যৌন কলেংকাৰিত জড়িত কৰ্ণাটকৰ প্ৰাক্তন মন্ত্ৰী ৰমেশ জাৰকিহোলীক সমৰ্থন দিছে কৰ্ণাটকৰ বিজেপি চৰকাৰে। এই দাবী কৰিছে কৰ্ণাটক কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰে।
উল্লেখ্য যে কিছুদিন পূৰ্বে কৰ্ণাটকৰ বিজেপি চৰকাৰৰ এগৰাকী মন্ত্ৰী ৰমেশ জাৰকিহোলীয়ে জড়িত থকা বুলি অভিযোগ উঠা যৌন কেলেংকাৰিৰ এটা ভিডিঅ’ ভাইৰেল হৈছিল। উক্ত ভিডিঅ’ত চাকৰি দিয়াৰ প্ৰলোভেনেৰ মন্ত্ৰীগৰাকীয়ে এগৰাকী মহিলাৰ সৈতে অন্তৰংগ মুহূৰ্ত কটোৱাৰ দৃশ্য দেখা গৈছিল।
ভিডিঅ’টো ভাইৰেল হোৱাৰ লগে লগে কৰ্ণাটকৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি হৈছিল আৰু অভিযুক্ত মন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰিবলৈ বাধ্য হৈছিল।
কিন্তু মন্ত্ৰীগৰাকীয়ে পদত্যাগৰ কৰাৰ পিছতো সমগ্ৰ কেলেংকাৰিটোৰ তদন্ত গেঠেলা মাৰি থকা বুলি কংগ্ৰেছে দাবী কৰিছে। আনকি কৰ্ণাটক বিজেপি চৰকাৰে যৌন কেলেংকাৰিত জড়িত থকা প্ৰাক্তন মন্ত্ৰীগৰাকীক সমৰ্থন কৰিছে বুলিও বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে।
লগতে পঢ়ক : যৌন কেলেংকাৰিত অভিযুক্ত বিজেপি মন্ত্ৰীৰ পদত্যাগ : সত্যতাৰ প্ৰমাণৰ বাবে তদন্তৰ দাবী
কৰ্ণাটক কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰৰ মতে অভিযুক্ত মন্ত্ৰীগৰাকীক চৰকাৰে সমৰ্থন কৰাৰ বাবেই আৰক্ষী কেলেংকাৰিটোৰ সন্দৰ্ভত কোনো তদন্ত আৰম্ভ কৰিব পৰা নাই।
“এই বিষয়ে মোৰ একো ক’ব লগা নাই, আপোনালোকে নিজ চকুৰে দেখিছে যে এই কেলংকাৰিত মাননীয় মন্ত্ৰী (প্ৰাক্তন মন্ত্ৰী) জড়িত, চৰকাৰে তেওঁক সমৰ্থন কৰি আছে। মই নাজানো কিয় চৰকাৰে তেওঁৰ পক্ষ লৈছে। আৰু এই বাবেই আৰক্ষীয়েও একো কৰিব পৰা নাই।” সংবাদ মাধ্যমৰ আগত কংগ্ৰেছ সভাপতি শিৱকুমাৰে কয়।
ইফালে যৌন কেলেংকাৰিটোত জড়িত থকা মহিলাগৰাকীৰ পৰিয়ালে পুনৰ এই ঘটনাটোক লৈ কংগ্ৰেছ নেতা শিৱকুমাৰে ‘লেতেৰা ৰাজনীতি’ কৰাৰ অভিযোগ উত্থাপন কৰিছে।





