই অনাৰ সিদ্ধান্তও সিদ্দাৰামাইয়া নেতৃত্বাধীন মন্ত্ৰীসভাই গ্ৰহণ কৰিছে।