• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাশ্মীৰক লৈ সিদ্ধান্ত স্বৈৰাচাৰী, গণতন্ত্ৰৰ পৰিপন্থী আৰু ঐতিহাসিক ভুল

গুৱাহাটীত সংবাদমেলত মন্তব্য অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 6, 2019 5:39 pm
Tarun Gogoi press conference Kashmir issue: Former Assam CM Gogoi says, Centre's decision "autocratic, anti-democracy and historical blunder''

সংবাদমেলত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ। ৩ আগষ্টত দিচপুৰস্থিত মিনিষ্টাৰ্ছ

5.7k
VIEWS
Share on FacebookShare on Twitter

‘কালি অমিত শ্বাহে কাশ্মীৰৰ পৰা ৩৭০ নং অনুচ্ছেদ কৰ্তন কৰিলে আৰু ৰাজ্যখন দুভাগত বিভক্ত কৰি দুখন কেন্দ্ৰীয় শাসিত অঞ্চল ঘোষণা কৰিলে। সেইটোক বিজেপিৰ নেতাসকলে ঐতিহাসিক সিদ্ধান্ত বুলি ক’ব বিচাৰিছে যদিও মই কওঁ এইটো এটা ঐতিহাসিক ভুল। এইটো গণতন্ত্ৰৰ পৰিপন্থী আৰু স্বৈৰাচাৰী।‘ মঙলবাৰে দিচপুৰস্থিত মিনিষ্টাৰ্চ কলনিত সম্বোধন কৰা এক সংবাদমেলত এই মত অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ।

গগৈৰ মতে, এই সিদ্ধান্তৰ জৰিয়তে বিজেপি চৰকাৰে কাশ্মীৰৰ সমস্যা সমাধান কৰিব বিচাৰিছে যদিও এই সিদ্ধান্তৰ পাছত সমস্যা সমাধান অতি কঠিনহে হ’ব।

কিছু দিন পাছতেই ইয়াৰ প্ৰকৃত ছবিখন পৰিস্ফূট হ’ব বুলিও সংবাদমেলত কয় প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে।

‘কাশ্মীৰৰ মূল সমস্যাটো সমাধান নকৰি ৰাইজৰ মন ডাইভাৰ্ট কৰিবৰ কাৰণে চৰকাৰখনে এই কাম কৰিছে। মূল সমস্যা সমাধানত কৃতকাৰ্য্য হোৱা নাই বুলি এইটোৱেই প্ৰমাণ কৰিছে।‘, গগৈয়ে এইদৰে কয়।

ইপিনে, কাশ্মীৰৰ সমস্যা সমাধান হোৱাটো সকলোৱে বিচাৰে বুলি মন্তব্য কৰি গগৈয়ে লগতে কয় ‘কোনো সমস্যাই আৰক্ষী বা সেনা বাহিনীৰ দ্বাৰাই সমাধান নহয়। আজি কি সৃষ্টি হৈছে? ৩০ হাজাৰতকৈ অধিক সেনা-বাহিনী পঠিয়াইছে। প্ৰাক্তন মুখ্য মন্ত্ৰীসকলক গৃহবন্দী কৰিছে। এইবিলাকে কাশ্মীৰত কি অৱস্থাৰ সৃষ্টি কৰিছে?’

তদুপৰি, ‘জৰুৰীকালীন অৱস্থাৰ বাবে বিজেপিয়ে ইন্দিৰা গান্ধীক দোষাৰোপ কৰে’ এইদৰে উল্লেখ কৰি গগৈৰ প্ৰশ্ন ‘আজি কাশ্মীৰৰ নেতাসকলৰ কি অৱস্থা হৈছে?’

কেন্দ্ৰীয় চৰকাৰে জম্মু-কাশ্মীৰৰ নেতাসকলক বিশ্বাসত লোৱাৰ পৰিৱৰ্তে বা তেওঁলোকৰ সৈতে আলোচনাত মিলিত হোৱাৰ পৰিৱৰ্তে জেইলত থৈ সামৰিক শক্তিৰ দ্বাৰা শাসন কৰিব বিচাৰিছে বুলি মন্তব্য কৰি গগৈয়ে কয় ‘এইক্ষেত্ৰত বিজেপি চৰকাৰ কৃতকাৰ্য্য হোৱাৰ আশা ক্ষীণ দেখিছো।‘

আনহাতে, কালি এই সিদ্ধান্তৰ পাছত উত্তৰ-পূববাসীৰ মাজত সন্দেহৰ অৱতাৰণা হোৱা বুলিও গগৈয়ে সংবাদমেলত কয়।

‘উত্তৰ-পূবৰ ৰাজ্যসমূহতো এক সন্দেহৰ সৃষ্টি হৈছে। উত্তৰ-পূবৰ কাৰণে ই এক অশুভ সংকেত। এতিয়া আমাৰ ইয়াত ষষ্ঠ অনুসূচী আছে, বেলেগ ৰাজ্যত নাই। কাইলৈ যদি কেন্দ্ৰীয় চৰকাৰে সেইটোও উঠাই দিয়ে তেন্তে কি হ’ব?’, গগৈয়ে এইদৰে কয়।

গগৈয়ে লগতে কয় ‘আমি ভাৰতীয় নাগৰিক হ’লেও মেঘালয়, মিজোৰাম, নাগালেণ্ড, মণিপুৰত মাটি কিনিব নোৱাৰো, এতিয়া তেওঁলোকে জম্মু-কাশ্মীৰত বেলেগ ৰাজ্যৰ লোকে মাটি কিনিব পাৰিব বুলি ক’লে। ইয়াতো যে নহ’ব তাৰ কি মানে আছে?’

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd