অসুস্থ বতাহ! মেট্ৰ’ চিটিত প্ৰথম মৃত্যু; দেশজুৰি H3N2 ভাইৰাছৰ সংক্ৰমণ

H3N2 ভাইৰাছৰ ফলত এজন বৃদ্ধ লোকৰ মৃত্যু ঘটিছে। কৰ্ণাটকৰ হাছানত H3N2 ভাইৰাছৰ ফলত এজন ৮২ বছৰীয়া বৃদ্ধৰ মৃত্যু হয়। ইয়াৰ ফলস্বৰূপে, সমগ্ৰ দেশতে নতুন আতংক বিয়পি পৰিছে। এইটো দেশৰ প্ৰথম H3N2-ত মৃত্যু।

কৰ্ণাটকৰ স্বাস্থ্য বিভাগৰ সূত্ৰ অনুসৰি, হীৰা গৌড়াক ২৪ ফেব্ৰুৱাৰীত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। ১ মাৰ্চত তেওঁৰ মৃত্যু হয়। চিকিৎসকসকলে জনায় যে বৃদ্ধ জনৰ শৰীৰত H3N2 ভাইৰাছটো পোৱা গৈছে। তেওঁ ‘ডায়েবেটিচ’ আৰু উচ্চ ৰক্তচাপতো ভুগি আছিল।

কোভিড সদৃশ লক্ষণ! ঘৰে ঘৰে চৰ্দি-কাহ বিয়পি পৰিছে! ফ্লু’ৰ সংক্ৰমণৰ ফলত হাহাকাৰ অৱস্থা সাধাৰণ নাগৰিকৰ। কেন্দ্ৰই ইতিমধ্যে ফ্লুৰ বিৰুদ্ধে সুৰক্ষা থকাৰ বাবে কেইবাটাও পৰামৰ্শ জাৰি কৰিছে।

লগতে পঢ়ক: নিৰ্বাচনৰ আগতে উৎকোচ! কৰ্ণাটকত বিজেপি বিধায়কে উপহাৰ দিয়া শাৰী জ্বলাই প্ৰতিবাদ

যোৱা ২-৩ মাহ ধৰি ভাৰতৰ বিভিন্ন প্ৰান্তত জ্বৰ, চৰ্দি আৰু কাহৰ ঘটনা বৃদ্ধি পাই আহিছে। কেন্দ্ৰই ফ্লুৰ পৰা নিজকে সুৰক্ষিত কৰিবলৈ কি কৰিব লাগে তাৰ নিৰ্দেশনা উলিয়াইছে। ফ্লুৰো কোভিডৰ দৰে একে লক্ষণ আছে।

ইনফ্লুৱেঞ্জা A চাব টাইপ H3N2-ৰ ফলত ফ্লু দ্ৰুতগতিত বিয়পি আছে, যি অন্যান্য ‘চাব টাইপ’ৰ তুলনাত যোৱা দুই-তিনি মাহত হাস্পাতালত ভৰ্তি হোৱাৰ ৰোগীৰ সংখ্যাও অধিক।

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে (ICMR) কৈছে যে ইনফ্লুৱেঞ্জা A চাব টাইপ H3N2 ভাইৰাছৰ ফলত ফ্লুৰ ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। H3N2-য়ে যোৱা দুই-তিনি মাহত আধিপত্য দেখুৱাইছে, যাৰ ফলত ই আন চাব টাইপতকৈ অধিক সংক্ৰামক হৈ পৰিছে। এই কাৰণত চিকিৎসালয়ত ভৰ্তিৰ হাৰো বাঢ়িছে।

লগতে পঢ়ক:বৰ্তমান বিশ্বৰ ধনী ব্যক্তিৰ তালিকাৰ কিমান নম্বৰত গৌতম আদানি; কি খৱৰ বিনোদ আদানিৰ?

ইণ্ডিয়ান মেডিকেল এছ’চিয়েচন (আই.এম.এ.)ৰ মতে যদি এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হয় তেন্তে সাধাৰণতে তিনি দিনৰ বাবে জ্বৰ হয়। কিন্তু কাহ প্ৰায় তিনি সপ্তাহ ধৰি থাকিব পাৰে। একে সময়তে, সাধাৰণ ৰাইজক চিকিৎসকৰ পৰামৰ্শ অবিহনে ‘এণ্টিবায়টিক’ গ্ৰহণ নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে। ১৫ ৰ পৰা ৫০ বছৰ বয়সৰ লোকসকল এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে। জ্বৰৰ সৈতে শ্বাসতন্ত্ৰৰ সংক্ৰমণো এই ভাইৰাছৰ দ্বাৰা হয়। আইএমএয়ে জনাইছে যে ই কেৱল এণ্টিবায়টিক নহয়, লক্ষণভিত্তিক চিকিৎসাৰো পৰামৰ্শ দিছে।

আইচিএমআৰে নিজকে সংক্ৰমণৰ পৰা সুৰক্ষিত কৰিবলৈ কি কৰিব লাগে তাৰ বিতং নিৰ্দেশনা প্ৰস্তুত কৰিছে। ইয়াৰ ভিতৰত আছে চাবোন আৰু পানীৰে নিয়মীয়াকৈ হাত ধোৱা, মাস্ক পিন্ধা আৰু ভিৰ পৰিহাৰ কৰা। জ্বৰ আৰু শৰীৰৰ বিষৰ ক্ষেত্ৰত আইচিএমআৰে পেৰাচিটামল ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়ে। ৰাজহুৱাকৈ থু নেপেলাবলৈ কোৱা হৈছে।নিৰ্দেশনাত লগতে হেণ্ডচেক কৰিবলৈও মানা কৰা হৈছে।

লগতে পঢ়ক: জাৰ্মানীৰ গীৰ্জাত বন্দুকধাৰীৰ আক্ৰমণত নিহত কমেও ৭ জন; আন কেইবাজনো আহত

আইচিএমআৰে কৈছে যে এণ্টিবায়টিক আৰু অন্যান্য ঔষধ এজন অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ লোৱাৰ পিছতহে গ্ৰহণ কৰিব লাগে।