হালাল মাংস আৰু মছজিদত আজান বিতৰ্কৰ পিছত এইবাৰ কৰ্ণাটকত সৃষ্টি হৈছে ‘ফল-মূল ব্যৱসায়ত জিহাদ’ তথা ‘থু জিহাদ’ প্ৰসঙ্গ।
ৰাজ্যখনত এইবাৰ হিন্দুত্ববাদী সংগঠনে ফল-মূলৰ ব্যৱসায়ত মুছলমানৰ একচেটিয়া অধিকাৰৰ সমাপ্তি দাবী কৰিছে।
কৰ্ণাটকৰ হিন্দু জনজাগ্ৰুতি সমিতি নামৰ হিন্দুত্ববাদী সংগঠনৰ সমন্বয়ক চান্দ্ৰু মোগাৰে টুইটাৰযোগে হিন্দু বিক্ৰেতাসকলৰ পৰা ফল ক্ৰয় কৰিবলৈ হিন্দুসকলক আহ্বান জনায় আৰু দাবী কৰে যে বেছিভাগ ফলৰ ব্যৱসায় মুছলমানসকলে কৰে।
“মুছলমানসকলৰ ফলৰ ব্যৱসায়ৰ ওপৰত একচেটিয়া অধিকাৰ আছে। আমি দেখিছো যে তেওঁলোকে ফল আৰু ব্ৰেড বিক্ৰী কৰাৰ পূৰ্বে এই সামগ্ৰী সমূহত থুও পেলাইছে।”- চান্দ্ৰু মোগাৰে কয়।
তেওঁ লগতে দাবী কৰে যে এই মুছলমান ব্যৱসায়ীবোৰে “থুৰ জিহাদ” কৰি আছে।
“মই সকলো হিন্দুক ফলৰ ব্যৱসায়ত মুছলমানসকলৰ একচেটিয়া অধিকাৰ সমাপ্ত কৰাত সহায় কৰিবলৈ অনুৰোধ জনাইছো। মই তেওঁলোকক কেৱল হিন্দু বিক্ৰেতাৰ পৰা ফল ক্ৰয় কৰিবলৈও অনুৰোধ জনাইছো।”- মোগাৰে কয়।
আন এগৰাকী হিন্দুত্ববাদী নেতা প্ৰশান্ত সম্বৰ্গীয়েও মুছলমান ফল বিক্ৰেতাসকলক বৰ্জন কৰাৰ দাবী জনাইছে।
“কঠোৰ পৰিশ্ৰম হিন্দু কৃষকসকলে কৰে আৰু ইয়াৰ লাভালাভ মধ্যৱৰ্তী মুছলমান বিক্ৰেতাই গ্ৰহণ কৰে। আমি এই ব্যৱসায় চক্ৰৰ ওপৰত গৱেষণা কৰিছো আৰু বুজি পাইছো যে হিন্দু কৃষকসকল অসংগঠিত নিৰ্দিষ্ট গোটটোৰ দয়াত বৰ্তি আছে। ব্যৱসায়ত এই মধ্যৱৰ্তী গোটটো আঁতৰাবলৈ আমি এটা অভিযান সৃষ্টি কৰিছো।”- প্ৰসন্ন সম্বৰ্গীয়ে কয়।
উল্লেখ্য যে শেহতীয়াকৈ কৰ্ণাটকত বৃদ্ধি পাইছে হিন্দুত্ববাদী সংগঠনৰ কাৰ্যকলাপ। দেশখনত হালাল মাংসৰ বিতৰ্কৰ সৃষ্টি কৰি হিন্দুত্ববাদী সংগঠনসমূহে এক সাম্প্ৰদায়িক বাতাৱৰণ সৃষ্টি কৰিছে।
সমান্তৰালভাৱে ৰাজ্যখনত মছজিদত আজানৰ সময়ত লাউডস্পীকাৰ ব্যৱহাৰৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিবলৈও দাবী জনাইছে এই হিন্দুত্ববাদী সংগঠন সমূহে।