• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home মনোৰঞ্জন চলচ্চিত্ৰ

বিভেদৰ বীজ সিঁচা বুলি অভিযোগ উঠা কাশ্মীৰ ফাইলছলৈ আগবঢ়োৱা হৈছে ৰাষ্ট্ৰীয় একতা পুৰস্কাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 27, 2023 5:29 pm
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ চৰ্চাত বিবেক অগ্নিহোত্ৰীৰ চিনেমা কাশ্মীৰ ফাইলছ৷ মুক্তিৰ পাছতেই বিতৰ্কৰ আৱেষ্টনিত সোমাই পৰা এই কাশ্মীৰ ফাইলছে মুক্তি লাভ কৰাৰ পাছতেই দেশত সাম্প্ৰদায়িক মেৰুকৰণৰ দ্বাৰা হিন্দু মুছলমানৰ মাজত প্ৰত্যক্ষ বিভেদৰ সৃষ্টি কৰাৰ অভিযোগ উত্থাপিত হৈছিল৷ কাশ্মীৰ ফাইলছৰ প্ৰচাৰত দেশজুৰি নামি পৰিছিল গেৰুৱা বাহিনী৷ পিছ পৰি ৰোৱা নাছিল অসমৰ গেৰুৱা শিবিৰো৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেবিনেট সহিতে গৈছিল কাশ্মীৰ ফাইলছ চাবলৈ৷ 

মণিপুৰৰ মহিলাৰ নিৰ্যাতনৰ বেলিকা মৌন হৈ ৰোৱা, জোণমনি ৰাভাৰ ৰহস্যজনক মৃত্যুক লৈ প্ৰশ্ন নকৰা, অথবা বিজেপিৰে নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যা সন্দৰ্ভত মাত মাতিবলৈ সময় নোহোৱা অসমৰে বিজেপিৰ নেত্ৰী আঙুৰলতা ডেকাইয়ো অৱশ্যে কাশ্মীৰ ফাইলছ চাই হুকহুকাই কান্দিছিল৷  

Apply Now

অৱশ্যে দেশৰ সংখ্যালঘু সম্প্ৰদায়ৰ গৰিষ্ঠ সংখ্যকেই বিৰোধিতা কৰিছিল এইখন তথাকথিত চিনেমাৰ৷ বিভেদৰ বীজ সিঁচা বুলি অভিযোগ উঠা কাশ্মীৰ ফাইলছলৈ আগবঢ়োৱা হৈছে ৰাষ্ট্ৰীয় একতা পুৰস্কাৰ৷

উল্লেখযোগ্য যে ২০১৪ চনৰ পূৰ্বে কাশ্মীৰি পণ্ডিতৰ পুনঃসংস্থাপনৰ দাবীৰে জোৰদাৰ ৰাজনৈতিক প্ৰচাৰ চলাইছিল নৰেন্দ্ৰ মোদীয়ে৷ কিন্তু এতিয়া প্ৰশ্ন উত্থাপিত হৈছে প্ৰধানমন্ত্ৰীৰ বিৰূদ্ধে, শাসনত অধিষ্ঠিত হোৱাৰ পাছত কিমানজন কাশ্মীৰি পণ্ডিতক নিজ ঘৰলৈ উভটাই নি সংস্থাপিত কৰিলে প্ৰধানমন্ত্ৰীয়ে? নে সেয়াও আছিল নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী ঝুমলাহে মাত্ৰ! কিয়নো মোদীয়ে শাসনভাৰ লোৱাৰ পাছতো কাশ্মীৰি পণ্ডিতে জীৱনৰ সুৰক্ষা বিচাৰি কৰিব লগীয়া হৈছিল আন্দোলন৷ 

সেইসকল কাশ্মীৰি পণ্ডিতৰ কাহিনীকে উপজীৱ্য হিচাপে লৈ বিবেক অগ্নিহোত্ৰীয়ে নিৰ্মাণ কৰিছিল কাশ্মীৰ ফাইলছ। বিবেক অগ্নিহোত্ৰী, যি ২০১৪ চনৰ পূৰ্বে নিৰ্মাণ কৰিছিল অশ্লীল চিনেমা, তেওঁ ১৪ৰ পাছত মাৰিছিল ইউটাৰ্ণ৷ প্ৰগতিশীল বিবেকৰ বিবেক জাগ্ৰত হৈ তেওঁ শাসকপক্ষক খুচ ৰাখিবলৈকে যেন পিন্ধি লৈছিল হিন্দুত্ববাদৰ চোলা৷ সৌ সিদিনা মুছলমানৰ টুপি পিন্ধি সামাজিক মাধ্যমত নিজকে ধৰ্মনিৰপেক্ষ সজোৱা বিবেকৰ যেন ২০১৪ৰ পাছত হ’ল বিবেক দংশন৷ হেটষ্টৰিৰ দৰে যৌনগন্ধী চিনেমাৰ নিৰ্মাতা বিবেকে নিৰ্মাণ কৰি ওলিয়ালে কাশ্মীৰ ফাইলছ৷ প্ৰচাৰত নামিল বিজেপি৷ অৱশেষত বিবেক অগ্নিহোত্ৰীৰ কাশ্মীৰ ফাইলছে লাভ কৰিলে ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটা৷ 

এতিয়া প্ৰশ্ন উত্থাপিত হয়, এই দেশত নেতাৰ উচ্চিষ্টভোগী নিৰ্মাতাইহে বৰপীড়া লাভ কৰে নেকি অমৃত কালৰ ভাৰতত? সচাই দেশৰ একতাত একবিন্দুমানো অৱদান আছেনে কাশ্মীৰ ফাইলছৰ দৰে চিনেমাৰ? নে চিনেমা আৰু ক্ৰিকেটক ধৰ্মৰ দৰে পালন কৰা এই দেশত অভাৱ হৈছে ৰাষ্ট্ৰীয় একতাক শক্তিশালী কৰিব পৰা চিনেমা নিৰ্মাতাৰ?

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd